বেংগালুৰুত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা আজিৰ পৰা অৰ্থ্যাৎ ২১ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ২৩ মাৰ্চলৈ বেংগালুৰুত তিনিদিনীয়াকৈ অনুষ্ঠিত হ”ব। প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা এই বৈঠক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্য পদ্ধতিত সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী এক বৈঠক । বেংগালুৰুৰ চান্নেনাহল্লীৰ জনসেৱা বিদ্যা কেন্দ্ৰ পৰিসৰত এইবাৰৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ”ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷ বৈঠকত পূৰ্বৰ বৰ্ষৰ সংঘ কাৰ্যৰ খতিয়ান লোৱাৰ উপৰি আগন্তুক বৰ্ষৰ বাবে যোজনা কার্যসূচী উপস্থাপন কৰা হ’ব ৷ লগতে উপৰোক্ত বিষয় সমূহৰ ওপৰত পৰ্যালোচনা আলোচনাৰ লগতে বিশেষ বিশেষ কামৰ বাবেও যোজনা কৰা হ’ ব। উল্লেখ্য, আগন্তুক বিজয়া দশমী (দশেৰা) ২০২৫ বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাৰ এশ বছৰ সম্পূৰ্ণ হব ৷ এই ক্ষেত্ৰত আগন্তুক বিজয়াদশমী (দশেৰা) ২০২৫ বৰ্ষৰ পৰা ২০২৬ বৰ্ষলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী বৰ্ষ হিচাপে গণ্য কৰা হ’ব। এই বৈঠকত শতবাৰ্ষিকী বৰ্ষৰ কামৰ পৰিসৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক শতবাৰ্ষিকী বৰ্ষৰ বাবে বিভিন্ন কাৰ্যসূচী, অনুষ্ঠান আৰু প্ৰচাৰৰ পৰিকল্পনা কৰা হ’ব। বৈঠকত দুটা ৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব বুলি অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ গৰাকীয়ে জানিবলৈ দিছে । একে সময়তে, সংঘৰ শাখাসমূহৰ দ্বাৰা প্ৰয়োজনীয় সামাজিক পৰিৱৰ্তনৰ কামকে ধৰি বিশেষকৈ পঞ্চ পৰিৱৰ্তনৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হ ‘ব বুলি আশা কৰা হৈছে। বৈঠকৰ কার্যসূচীত ‘হিন্দুত্ব জাগৰণকে ধৰি দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বিশ্লেষণ আৰু কৰিবলগীয়া কামৰ ওপৰত আলোচনাও অন্তৰ্ভুক্ত কৰা হৈছে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পুজনীয় সৰসংঘচালক ডাঃ মোহন ভাগৱত জী , মাননীয় সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসবালে জী আৰু সকলো সহ সৰকাৰ্যবাহ, অখিল ভাৰতীয় কাৰ্যকাৰিণীৰ সদস্য সকলৰ লগতে সংগঠনৰ অন্যান্য পদাধিকাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত প্ৰধানকৈ নিৰ্বাচিত প্ৰতিনিধি, প্ৰান্ত আৰু ক্ষেত্ৰ স্তৰৰ ১৪৮০ গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব। বৈঠকত সংঘ প্ৰেৰিত বিবিধ সংগঠনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ,মহামন্ত্ৰীৰ লগতে সংগঠন মন্ত্ৰী সকলেও অংশগ্ৰহণ কৰিব বুলি প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে একেটা বিবৃতিত জানিৱলৈ দিছে ৷ ইফালে, বেংগালুৰুত অনুষ্ঠিত অখিল ভাৰতীয় প্ৰতিনিধি সভাত উত্তৰ পূৰ্বাঞ্চল অৰ্থ্যাৎ অসম ক্ষেত্ৰ আৰু ক্ষেত্ৰত থকা অখিল ভাৰতীয় অধিকাৰী সহ পৰা ৪৬ গৰাকী কাৰ্যকৰ্তা আপেক্ষিত ৷ ইয়াৰ ভিতৰত উত্তৰ অসম প্ৰান্তৰ পৰা মুঠ ৩১ গৰাকী প্ৰতিনিধি আপেক্ষিত যদিও ২৯ গৰাকী কাৰ্যকৰ্তা বেংগালুৰুৰ প্ৰতিনিধি সভাত উপস্হিত হৈছে ৷



