April 30, 2025

 

 

নৱ ঠাকুৰীয়া

গুৱাহাটী, ১৪ ডিচেম্বৰঃ লেখক-সাহিত্যিকৰ মুখামুখি, কৰ্মশালা, প্ৰদৰ্শনী, বহুভাষিক কবিসন্মিলনৰ দৰে মনোজ্ঞ অনুষ্ঠান আৰু মনপৰশা সাংস্কৃতিক কাৰ্যসূচীয়ে আকৰ্ষণীয় কৰি তুলিছে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ক ৷
আজি দ্বিতীয় দিনা ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক চাৰিখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰই সাহিত্য উৎসৱক গাম্ভীৰ্যপূৰ্ণ মাত্ৰা প্ৰদান কৰে ৷“ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধানঃ প্ৰযুক্তি নিৰ্ভৰশীলতা” শীৰ্ষক প্ৰথমখন আলোচনা সত্ৰ সঞ্চালনা কৰে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰাখী কলিতা মৰলে ৷ তেওঁ বিষয় সন্দৰ্ভত কয় যে ঐতিহ্য হৈছে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা ইতিহাসৰ চানেকী ৷ সাংস্কৃতিক ঐতিহ্যৰ সন্ধান বা চিনাক্তকৰণ আৰু সংৰক্ষণ এটি গুৰুত্বপূৰ্ণ বিষয় ৷ ঐতিহ্যৰ এক বিশাল পৰিসৰ আছে ৷ মানুহৰ জীৱন যাত্ৰা, আচাৰ-ব্যৱহাৰ, খাদ্যাভাস, সামাজিকতাৰ অনুশীলন এই সকলোবোৰ আমাৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে সংপৃক্ত হৈ আছে ৷ এই সাংস্কৃতিক পৰিচয় ভাষাই নিৰ্মাণ আৰু বহন কৰে ৷ ভাষা হৈছে আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয়ৰ সমল ৷” তেওঁ কয় যে প্ৰযুক্তি এতিয়া আৰু অস্বীকাৰ কৰাৰ কোনো কাৰণ নাই ৷ গতিকে ঐতিহ্যৰ সংৰক্ষণত নিশ্চিতভাৱে প্ৰযুক্তিৰ ভূমিকা অপৰিহাৰ্য্য ৷ এই সত্ৰত মুখ্য সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই৷ তেওঁ কয় যে ঐতিহ্য মূলতঃ সংৰক্ষিত হৈ থাকে ভাষা আৰু শব্দৰ জৰিয়তে ৷ এয়াও মাতৃভাষাৰ জৰিয়তে সম্ভৱ ৷ উদাহৰণস্বৰূপে একেপাহ ফুলকে পৃথিৱীৰ বিভিন্ন ভাষাৰ মানুহে নিজৰ ভাষাৰে নামাকৰণ কৰে ৷ নিজৰ ভাষাত এনেদৰেই ঐতিহ্য সংৰক্ষিত হয় ৷ কিন্তু আমাৰ বাবে দুৰ্ভাগ্যৰ কথা এয়ে যে ব্ৰিটিছে আমাৰ ওপৰত ইংৰাজী ভাষাটো এনেদৰে জাপি দিলে যে কেবাটিও প্ৰজন্মই ইংৰাজীতে কথাবোৰ ভাবিবলৈ ল’লে ৷ ফলত আমাৰ স্বকীয় পৰিচয় গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ সম্প্ৰতি অসম জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনে মাতৃভাষাক সংৰক্ষণ আৰু চৰ্চা-সম্প্ৰসাৰণৰ আন্দোলন ফলপ্ৰসূভাৱে অব্যাহত ৰাখিছে ৷” তেওঁ লগতে কয় যে মাতৃভাষাক এলাগী কৰি সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱা অভিভাৱকসকলে এয়া অনুধাৱন কৰা উচিত ৷ জাতীয় ভাষা এটা নিৰ্মাণ কৰাটো অতি কষ্টকৰ আৰু দীঘলীয়া ভাষিক বিকাশৰ প্ৰক্ৰিয়া ৷ অসমীয়া ভাষাটোও এনেদৰেই গঢ়ি উঠিছে ৷ এই ভাষাইহে আমাৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে ৷ পৃথিৱীজুৰি ইয়াৰ ব্যাপ্তি ঘটিবলৈ হ’লে , বিশ্বজোৰা প্ৰতিষ্ঠা লাভ কৰিবলৈ হ’লে সঠিকভাৱে ইয়াৰ সংৰক্ষণত প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব লাগিব ৷ এই ব্যৱহাৰ হ’ব লাগিব নিৰ্ভুল যাতে চিৰদিনলৈ আমাৰ স্বকীয়তা অক্ষুণ্ণ হৈ থাকিব পাৰে ৷ আন এগৰাকী সমল ব্যক্তি, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মাই কয় যে পৰিচয় নিৰ্ণয় কৰাটোৱে এটা জটিল প্ৰক্ৰিয়া ৷ এজন মানুহেই কেবাটাও পৰিচয় বহন কৰে ৷ ঘৰৰ পৰিচয়, শিক্ষাানুষ্ঠানৰ পৰিচয়, কৰ্মক্ষেত্ৰৰ পৰিচয়, সামাজিক পৰিচয় ভিন্ন ৷ দৰাচলতে পৰিচয় আৰু সংস্কৃতি সদায়ে সংপৃক্ত হৈ থাকে ৷ এয়া পৃথক নহয় ৷ ঐতিহ্যৰ অনুভৱে সংস্কৃতি নিৰ্মাণ কৰে ৷ সংস্কৃতি আৰু ঐতিহ্যক এৰি পৰিচয় গঢ়ি উঠিব নোৱাৰে ৷ তেওঁ প্ৰসংগক্ৰমে ডিজিটেল সংৰক্ষণৰ কাৰিকৰী বিষয়ে উল্লেখ কৰি কয় যে সংৰক্ষণ কাগজত লিখিও কৰিব পাৰি ৷ বৰ্তমান প্ৰযুক্তিয়ে এয়া স্থায়িত্ব থকিব পৰাকৈ সহজ কৰি দিছে ৷ একেদৰে সমল ব্যক্তিৰূপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড° অৰূপ নাথ ৷ তেওঁ কয়—“ কিছুমান ঐতিহ্য আমি প্ৰত্যক্ষ কৰোঁ ৷ এইবোৰ ইতিহাসৰ স্মৃতিচিহ্ন ৷ কিন্তু কিছুমান চকুৰে নেদেখা ঐতিহ্য আছে যিবোৰ অনুভৱ কৰিব পাৰি ৷ উদাহৰণস্বৰূপে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ সুৰবোৰ কথাই ক’ব পাৰি ৷ এইবোৰো আমাৰেই ঐতিহ্য ৷” তেওঁ লগতে কয় যে ভাষা বা সংস্কৃতিৰ বৈচিত্ৰ্য আমাৰ পৰিচয়ৰ সংকট নহয়, এয়া আমাৰ সমলহে ৷ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষৰ পৰিচয় এই বৈচিত্ৰতাৰ ভেটিতে গঢ়ি উঠিছে ৷ প্ৰত্যেকেই নিজৰ ভাষাতে নিজৰ পৃথিৱীখন গঢ়ি তোলে ৷ সেয়ে পৃথিৱী একেখন কিন্তু ভাষা বহু ৷ ভাষাই আমাৰ সংস্কৃতি আৰু পৰিচয় নিৰ্মাণ কৰে ৷ মাতৃভাষা ভিত্তিক বহুভাষিক শিক্ষা ব্যৱস্থা এয়া সংৰক্ষণৰ বাবে অতি প্ৰয়োজনীয় ৷ ইয়াত সমজুৱাৰ ফালৰ পৰা ভাষাৰ সঠিক প্ৰয়োগৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট সাহিত্যিক ড° মালিনী গোস্বামীয়ে ৷ দ্বিতীয়খন আলোচনা সত্ৰৰ বিষয় হৈছে “অসমৰ বৈচিত্ৰময় সমাজত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা”৷ এই অনুষ্ঠান সঞ্চালনা কৰে বিশিষ্ট লেখক-গৱেষক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৷ তেওঁ কয়—“ ব্ৰহ্মপুত্ৰ নদী অসমৰ আত্মা ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংপৃক্ত হৈ আছে ৷ ব্ৰহ্মপুত্ৰ নদীয়ে অসম বা উত্তৰ-পূৰ্বাঞ্চল নামৰ বৃহৎ উপত্যকাটো সৃষ্টি কৰিছে ৷ আমাৰ সকলো বুৰঞ্জী কাৰ্যতঃ এই নদীয়ে নিৰ্মাণ বা নিৰ্ধাৰণ কৰিছে ৷ এই নদীৰ বুকুৰেই বিভিন্ন মানুহৰ প্ৰব্ৰজন ঘটিছিল ৷ সেইবাবেই আমাৰ সমাজ জাতি-জনজাতিৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ৷ আমাৰ বাণিজ্যিক আৰু সাংস্কৃতিক পৰিচয়ৰো আধাৰ মহাবাহু ব্ৰহ্মপুত্ৰ ৷” ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট অভিযন্তা, লেখক-গৱেষক প্ৰদীপ ভূঞাই কয় যে অৰুণাচলত ১৪০ টাৰো অধিক নদীবান্ধৰ চুক্তি হৈছে ৷ এয়া আমাৰ সভ্যতাৰ জীৱনীশক্তি লুইতখনৰ বাবে অশনি সংকেত ৷ এই বান্ধবোৰ হ’লে ব্ৰহ্মপুত্ৰ নদী আৰু এতিয়াৰ দৰে প্ৰৱাহমান হৈ থাকিবনে সেয়া সন্দেহৰ বিষয় ৷ ব্ৰহ্মপুত্ৰ ৰুদ্ধ হোৱা মানে আমাৰ জাতীয় জীৱনৰ গতিও ৰুদ্ধ হ’ব ৷ গংগাৰ দৰে ব্ৰহ্মপুত্ৰকো কেন্দ্ৰীয় চৰকাৰে এখন অন্যতম ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিলে হয়তো আমি ৰক্ষা পৰিব পাৰোঁ ৷ ৰঙাপৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে ইয়াত সমল ব্যক্তিৰূপে উপস্থিত থাকি কয় যে অসমৰ সভ্যতা মানেই ব্ৰহ্মপুত্ৰ সভ্যতা ৷ ৰামায়ণ-মহাভাৰতৰ কালৰে পৰা এই নদী বৈ আছে ৷ প্ৰাচীন প্ৰাগজ্যোতিষপুৰক বিচাৰি গ’লে, প্ৰাচীন শক্তিপীঠ কামাখ্যাৰ ইতিহাস বিচাৰি গ’লে আমি ব্ৰহ্মপুত্ৰকে পাম ৷ আমাৰ ভৌগোলিক ইতিহাস, জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ইতিহাস, ভাষা-ধৰ্মৰ ইতিহাস সকলো ব্ৰহ্মপুত্ৰৰে উপহাৰ ৷ এই নদীয়ে বৃহত্তৰ অসমীয়া জাতিক গঢ়ি তুলিছে ৷ “পৰিৱৰ্তিত সংবাদ ক্ষেত্ৰঃ নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা” শীৰ্ষক তৃতীয়খন আলোচনা সত্ৰ সঞ্চালনা কৰে “দ্য আচাম ট্ৰিবিউন”ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৷ তেওঁ কয় যে ভাৰতীয় গণতন্ত্ৰৰ ৮০ বছৰ পূৰ্ণ কৰিবলৈ আৰু বেছি দূৰ বাট নাই ৷ এনে সময়ত চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ বিষয়ে এনেদৰে আলোচনা কৰিবলগীয়া হোৱাটো চিন্তাৰ বিষয় ৷ ১৭৮০ চনতে বেংগল গেজেটৰ জৰিয়তে ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ আনুষ্ঠানিক সূচনা হৈছিল ৷ সংবাদ মাধ্যমে দেশৰ স্বাধীনতা আন্দোলনতো সক্ৰিয় ভূমিকা পালন কৰিছিল ৷ অসমতো বাতৰি কাকত বা সংবাদ মাধ্যমৰ ইতিহাস চহকী ৷ আশা কৰিছোঁ সংবাদ মাধ্যমে নিজৰ কৰ্মসূচীৰে এই চহকী ধাৰা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিব ৷ তেওঁ লগতে কয় যে আমাৰ ভাষা-সাহিত্যৰ যুগ বাতৰি কাকত বা আলোচনীৰ নামেৰে দিয়া হৈছে ৷ যেনে আৱাহন যুগ, ৰামধেনু যুগ, জোনাকী যুগ আদি ৷ অন্য দেশত শাসনকৰ্তা নাইবা ৰজা-ৰাণীৰ নামেৰে যুগৰ নামাকৰণ কৰা হয় ৷ ইয়াৰ পৰাই বুজিব পাৰি আমাৰ ৰাজ্যত বা দেশত সংবাদ পত্ৰৰ গুৰুত্ব কিমান ৷ আগতে পৰিৱৰ্তন লেহেমীয়া আছিল ৷ কিন্তু এতিয়া পৰিৱৰ্তন খৰতকীয়া ৷ বৈদ্যুতিন মাধ্যম, সামাজিক মাধ্যমেও সংবাদৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছে ৷ কিন্তু এই সক্ৰিয়তাৰ মাজত বিশ্বাসযোগ্যতা নাইবা নিৰ্ভৰযোগ্যতা কিমান এয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে ৷ সংবাদ মাধ্যমে প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱালেও গণতন্ত্ৰৰ অপকাৰ হ’ব ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাই কয় যে সংবাদ মাধ্যমৰ পৰিৱৰ্তন হৈছে, মঞ্চ সলনি হৈছে ৷ ছপাৰ পৰা বৈদ্যুতিন মাধ্যম আৰু তাৰো পাছৰ পৰ্যায়ত সামাজিক মাধ্যমলৈ এক দীঘলীয়া পৰিৱৰ্তনৰে যাত্ৰা ৷ কিন্তু সাংবাদিকতাৰ যি লক্ষ আৰু উদ্দেশ্য সেয়া সলনি নোহোৱাকৈ থাকিলে বিশ্বাসযোগ্যতা অক্ষুণ্ণ থাকিব ৷ ইয়াত সমল ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট লেখক-সাংবাদিক নৱ ঠাকুৰীয়া ৷ বিষয় প্ৰসংগত তেওঁ কয় যে প্ৰযুক্তিয়ে ছপা মাধ্যমলৈ প্ৰত্যহ্বান অনাটো সঁচা ৷ সামাজিক মধ্যমৰ তাৎক্ষণিক যোগাযোগৰ সুবিধাই এই প্ৰত্যাহ্বান আনিছে ৷ সমাজ, সভ্যতা, সংস্কৃতিৰ বিষয়ে অভিজ্ঞতা অৰ্জন অতি জৰুৰী ৷ ভাষাজ্ঞান সাংবাদিকতাৰ প্ৰাথমিক চৰ্ত ৷ এয়া ছপা আৰু বৈদ্যুতিন উভয় মাধ্যমৰ বাবে মুখ্য প্ৰয়োজনীয় কথা ৷ ভাষাজ্ঞান, তথ্যৰ বিশুদ্ধতা বিশ্বাসযোগ্যতাৰ আধাৰ ৷ তেওঁ লগতে কয় যে কোভিদ মহামাৰীৰ সময়তো ছপা মাধ্যম বিস্তৰ ক্ষতি কৰিছে ৷ আনহাতে সামাজিক মাধ্যমত সত্যাসত্য নিৰূপণ নকৰাকৈ দিয়া যিকোনো খবৰেও সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক অবনমিত কৰিছে ৷ কিন্ত সত্য আৰু তথ্য নিৰ্ভৰ সাংবাদিকতা সদায়ে সন্মানীয় হৈ ৰ’ব ৷ ইয়াৰ পাছত “মনোৰঞ্জনৰ উৰ্ধত সমাজৰ বিচাৰধাৰা প্ৰতিষ্ঠাত চলচ্চিত্ৰৰ ভূমিকা” শীৰ্ষক চতুৰ্থখন আলোচনা সত্ৰ সঞ্চালনা কৰে চলচ্চিত্ৰ সমালোচক, কবি অপৰাজিতা পূজাৰীয়ে ৷ তেওঁ কয় যে চলচ্চিত্ৰ কেৱল মনোৰঞ্জন নহয় ৷ এয়া আমাৰ চিন্তা, জীৱনচৰ্যা , সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন ৷ চলচ্চিত্ৰ নিশ্চিতভাৱে সমাজ-জীৱনৰে ধাৰাভাষ্য ৷ আমি নিজক বিচাৰি নাপালে, নিজৰ ভূমিৰ সুবাস নাথাকিলে , নিজৰ সংস্কৃতিৰ প্ৰতিফলন নাথাকিলে সেই চলচ্চিত্ৰৰ সৈতে আমি নিজকে একাকাৰ কৰিব নোৱৰোঁ ৷ ইয়াত সমল ব্যক্তিৰূপে উপস্থিত থাকি জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অতুল গাঙৱাৰে কয় যে নিৰ্বাক ছবিৰ কালৰ পৰাই চলচ্চিত্ৰই সংস্কৃতিকে প্ৰতিফলিত কৰি আহিছে ৷ সামাজিক বাৰ্তা, সমাজৰ বিচাৰধাৰা, মানুহৰ জীৱন আৰু মনৰ ভিতৰৰ কথাই চলচ্চিত্ৰক এক শক্তিশালী মাধ্যম কৰি ৰাখিছে ৷ চলচ্চিত্ৰই ভুলৰো শুধৰণি কৰিব পাৰে আৰু প্ৰকৃত বিচাৰধাৰাকো প্ৰতিষ্ঠা কৰিব পাৰে ৷ জনপ্ৰিয় অভিনেতা কপিল বৰাই কয় যে মানুহৰ হৃদয়ৰ বাৰ্তাই সামাজিক বাৰ্তা ৷ চলচ্চিত্ৰ এই বাৰ্তা প্ৰকাশৰে মাধ্যম ৷ চলচ্চিত্ৰই সমাজ পৰিৱৰ্তন আৰু পুণৰ নিৰ্মাণ কৰিব পাৰে ৷ অৰুণাচল প্ৰদেশৰ সুদক্ষ বক্তা ডাবাং টায়েঙেও চলচ্চিত্ৰই উচিত বাৰ্তাৰে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা দোহাৰে ৷ আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সম্ৰাট বৰাই বিষয় প্ৰসংগত বক্তব্য আগবঢ়াই কয় যে চলচ্চিত্ৰই নতুন ধাৰণাৰ জন্ম দিয়ে ৷ নেদেখাকৈ থকা বিষয় পোহৰলৈ আনে, নকোৱা কথা কয় আৰু সমাজৰ বিচাৰধাৰা নিৰ্মাণৰ পথ দেখুৱাব পাৰে ৷

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App