
বৃদ্ধ আৰ এছ এছ স্বয়ংসেৱক নাৰায়ণ ভাউৰাৱে যুৱকজনক নিজৰ জীৱন দি আনৰ জীৱন ৰক্ষা কৰি কয়- “মই মোৰ জীৱন অতিবাহিত কৰিছো‘ এতিয়া তেওঁক ঠাই দিয়ক বুলি আহ্বান জনালে চিকিৎসকক।

আৰ এছ এছৰ সংস্কাৰ কেতিয়াও লুকুৱাব বা দমন কৰিব নোৱাৰি। পৰিস্থিতি যিয়েই নহওঁক কিয়, প্ৰতিজন স্বয়ংসেৱকে তেওঁৰ দক্ষ অভিব্যক্তিৰ জৰিয়তে এক উদাহৰণ প্ৰকাশ পায়। আনকি সম্প্রতি ভয়ংকৰ মহামাৰী চাৰিওফালে সংহাৰী ৰূপ লোৱাৰ সময়তো স্বেচ্ছাসেৱকসকলে সাধাৰণ মানুহক নিৰন্তৰ সহায় কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত দৈনিক প্ৰকাশ পায় আহিছে।
এই ঐতিহাসিক বাতৰি নাগপুৰৰ। আৰ এছ এছৰ এজন ৮৫ বছৰীয়া স্বেচ্ছাসেৱক নাৰায়ণ ভাউৰাও দাভদকাৰে নিজেই কৰোনাত ভুগি থকা এজন যুৱকক তেওঁৰ চিকিৎসালয়ৰ বিচনা খন এৰি দিছিল।
সকলোৱে জানে যে, কৰোনাৰ দ্বিতীয় ঢৌৱে এনে এক আলোড়ন সৃষ্টি কৰিছে যে চিকিৎসালয়বোৰত বিচনাৰ পৰা অক্সিজেনলৈ অভাৱ হোৱা পৰিলক্ষিত হৈছে । স্বয়ংসেৱ্ক নাৰায়ণ ভাউৰাওৰ দ্বাৰা কৰা ত্যাগ সচাকৈয়ে প্ৰশংসনীয়। উল্লেখ্য,
স্বয়ংসেৱক নাৰায়ণ ভাউৰাও কৰোনা ভাইৰাছত গুৰুতৰভাৱে অসুস্থ আছিল। তেওঁৰ অক্সিজেনৰ স্তৰ ৬০ত উপনীত হৈছিল। তেওঁৰ উশাহ লোৱাত যথেষ্ট অসুবিধা হৈছিল আৰু চিকিৎসকসকলে কৈছিল যে তেওঁ ঘৰলৈ যোৱাৰ অৱস্থাত আৰু নাছিল , কিন্তু নাৰায়ণ ভাউৰাৱে যুৱকজনক তেওঁৰ বিচনাখন এৰি দি ঘৰলৈ উভতি আহিছিল। কিন্ত স্বয়ংসেৱক নাৰায়ণ ভাউৰাওৰ ঘৰলৈ উভতি অহাৰ ৩ দিন পিছতে মৃত্যু হয় । মনকৰিবলগীয়া কথা যে,
স্বয়ংসেৱক নাৰায়ণ ভাউৰাও কৰনাত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ইন্দিৰা গান্ধী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছিল ।আৰু সেই চিকিৎসালয় খনতে , এগৰাকী মহিলাই তেওঁৰ স্বামীক ভৰ্তি কৰিবলৈ চিকিৎসকৰ ওচৰত অনুৰোধ কৰিছিল।
মহিলা গৰাকীৰ স্বামীও কৰনাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ আছিল আৰু যেতিয়া স্বয়ংসেৱক নাৰায়ণ ভাউৰাওয়ে মহিলাগৰাকীক ইমান সংকটজনক অৱস্থাত অনুৰোধ কৰা দেখিছিল, তেতিয়া তেওঁ সেই্য়া চাই থাকিব পৰা নাছিল । তেও কৈছিল যে “মই মোৰ জীৱন অতিবাহিত কৰিছো। যদি তেওঁৰ স্বামীয়ে বিচনা পাবলৈ সক্ষম নহয়, তেন্তে তেওঁৰ সন্তান অনাথ হৈ পৰিব। মই মোৰ জীৱনৰ ৮৫ টা বছৰ পাৰ কৰিলোঁ, আৰু এইবুলি কৈয়ে স্বয়ংসেৱক নাৰায়ণ ভাউৰাওয়ে চিকিৎসালয় পৰিচালনাক তেওৰ নিজৰ বিছনাখন মহিলা গৰাকীৰ স্বামীক দিবলৈ অনুৰোধ জনালে । উল্লেখ্য,
নাৰায়ণ ভাউৰাৱে আৰ এছ এছত যোগদান কৰি বহু দিনধৰি সংঘৰ কাম নিস্বাৰ্থ ভাৱে কৰি আহিছে । ভাউৰাৱে দ্বিতীয় সৰসংঘছালক এম এছ গোলৱালকাৰৰ সানিধ্য পাইছিল ।
এনে এগৰাকী জ্যেষ্ঠ আৰ এছ এছ ব্যক্তিত্বৰ সন্মুখত কাম কৰাৰ ফলাফল হৈছে যে তেওঁ মহিলাগৰাকীৰ স্বামীৰ জীৱনক তেওঁৰ জীৱনতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল আৰু সেই শিশুসকলৰ পিতৃক ৰক্ষা কৰিছিল। জানিব পৰা মতে স্বয়ংসেৱক নাৰায়ণ ভাউৰাৱে তেওঁৰ বিচনা দিয়া যুৱকজন এতিয়া সুস্থ হৈ উঠিছে।