ভাৰতবৰ্ষত হিন্দু সাম্ৰাজ্য নিৰ্মাতা
ছত্ৰপতি শিৱাজী মহাৰাজ
আজি জেঠ মাহৰ শুক্লা ত্ৰয়োদশী তিথি ৷ জেঠ মাহৰ শুক্লা ত্ৰয়োদশী তিথিত হিন্দু সাম্ৰাজ্য দিৱস পালন কৰা হয়। পৰিতাপৰ কথা, হিন্দু সাম্ৰাজ্য দিৱস হিন্দু সমাজত পালন কৰা নহয়৷ কেৱল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলেহে এই উৎসৱ পালন কৰি আহিছে৷ এই বিশেষ দিনটোয়ে সেই বিশিষ্ট ঘটনাক সোঁৱৰাই দিয়ে, যিয়ে নেকি ভাৰত বুৰঞ্জীৰ ধাৰাক সলনি কৰি দিছিল৷
সেই ঘটনাটো আছিল মাৰাঠী সম্ৰাট ছত্রপতি শিৱাজী মহাৰাজৰ দ্বাৰা সাৰ্বভৌম স্বতন্ত্র হিন্দু সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা; ইতিহাস অধ্যায়ণ কৰিলে আমি দেখা পাওঁ যে বহুতো ৰজাই নিজৰ স্বাধীন ৰাজ্য স্থাপন কৰিছিল। কিন্তু শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক অন্যান্য সাধাৰণ ৰজাই ৰাজ্য স্থাপন কৰাৰ দৰে নাছিল। যি সময়ত শিৱাজী মহাৰাজৰ আবিৰ্ভাৱ হৈছিল, সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষত মুছলমান শাসক সকলে নিজৰ সাম্ৰাজ্য দৃঢ় কৰি শাসন আছিল।
সেই ঘোৰ অন্ধকাৰ যুগত শিৱাজী মহাৰাজৰ আবিৰ্ভাৱ হৈছিল। স্বপৰাক্ৰম, বুদ্ধিমত্তা, সাহস আৰু ৰণ কৌশলেৰে একে সময়তে মোগল, বাহমণী,নিজাম, আদিল সাহী আৰু ইংৰাজ শক্তিৰ লগত যুঁজি শেষত বিজয় লাভ কৰি এই জন মহাপুৰুষে হিন্দু সমাজৰ অন্তৰত আত্ম বিশ্বাস, সাহস আৰু পৰাক্ৰম জগাইছিল। শত্ৰুৰ হাতৰ পৰা বহুতো দুৰ্গ জয় কৰি তেখেতে হিন্দুৰ মনত এই বিশ্বাস আনিছিল যে হিন্দুস্থানৰ সম্ৰাট এজন হিন্দুও হ’ব পাৰে।
১৬৩০ খ্ৰীষ্টাব্দৰ এক শুভ সন্ধিক্ষণত মহাৰাষ্ট্ৰৰ পুণেৰ ওচৰৰ শিবণী পাৰ্বত্য দুৰ্গত মাৰাঠী মহাবীৰ শিৱাজী মহাৰাজৰ জন্ম হৈছিল। শিৱাজীৰ ন বছৰ বয়সত পিতাক ছাহজী ভোঁসলে শিৱাজীক, মাক জিজাবাঈ আৰু দাদাজী(ককা) কোণ্ডদেৱ নামৰ অভিভাৱক এজনৰ তত্ত্বাবধানত ৰাখি বিজাপুৰৰ চুলতানৰ অধীনত চাকৰি কৰিবলৈ গৈছিল। মাক জিজাবাঈ অতি ধৰ্ম পৰায়ণা নাৰী আছিল আৰু দাদাজীও এজন বিচক্ষণ ব্ৰাহ্মণৰ ওচৰত থাকি সৰুৰে পৰা তৰোৱাল চলোৱা, মল্লযুদ্ধ কৰা শিক্ষা লাভ কৰিছিল। তেখেতে লিখা পঢ়া নাজানিছিল যদিও শিৱাজীক যুদ্ধ বিদ্যা শিকাইছিল আৰু মাকে ৰামায়ণ-মহাভাৰতৰ সাধুকথা বিলাক কৈছিল। ৰামায়ণ-মহাভাৰতৰ বীৰ সকলৰ কাহিনীবোৰ শুনি বালক শিৱাজীয়ে ভৱিষ্যতে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে অনুপ্ৰেৰণা পাইছিল। এই বাল্যকালতে তেখেতে গৰু বধ কৰা কচাইৰ হাত নিজৰ তৰোৱালেৰে কাটি পেলাইছিল। তাৰ জৰিয়তে তেখেতে ল’ৰালিকালতে নিজৰ বীৰত্ব আৰু সাহসৰ পৰিচয় দাঙি ধৰিছিল।
শিৱাজী ডাঙৰ হৈ কঠোৰ পৰিশ্ৰমী আৰু সাহসী মাৱালবাসী সৈন্য কিছুমান গোটাই লৈ এক স্বাধীন শক্তিশালী মাৰাঠা ৰাজ্য গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছিল। তাৰ ফলস্বৰূপে, ১৬৪৭ খ্ৰীষ্টাব্দত তেখেতে তোৰণ দুৰ্গ অধিকাৰ কৰিছিল। সেই সময়ত দেশৰ চাৰিওফালে যুদ্ধ বিগ্রহ, বিশৃংখল, অন্যায়-অবিচাৰ আৰু অত্যাচাৰ চলিছিল যদিও তেখেতৰ জীৱনৰ উদ্দেশ্য আছিল হিন্দুৰ লুপ্ত গৌৰৱ পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত হিন্দু সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা।
শিৱাজী মহাৰাজৰ অভ্যুদয় আৰু পৰাক্ৰম দেখি বিজাপুৰৰ চুলতানৰ দিনক দিনে অসহ্য লাগিছিল আৰু কোনো উপায়ে দমাব নোৱাৰি তেখেতৰ নিৰপৰাধী পিতাক ছাহজী ভোঁসলক বন্দী কৰিছিল। ১৬৫৯ খ্ৰীষ্টাব্দত বিজাপুৰৰ চুলতানে শিৱাজীক কোনোপধ্য বশ কৰিব নোৱাৰি তেখেতক নিৰ্মূল কৰাৰ বাবে সেনাপতি আফজল খাঁৰ নেতৃত্বত এটা পৰাক্ৰমী ফৌজ পঠিয়াইছিল, তেতিয়া শিৱাজী প্ৰতাপগড় দুৰ্গত আছিল। আফজল খাঁয় প্ৰতাপগড়ৰ ওচৰতে বাহৰ পাতি শিৱাজীৰ লগত সন্ধি কৰিবলৈ এডোখৰ ঠাইলৈ মাতি পঠিয়াইছিল। প্ৰত্যেকে একোজনকৈ গা-ৰক্ষক লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল৷ আফজল খাঁই মৰম কৰাৰ ছলেৰে শিৱাজীৰ টেঁটুত চেপি ধৰিছিল। তেতিয়া শিৱাজীয়েও বাঘৰ নখ বহুৱাই দি আফজল খাঁক বধ কৰিছিল।
মাৰাঠী নেতা শিৱাজীৰ এনে সফলতা দমন কৰিবলৈ ঔৰংজেৱে দৃঢ় প্রতিজ্ঞ হৈ অম্বৰৰাজ জয়সিংহক দাক্ষিণাত্য লৈ পঠিয়াইছিল। তেখেতে অতি সাৱধানেৰে মাৰাঠা নায়কৰ ওচৰ চাপিছিল আৰু শিৱাজী মহাৰাজক চাৰিওফালৰ পৰা বেৰি ধৰিছিল যাৰফলত ১৬৬৫ খ্ৰীষ্টাব্দত বিখ্যাত পুৰন্দৰ দুৰ্গৰ পতন হৈছিল, ইয়াৰ পিছত মোগলৰ লগত সন্ধি কৰিলে।
বুৰঞ্জী বিদ চৰদেশাইৰ মতে শিৱাজীয়ে বোধকৰোঁ মোগল দৰবাৰৰ সকলো কথা স্বচক্ষে চাই, মোগল শক্তিৰ বুজলৈ নিজৰ ভৱিষ্যতৰ পৰিকল্পনা তৈয়াৰ কৰিবৰ বাবে আগ্ৰালৈ গৈছিল। কিন্তু ঔৰংজেৱৰ ৰাজদৰবাৰত শিৱাজীয়ে যথোচিত সন্মান নোহোৱাৰ প্ৰতিবাদ কৰি পুত্র শম্ভুজীৰ লগত বন্দী হৈছিল আৰু চতুৰ শিৱাজীয়ে কৌশলেৰে পলাই আহিছিল। তাৰপিছত তিনি বছৰ কাল মোগলৰ লগত কোনো যুদ্ধ কৰা নাছিল ; কিন্তু ১৬৭০ খ্ৰীষ্টাব্দত মাৰাঠা শক্তি পুনৰ মোগলৰ লগত যুদ্ধ বিগ্রহত লিপ্ত হৈছিল আৰু হেৰুৱা দুৰ্গবোৰও উদ্ধাৰ কৰিছিল৷
১৬৭৪ খ্ৰীষ্টাব্দত মাৰাঠা সম্ৰাট শিৱাজী মহাৰাজে বৰ আড়ম্বৰেৰে ৰায়গড়ত ৰাজ্যাভিষেক পাতিছিল আৰু “ছত্ৰপতি ” অৰ্থাৎ ব্ৰাহ্মণ প্ৰতিপালক উপাধি লৈছিল আৰু দেশ, ধৰ্ম, গো-মাতা, বিশাল হিন্দু সমাজ তাৰোপৰি মাতৃ শক্তিৰ সন্মন ৰক্ষাৰ্থে হিন্দু সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলকৰিছিল আৰু ঔৰংজেৱেও তেখেতক স্বাধীন বুলি স্বীকাৰ কৰিছিল। শিৱাজীৰ স্বাধীন ৰাজ্যৰ নাম আছিল ‘স্বৰাজ’। এইজন পৰাক্ৰমী আৰু শক্তিশালী মাৰাঠী বীৰ পুৰুষে ৫৩ বছৰ বয়সত অৰ্থাৎ ১৬৮০ খ্ৰীষ্টাব্দৰ ১৩ এপ্রিলত ৰায়গড় দুৰ্গত জীৱনৰ শেষ নিঃশ্বাস ত্যাগ কৰিছিল।
শিৱাজী মহাৰাজে এজন অসাধাৰণ বীৰ আছিল। অতি সাধাৰণ অৱস্থাৰ পৰা তেখেতে দোপত দোপে উঠি এজন স্বাধীন ৰজা হৈছিল। ভাৰত বুৰঞ্জীত তেখেতৰ স্থান অতি উচ্চ বুলি ক’ব পাৰি। তেখেতৰ গাত এক বিৰাট সৃজনী প্ৰতিভা দেখিবলৈ পোৱা গৈছে গৈছিল। মাৰাঠা জাতিটোক তেখেতে এটা লেখত ল’বলগীয়া জাতি কৰি তুলিছিল। সেইকাৰণে মাৰাঠাসকলে আজিও তেখেতক অতি মানৱ বুলিয়ে ভাবে। তেখেতৰ ব্যক্তিগত জীৱন নিখুঁত আছিল। তেখেতৰ নৈতিকতা, কৰ্মক্ষমতা, দুঃসাহস, ধৈৰ্য, বুদ্ধি আৰু নিভাঁজ দেশ প্ৰেম আজিও আমাৰ মাজত আদৰ্শ হৈ আছে। হিন্দু জাতি গঠন কৰাই তেখেতৰ মুখ্য উদ্দেশ্য আছিল।
শিৱাজী মহাৰাজৰ মাতৃভক্তি আৰু গুৰুভক্তি বৰ প্ৰশাসনীয় আছিল। তেখেতৰ সৈন্য সকলে বা তলতীয়া কৰ্মচাৰী সকলে যাতে শিশু বা নাৰীক অসন্মান নকৰে, তাৰবাবে তেখেতে বিশেষ গুৰুত্ব দিছিল। কথিত আছে যে এবাৰ এখন যুদ্ধত সৈন্য সকলে এগৰাকী সুন্দৰী মুছলমান ৰাজকন্যাক বন্দী কৰি আনি মহাৰাজৰ আগত হাজিৰ কৰিছিল কিন্ত তেখেতে ৰাজকন্যা গৰাকীক মাতৃৰ দৰে আদৰ কৰি সন্মান সহকাৰে ঘৰলৈ পঠাই দিছিল লগতে নিজৰ সৈন্যসকলক সকীয়াই দিছিল যাতে ভৱিষ্যতে কোনো মহিলাৰ সন্মান হানি নকৰে।
ভাৰত বুৰঞ্জীৰ ধাৰাক সলনি কৰি হিন্দু সাম্ৰাজ্য স্থাপন কৰা পুণ্যভূমি ভাৰতবৰ্ষৰ সুযোগ্য বীৰপুৰুষ ছত্ৰপতি শিৱাজী মহাৰাজক আজি ‘হিন্দু সাম্ৰাজ্য দিৱস’ ৰ শুভ মুহূর্তত নিৰ্ভীক বীৰযোদ্ধাজনৰ প্ৰতি আমি সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা আৱশ্যক। মধ্যযুগৰ সৰ্বশ্ৰেষ্ঠ শৌৰ্য-বীৰ্যৰ প্ৰতীক সৰ্বগুন সম্পন্ন আদৰ্শ পুৰুষ শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেকৰ পুণ্যদিনত হিন্দু সমাজক সংগঠিত কৰি ভাৰতবৰ্ষক বৈভৱশালী হিন্দুৰাষ্ট্ৰ নিমার্ণ কৰিবৰ বাবে আমি আত্মত্যাগৰ শ্ৰেষ্ঠ অনুপ্ৰেৰণা প্ৰাপ্ত কৰিব লাগিব।