অধিক জনবিস্ফোৰণৰ দিশলৈ গৈ আছে ভাৰত। চীনক অতিক্ৰম কৰি বিশ্বৰআটাইতকৈ জনবহুল দেশ হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে ভাৰতে। ২০১১ চনৰ পৰা ভাৰতত লোকপিয়ল বা জনগণনা নহ’লেও ২০২৩ চনত ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি চীন আৰু ভাৰতৰ মাজত জনসংখ্যাৰ পাৰ্থক্য প্রায় ২০ লাখৰ। ভাৰতৰ জনসংখ্যা ২০২৩ চনত ১৪২ কোটি ৮৬ লাখ, আনফালে চীনৰ জনসংখ্যা ১৪২ কোটি ৫৭ লাখ। ৰাষ্ট্ৰসংঘৰ এক জনসংখ্যা সম্পর্কীয় সমীক্ষাত দাবী কৰা হৈছে যে ২০৬০ চনত ভাৰতৰ জনসংখ্যা হ’ব ১৭০ কোটি। অর্থাৎ জনসংখ্যা বৃদ্ধিৰ হাৰে ২০৬০ চনত শীর্ষস্থান লাভ কৰিব। তাৰ পাছত ভাৰতৰ জনসংখ্যা ১২ শতাংশ কমিব। ২০৮০ চনৰ মাজভাগত বিশ্বৰ জনসংখ্যা হ’ব ১,০৩০ কোটি। বিশ্বৰ বৰ্তমান জনসংখ্যা ৮২০ কোটি। অৰ্থাৎ ২০৮০ চনত পৃথিৱীৰ জনসংখ্যাই এহেজাৰ কোটি অতিক্ৰম কৰিব। একবিংশ শতিকাৰ শেষত ভাৰতৰ জনসংখ্যা হ্রাস পালেও দেশখন বিশ্বৰ ভিতৰতে শীর্ষস্থানত থাকিব বুলি ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত দাবী কৰা হৈছে।
প্রতিবেদন অনুসৰি ২০৬০ চনত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ শীৰ্ষত উঠিব বাবে সেই সময়ত দেশখনৰ জনসংখ্যা হ’ব ১৭০ কোটি। কিন্তু চীনৰ জনসংখ্যা ২০৬০ চনত ১২০ কোটিৰ ওচৰা-উচৰিতে থাকিব বুলি ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত পূর্বাভাস দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন অনুসৰি ২১০০ চনত ভাৰতৰ জনসংখ্যা হ’ব পাৰে ১৫০ কোটি। অর্থাৎ জনসংখ্যা একবিংশ শতাব্দীৰ শেষত যথেষ্ট হ্রাস পাব ভাৰতত। জনসংখ্যাৰ হিচাপত ভাৰত আৰু চীনৰ পাছতে থাকিব পাৰে আমেৰিকা। সেই দিশৰ পৰা চাবলৈ গ’লে জনসংখ্যা কমিলেও একবিংশ শতাব্দীৰ শেষতো ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ থাকিব। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ তৰফৰ পৰা যুগুতোৱা এই প্রতিবেদনে ভাৰতৰ জনসংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ ইংগিত কৰিছে। ডিইএছএৰ অন্যতম বিষয়ববীয়া ক্লেয়াৰ মেন’ৎজিয়ে সংবাদ সংস্থা পিটিআইৰ এক প্ৰশ্নৰ উত্তৰত কয় যে বৃহত্তৰ ভৌগোলিক আয়তন আৰু জন্মৰ হাৰ কমাৰ বাবে ২০২৪ৰ পৰা ২০৫৪ চনৰ ভিতৰত চীনত জনসংখ্যা ২০ কোটিৰো বেছি হ্রাস পাব পাৰে। এই সময়ছোৱাৰ ভিতৰত জাপানত ২ কোটি আৰু ৰাছিয়াত ১ কোটি জনসংখ্যা কমিব পাৰে বুলি মন্তব্য কৰে মেন’ৎজিয়ে। দীর্ঘদিন ধৰি বিশ্বৰ আটাইতকৈ জনবহুল দেশৰ স্বীকৃতি পাই আছিল চীনে। কিন্তু ‘এক সন্তান নীতি’ৰ ওপৰত গুৰুত্ব দিয়াৰ পাছতে চীনত জনসংখ্যা হ্রাস পাই থাকে। ৬টা দশকৰ পাছত প্ৰথমবাৰৰ বাবে চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ স্থবিৰ হৈ পৰাই নহয়, অস্বাভাৱিকভাৱে কমিও গৈছে। তথ্যত দেখিবলৈ পোৱা গৈছে ভাৰততো জনসংখ্যা বৃদ্ধিৰ হাৰ স্থবিৰ হৈছে। ২০১১ চনৰ পাছত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.০২ শতাংশত স্থবিৰ হৈছে। ইয়াৰ পূর্বে আছিল ১.০৩ শতাংশ। ইয়াৰ বাবেই ২০৬০ চনৰ পাছত ভাৰতত জনসংখ্যা কমিব। জনসংখ্যা হ্ৰাসৰ মোকাবিলা কৰিবলৈ চীনে কেইবাবছৰো ধৰি ‘এক সন্তান নীতি’ পৰিহাৰ কৰি আহিছে।