বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বৰিয়া বিলত মুছলমান বেদখলকাৰীৰ গুণ্ডামি ৷
সত্ৰৰ বিলৰ মাটি বেদখল কৰি থলুৱা মৎস্য ব্যৱসায়ী যুৱকক হত্যাৰ ভাবুকি ৷
মুছলমান বেদখলকাৰীৰ ভয়ত এতিয়া বিললৈ যাবলৈ শংকাত ভূগিছে অসমীয়া মৎস্য ব্যৱসায়ী যুৱক ৷
বৰপেটা, ২৭ জুলাইঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই অসমীয়া যুৱকক কৰ্মসংস্কৃতি গঢ়ি তোলাৰ আহ্বান জনাইছে, তেনে সময়তে একাংশ মুছলমান বেদখলকাৰীৰ ভয়ত এতিয়া অসমীয়া যুৱকেই নিজ কৰ্ম এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপেটাৰ সুন্দৰীদিয়াত ৷
মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ বৰিয়া বিলটো ৰবীন শইকীয়া, দয়াময় দাস, সোণ বৰুৱা আৰু জিতু দাস নামৰ চাৰি যুৱকে প্ৰায় ১১ লাখ টকাত ডাকত লৈছিল ৷
ইতিমধ্যে ৰাজ্য চৰকাৰকো বিলৰ ৰাজহ আদায় দিছে সত্ৰ সমিতিয়ে ৷
পিচে সত্ৰৰ পৰা বিলতো ডাকত লোৱাৰ পিচৰপৰাই একাংশ মুছলমান বেদখলকাৰীয়ে দিনে নিশাই অসমীয়া যুৱককেইজনক ভয় ভাবুকি দিবলৈ আৰম্ভ কৰাৰ লগতে বিলটোত মাছ পোহা কাৰ্যত বিভিন্ন ধৰণে বাধা দি আহিছে বেদখলকাৰীয়ে ৷
পূৰ্বৰেপৰাই সত্ৰৰ বিলটো বেদখল কৰি সংকুচিত কৰি তোলা মুছলমান বেদখলকাৰীৰ ভয়ত এতিয়া বিলৰ ব্যৱসায় এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
বৰিয়া বিলৰ কাষত বেদখল কৰি বহি লোৱা মুছলমান বেদখলকাৰীয়ে বিলটোৰ মাটি বেদখল কৰাতে ক্ষান্ত নাথাকি বিলৰ মাটিত জাল পতা, বিলৰ পৰা মাছ ধৰি নিয়া, নিশা অস্ত্ৰ লৈ ভাবুকি দিয়া আদি কাৰ্যৰ ফলত প্ৰাণৰ সংশয়ত ভূগিছে সত্ৰৰ লোক তথা মৎস্য ব্যৱসায়ী যুৱককেইজন ৷
পূৰ্বে সত্ৰৰ সত্ৰাধিকাৰ বাপজনাকো অপদস্থ কৰা বেদখলকাৰীৰ অত্যাচাৰ উৎপীড়ণ কমক চাৰি এতিয়া ক্ৰমাৎ বৃদ্ধিহে পাইছে ৷
বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মাথো দুই কিলোমিটাৰ দূৰৈত্বত অৱস্থিত বৰিয়া বিলৰ লগতে বটিয়া নামৰ আন এটা বিলতো একেই চৰম অত্যাচাৰ নমাই আনিছে মুছলমান বেদখলকাৰীয়ে ৷
নিজ সত্ৰৰ ভূমিতে অসমীয়া যুৱকে এতিয়া প্ৰাণৰ সংশয়ত ভূগিবলগীয়া হোৱা কথাই সত্ৰবাসী ৰাইজক ম্ৰিয়মান কৰি তুলিছে ৷
ইতিমধ্যে সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিয়ে মালেক আলী, খালেক আলী, আলেক আলী, ৰূপচান শিকদাৰ আৰু আবুল মিঞাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷
সত্ৰৰ ভূমি ব্দখল আৰু সত্ৰৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দিয়া বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে সত্ৰবাসীয়ে ৷