বাংলাদেশত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে সীমান্তত বৃদ্ধি পাইছে অবৈধ অনুপ্ৰবেশৰ তৎপৰতা । অসম, ত্ৰিপুৰা আৰু মেঘালয় হৈ ভাৰতত প্ৰবেশৰ বাবে আপ্ৰান চেষ্টা চলাই আছে মুছলমান বাংলাদেশী নাগৰিকে । অবৈধ ভাবে ভাৰতত প্ৰবেশৰ চেষ্টা চলোৱা এনে কেইবাজনো বাংলাদেশী পুৰুষ মহিলাক শেহতীয়াকৈ আটক কৰিবলৈ সক্ষম হৈছে সীমান্ত সুৰক্ষা বাহিনী । অকল বাংলাদেশী নাগৰিকৰ প্ৰৱেশেই নহয়, বিগত এটা সপ্তাহৰ ভিতৰত সীমান্তৰে চোৰাং কাৰবাৰৰ চেষ্টাও প্ৰতিহত কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে।
বাংলাদেশত হাচিনা চৰকাৰ উৎখাত হোৱাৰে পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক লৈ দুঃচিন্তা বৃদ্ধি পাইছে । বাংলাদেশৰ নতুন শাসন তন্ত্ৰ তথা এই শাসন তন্ত্ৰৰ পৃষ্ঠভূমিত থকা লোক বা দল-সংগঠনসমূহ স্পষ্ট ৰূপত ভাৰত বিৰোধী । এক কথাত ক’বলৈ গ’লে তীব্ৰ ভাৰত বিদ্বেষী শাসন তন্ত্ৰৰ হাতত বৰ্তমানৰ বাংলাদেশ । উত্তৰ-পূৰ্বাঞ্চলক অস্থিৰ কৰি, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰাৰ গভীৰ যড়যন্ত্ৰ ৰচিত হৈ আহিছে বাংলাদেশৰ ভূমিত । শেহতীয়াকৈ সেই দেশত স্থাপিত হ’ল এনে এখন চৰকাৰ বা শাসনতন্ত্ৰ, যি স্পষ্ট ৰূপত প্ৰচণ্ড ভাৰত বিৰোধী। এনে এক প্ৰেক্ষাপটত যোৱা কেইটামান দিনৰ ভিতৰত ভাৰত-বাংলা সীমান্তৰে অবৈধ অনুপ্ৰবেশৰ বাবে চলা চেষ্টা বিচাৰ্যৰ বিষয় হৈ পৰিছে ।
প্ৰসংগঃ অসম
প্ৰথমেই আহিছো, অসমৰ প্ৰসংগলৈ । অলপতে, নামনি অসমৰ মানকাচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলী হুছেইন নামৰ এজন যুৱকক।
এই আলী হুছেইন এজন দালাল , যিয়ে মুছলমান বাংলাদেশীক অবৈধ ভাবে সীমা পাৰ কৰাই আনি, ভুৱা নথি পত্ৰৰে তেওঁলোকক ভাৰতীয় বুলি প্ৰতিপন্ন কৰে । এই আলী হুছেইন এতিয়া অসম আৰক্ষীৰ জিম্মাত । আৰক্ষীৰ হাতত ধৰা পৰা এগৰাকী বাংলাদেশী মহিলাৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙা ঘৰত সোমাল আলী হুছেইন। উক্ত বাংলাদেশী মহিলা গৰাকীক আটক কৰিছিল ধুবুৰী আৰক্ষীয়ে । ভাৰত বাংলা সীমান্তত বিস্তাৰিত হৈ থকা ব্ৰক্ষ্মপুত্ৰৰ চৰে চৰে আত্মগোপন কৰি ভাৰতত সোমাইছিল মহিলাগৰাকী । লগত আছিল ১৬ জনীয়া বাংলাদেশী নাগৰিকৰ এটা দল । মহিলাগৰাকী আৰক্ষীৰ হাতত ধৰা পৰিল যদিও দলটোৰ বাকী কেইজনৰ শুংসূত্ৰ এতিয়া নাই । এটাই ইতিবাচক দিশ, এই মহিলা গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতে ধৰা পৰিল আলী হুছেইন নামৰ দালালজন ।
ধুবুৰীৰ সীমান্তত এনে গতি বিধিৰ মাজতে বৰাক উপত্যকাৰ কৰিমগঞ্জ সীমান্তটো অবৈধ অনুপ্ৰবেশৰ এক চেষ্টা ব্যৰ্থ কৰে অসম আৰক্ষীয়ে । ভাৰতত প্ৰবেশৰ চেষ্টা চলোৱা চাৰি জনীয়া মুছলমান বাংলাদেশীৰ এটা দলক ঠেলি বাংলাদেশলৈ ওভতাই পঠায় অসম আৰক্ষীয়ে ।
প্ৰসংগঃ মেঘালয়
এই কেইদিনত মেঘালয়ো অবৈধ অনুপ্ৰবেশকাৰীৰ টাৰ্গেটত । যোৱা ১২ আগষ্টত বি এচ এফ আৰু ৰাজ্য আৰক্ষীয়ে মিলি সাতজন বাংলাদেশী নাগৰিকক মেঘালয়ত কৰায়ত্ত কৰে । লগতে গ্ৰেপ্তাৰ কৰে এই বাংলাদেশী কেইজনক ভাৰতলৈ অহাত সহায় কৰা দুজন ভাৰতীয় দালাল । অকল বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশেই নহয়, মেঘালয়ত BSF-এ শেহতীয়াকৈ স্মাগলিঙৰ এক চেষ্টাও প্ৰতিহত কৰিছে । প্ৰায় ৫৮ লাখ টকা মূল্যৰ চোৰাং সামগ্ৰী সহ এখন নাও জব্দ কৰিছে BSF- এ ।
প্ৰসংগঃ ত্ৰিপুৰা
ত্ৰিপুৰাত সাম্প্ৰতিক সময়ৰ এটা বৃহৎ অনুপ্ৰবেশৰ চেষ্টা ব্যৰ্থ কৰে ত্ৰিপুৰা আৰক্ষীয়ে । ১৯ আগষ্টত ভাৰতত অবৈধ ভাবে প্ৰৱেশ কৰা ১৪ গৰাকী বাংলাদেশী নাগৰিক আৰু ৫ জন ভাৰতীয় দালালক ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা কৰায়ত্ব কৰে ত্ৰিপুৰা আৰক্ষীয়ে । লগতে জব্দ কৰে মাৰ্কিন ডলাৰ ও । ধৃত বাংলাদেশী কেইগৰাকীৰ ভিতৰত সাত গৰাকী আছিল কিন্নৰ ।
উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন স্থানৰ পৰা এটা সপ্তাহতকৈও কম সময়ৰ ভিতৰত এনেদৰে অবৈধ অনুপ্ৰবেশৰ কেবাটাও চেষ্টা ব্যৰ্থ কৰে নিৰাপত্তাৰক্ষীয়ে । বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত সীমান্তত যে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে তাৰেই প্ৰমান এই ঘটনাৰাজি । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰক্ষী আৰু BSF সষ্টম হৈ থকা বাবেই এইদৰে অবৈধ অনুপ্ৰবেশৰ চেষ্টা ব্যৰ্থ কৰিব পৰা গ’ল । আনহাতে, আৰক্ষী আৰু BSF ক সঠিক সহযোগিতা আগবঢ়াই আহিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা বাহিনীয়েও । NF Railway ৰ তথ্য মতে, ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ১৫ আগষ্টলৈ Railway Protection Force-এ ৰেলেৰে ভ্ৰমণৰ চেষ্টা চলোৱা ২২৫ গৰাকী অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশী নাগৰিক আৰু ১৬ জন ভাৰতীয় দালালক কৰায়ত্ব কৰিছে । তাৎপৰ্যপূৰ্ণ ভাবে, ইয়াৰে ২২ গৰাকী কৰায়ত্ব হৈছে বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ পিছৰ সময়চোৱাত।
নিৰাপত্তাৰক্ষীৰ তৎপৰতাত অবৈধ অনুপ্ৰবেশৰ কিছু চেষ্টা ব্যৰ্থ হ’লেও পৰিস্থিতি বহু স্পৰ্শকাতৰ হৈয়ে আছে । উত্তৰ-পূব ভাৰতত অস্থিৰতা সৃষ্টি কৰাৰ বাবে বাংলাদেশৰ ভূমিত অহৰহ চলি আছে ষড়যন্ত্ৰ। এনে চক্ৰান্তত পৰা উত্তৰ-পূৰ্বাঞ্চলবাসীক সুৰক্ষা কবচ দিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰৰে কৰণীয় আছে বহুত ।