দেশৰ নৱ প্ৰজন্মৰ মাজত স্বদেশ প্ৰেম জাগ্রত কৰাৰ লগতে স্বাধীনতাৰ সময়ত বন্দে মাতৰম শীর্ষক গীতে সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক প্রভাব বিস্তাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি সাম্প্রতিক সময়ত উক্ত গীতটো জনপ্রিয় কৰিবলৈ প্ৰজ্ঞা ফাউণ্ডেশনৰ উদ্যোগত ৰাজ্যখনত বন্দে মাতৰম শীর্ষক গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। এই মৰ্মে প্ৰজ্ঞা ফাউণ্ডেশন,বৰপেটা জিলাৰ উদ্যোগত আজি স্থানীয় তৰুণ ৰাম ফুকন হলত “বন্দে মাতৰম”গীতৰ ওপৰত দলীয় নৃত্য প্ৰতিযোগীতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণীতে প্ৰজ্ঞা ফাউণ্ডেশনৰ বৰপেটা জিলাৰ সভাপতি নৃপেন গায়ণে ভাৰতমাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।প্ৰতিযোগিতা শুভাৰম্ভ কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই।ভাষণ প্ৰসঙ্গত অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই কয় যে, নৃত্য প্ৰতিযোগিতা বহু স্হানত বিভিন্ন দিশৰ ওপৰত অনুষ্ঠিত হয়। কিন্তু বন্দে মাতৰমৰ নামৰ স্বদেশ প্ৰেমৰ গীতৰ ওপৰত নৃত্য প্ৰতিযোগিত অতিকে আদৰণীয়। উক্ত প্ৰতিযোগিতাই বন্দে মাতৰম গীতটো নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে গীতটো সৰ্বস্তৰৰ ৰাইজৰ মাজত আৰু অধিক জনপ্রিয় হোৱাত সহায় কৰিব। প্ৰজ্ঞা ফাউণ্ডেশনে নৃত্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত বন্দে মাতৰম গীতটো বাচনি কৰি লোৱাটো শলাবলগীয়া বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। উক্ত প্ৰতিযোগিতা খনত প্ৰথম স্থান লাভ কৰে বৰপেটাৰ দ্বীপজ্যোতি একাডেমীয়ে।দ্বিতীয় স্থান লাভ কৰে নৃত্বালয় ডাঞ্চ একাডেমী,হাউলী আৰু তৃতীয় স্থান দখল কৰে শংকৰী সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ,হাউলীয়ে।