
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এনে বহু কাহিনী আছে যিবোৰ স্বাধীনোত্তৰ ভাৰতীয় ইতিহাসবিদ সকলে জনমানসলৈ অনাৰ পৰা বিৰত থাকিল। ক’ৰবাত নহয় ক’ৰবাত হেৰাই গ’ল সেইবোৰ ঘটনা। স্বাধীনতাৰ কথা ক’লে সকলোৰে মনত আহে মাত্ৰ এটাই তাৰিখ, সেইয়া হল ১৯৪৭ চনৰ ১৫ আগষ্ট। কিন্তু আপুনি জানে নে এই দিনটোৰ চাৰিবছৰ পূৰ্বতেই ভাৰতৰে এক ভূখণ্ড স্বাধীন হৈছিল ব্ৰিটিছ ৰাজৰ কবলৰ পৰা? হয়, ১৯৪৩ চনৰ ৬ নবেম্বৰত নেতাজী সুভাষচন্দ্ৰ বসুয়ে ইংৰাজৰ শাসনৰ পৰা মুক্ত কৰিছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক। কিন্তু দুৰ্ভাগ্যজনক ভাবে সেই সময়ৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ নেতৃবৰ্গৰ উপৰি স্বাধীনতাৰ পিছৰ ইতিহাস বিদসকলে এই ঘটনাৰ কোনো উল্লেখ ক’তো কৰা নাই। আনকি, এই সাহসিক কাৰ্যৰ বাবে নেতাজীয়েও নাপালে প্ৰাপ্য সন্মান।
১৯৪৩ চনৰ ৬ নৱেম্বৰত আন্দামান-নিকোবৰ দ্বীপমালাক ইংৰাজৰ পৰা কাঢ়ি আনি পৰৱৰ্তী ২৯ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে দ্বীপপুঞ্জত ত্ৰিৰংগা উত্তোলন কৰিছিল নেতাজীয়ে ।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৪ শতিকা পূৰ্ব লৈ অৰ্থাৎ অষ্টম শতিকাৰ পৰা দ্বাদশলৈ চোলা বংশৰ শাসকৰ অধীনত আছিল। চোলা বংশৰ শাসকসকলে আন্দামান-নিকোবৰ দ্বীপপুঞ্জক যুদ্ধৰ বাবে নিজৰ নৌসেনাক প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰিছিল।
ষোড়শ শতিকাৰ আশে-পাশে পৰ্তুগীজসকল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। ইয়াৰ পিছত মাৰাঠাসকলে ১৭ শতিকাত এই দ্বীপত ভৰি দিছিল। তথ্য অনুসৰি মাৰাঠা শাসকসকলে আন্দামান-নিকোবৰ দ্বীপপুঞ্জক তেওঁলোকৰ জাহাজৰ বাবে অস্থায়ী সাগৰীয় ঘাটি হিচাপে গঢ়ি তুলিছিল। এই দ্বীপ গোটৰ পৰাই মাৰাঠা নৌসেনাই ব্ৰিটিছ আৰু পৰ্তুগীজসকলক কঠিন প্ৰত্যাহ্বান জনাইছিল। “সাগৰৰ শিৱাজী” নামেৰে পৰিচিত এই মাৰাঠা নৌসেনাই আন্দামান আৰু নিকোবৰ সকলো দ্বীপক ভাৰতৰ সৈতে সংযোগ কৰিছিল। তেতিয়াৰ পৰাই আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।
দেশত যেতিয়া দাসত্ব আৰম্ভ হয়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জও দাসত্বৰ কবলত পৰে।। ১৬০০ চনৰ আশে-পাশে বাণিজ্যৰ নামত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হোৱাৰ লগে লগে ইংৰাজে এই দেশখনক দাসত্বৰ দিশে ঠেলি দিবলৈ আৰম্ভ কৰে। ইংৰাজে সাগৰৰ পাৰত নিজৰ দখল শক্তিশালী কৰিবলৈ অভিযান আৰম্ভ কৰিলে আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জকো নিজৰ বশীভূত কৰি লয়। ১৭৫৫ চনত ডেনিছ লোক ইয়ালৈ আহি ১৭৫৬ চনৰ ভিতৰত ইয়াত নিজৰ উপনিবেশ স্থাপন কৰে। ইয়াৰ পিছত ১৭৮৯ চনত ইংৰাজ ইয়াত উপস্থিত হৈ ১৮৬৮ চনলৈকে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ দখল কৰে।
সমগ্ৰ দেশতে ইংৰাজে ভাৰতীয়ক অত্যাচাৰ কৰি আছিল। ইংৰাজে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছিল। দেশত ইংৰাজৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছিল। বিদ্ৰোহৰ বাবে এদল বিপ্লৱী মুকলিকৈ আগবাঢ়ি আহিবলৈ ধৰিলে।
বিদ্ৰোহ দমনৰ উদ্দেশ্যেই ১৮৯৬ চনত ব্ৰিটিছ চৰকাৰে ইয়াত এখন কাৰাগাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। চেলুলাৰ জেইল নামেৰে নিৰ্মাণ হৈ থকা এই কাৰাগাৰখনৰ নিৰ্মাণ কাৰ্য ১৯০৬ চনত সম্পূৰ্ণ হয়। এই কাৰাগাৰখন সাতটা ভাগত বিভক্ত হৈছিল। ইয়াত বিপ্লৱীসকলক বন্দী কৰি ৰখা হৈছিল। বীৰ সাৱৰকাৰ, পণ্ডিত পৰমানন্দ, উলহস্কাৰ দত্ত, বীৰেন্দ্ৰ কুমাৰ ঘোষ, পৃথ্বী সিং জাদ, পুলিন দাস, ত্ৰিলোক নাথ চক্ৰৱৰ্তী, মহাবীৰ সিংহৰ দৰে বহু মহান বিপ্লৱীয়ে ইয়াত কলা পানীৰ দৰে শাস্তি পাৰ কৰিছিল।
ব্ৰিটিছ দাসত্বৰ শিকলিত আবদ্ধ হৈ পৰা ভাৰত মাতাৰ প্ৰকৃত আৰু সাহসী পুত্ৰৰ মৰ্যাদা পাইছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে। ১৯৪৩ চনৰ ২১ অক্টোবৰত সুভাষ চন্দ্ৰ বসুজীয়ে আজাদ হিন্দ ফৌজৰ উচ্চতম সেনাধ্যক্ষ হিচাপে স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ গঠন কৰে। ১৯৪২ চনৰ ভিতৰত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। নেতাজীয়ে এছিয়াৰ বিভিন্ন দেশত বসতি স্থাপন কৰা ভাৰতীয়সকলৰ সহায়ত ‘আজাদ হিন্দ ফৌজ’ৰ গঠন কৰিছিল। আন্দামান দ্বীপপুঞ্জত এই আজাদ হিন্দ ফৌজেই যেন ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল।
জাপানী সেনাইও ১৯৪২ চনত ব্ৰিটিছৰ সৈতে যুঁজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ জাপানী সেনাৰ আগমন আজাদ হিন্দ ফৌজৰ বাবে জীৱন ৰক্ষাৰ দৰে আছিল। বহু সংঘাতৰ অন্তত ১৯৪২ চনৰ ২৩ মাৰ্চত জাপানী সেনাৰ সহযোগত আজাদ হিন্দ ফৌজে আন্দামান দ্বীপসমূহ ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰে।
জাপানীসকলৰ লগত নেতাজীৰ সুদৃঢ় সম্পৰ্ক আছিল। নেতাজীয়ে ১৯৪৩ চনৰ ২৫ অক্টোবৰত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। বিশ্বব্যাপী পৰিস্থিতি আৰু নেতাজী বসুৰ সৈতে গঢ় লৈ উঠা আন্তৰিক সম্পৰ্কৰ বাবে জাপানীসকলে ১৯৪৩ চনৰ ৬ নৱেম্বৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কমাণ্ড নেতাজীৰ অন্তৱৰ্তীকালীন চৰকাৰৰ হাতত অৰ্পণ কৰে। ইয়াৰ পিছত ১৯৪৩ চনৰ ৩০ ডিচেম্বৰৰ দিনটোও আহিল, যেতিয়া নেতাজীয়ে ‘স্বাধীন ভাৰত’ৰ এক গুৰুত্বপূৰ্ণ অংশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে।