‘ভাৰতীয় চিনেমা বিশেষকৈ বলিউডৰ অধিকাংশ হিন্দী চিনেমা নিৰ্মাতাসকলৰ মনত নিজৰ দেশখনক ভালপোৱা কোনো আবেগ নাথাকে ৷ অধিকাংশ চিত্ৰনিৰ্মাতাই এটা বিশেষ ধৰ্মৰ লোকক তোষামোদ কৰে অথবা নিজৰ ৰাষ্ট্ৰখনক নিম্নমানৰ হিচাপে প্ৰদৰ্শন কৰাত গুৰুত্ব প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ কিন্তু নিজৰ দেশক তথা ইয়াৰ ৰীতিনীতি, দেব-দেবীক সমালোচনা কৰা আৰু ৰাষ্ট্ৰবিৰোধী কামৰ প্ৰচাৰ কৰাৰ মাজত বহু পাৰ্থক্য থাকে ৷ ‘হায়দৰ’ ছবিৰে বিশাল ভৰদ্বাজে এনেদৰে ৰাষ্ট্ৰবিৰোধী প্ৰচাৰত ব্যস্ত হোৱাটো এটা উদাহৰণহে মাত্ৰ ৷’ কালিৰে পৰা গুৱাহাটীত ভাৰতীয় চিত্ৰ সাধনা আৰু চলচ্চিত্ৰম্-ৰ উদ্যোগত অনুষ্ঠিত হোৱা দুদিনীয়া ‘ৰোড টু মুম্বাই’ শীৰ্ষক চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালাৰ আৰম্ভ কৰি দিয়া ভাষণত ভাৰতীয় চিত্ৰসাধনাৰ ন্যাসৰক্ষী অভিনেতা অৰুণ অৰোৰাই এনেদৰে মন্তব্য কৰে ৷ সীমিত সংখ্যক বিশ বছৰৰ পৰা ত্ৰিশ বছৰৰ ভিতৰৰ প্ৰশিক্ষাৰ্থীৰ বাবে আয়োজন কৰা কৰ্মশালাত ৰাজ্যখনৰ ১৪ গৰাকী যুৱক-যুৱতীয়ে অংশগ্রহণ কৰে। কৰ্মশালাৰ প্ৰথম দিনা মোবাইল ফোনেৰে চিত্ৰ নিৰ্মাণ কৰা কৌশলৰ কথাৰে অংশগ্ৰহনকাৰীসকলক সম্মোহিত কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’লাৰাদো ফিল্ম স্কুলৰ স্নাতক কূল নন্দিনীয়ে ৷ উল্লেখ্য, কূল নন্দিনীয়ে ইতিমধ্যে মোবাইল ফোনেৰে নিৰ্মাণ কৰা ‘এমুঠি পুথি’ চিনেমাখনে দৰ্শকক সম্মোহিত কৰিবলৈ সক্ষম হৈছে ৷ কৰ্মশালাৰত চিনেমাৰ কাষ্টিং এজেন্সি দা ষ্ট্ৰাইদৰ মুখ্য ব্যক্তি ছিমি ডেকাই পেছাদাৰী ছবিজগতত প্ৰবেশ কৰাৰ কৌশলবোৰ বাখ্যা কৰে ৷ লোকমন্থনৰ প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ প্ৰাপ্ত, সনাতন কৰ্মকাৰ পৰিচালিত ছবি ‘দা লেন্ড অব হিডেন ট্ৰেজাৰ’ ছবিখনৰ প্ৰদৰ্শন আছিল কৰ্মশালাৰ অন্যমত আকৰ্ষণ ৷ ছবি প্ৰদৰ্শনৰ অন্তত অংশগ্ৰহনকাৰী সকলৰ লগত হোৱা অন্তৰংগ কথোপকথন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ ৷
শনিবাৰে কাৰ্যসূচী আৰম্ভ হয় ‘বিউটিফুল লাইভজ’ অাৰু ‘উপসৰ্গ’ ছবিৰ পৰিচালক কংকন ডেকা পৰিচালিত ‘সীতা’ নামৰ চুটিছবিখনৰ প্ৰদৰ্শনেৰে ৷ তাৰ পাচতেই পৰিচালক ডেকাৰ লগত অংশগ্ৰহনকাৰীসকলৰ অন্তৰংগ কথোপকথনৰ কাৰ্যক্ৰম অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত ডেকাই উদীয়মান শিক্ষাৰ্থীসকলক কৰ্মশালাৰ পৰা পাব পৰা সকলো সুবিধা গ্ৰহন কৰিবলৈ আহ্বান জনায় ৷ আনহাতে, অভিনেতা অাৰু ভাৰতীয় চিত্ৰ সাধনাৰ ন্যাসৰক্ষী অৰুণ অৰোৰাই অভিনেতাৰ প্ৰস্তুতি আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে বহু উদাহৰণ সহ বিশ্লেষণ কৰে ৷
কৰ্মশালাৰ অন্তত অনুষ্ঠিত সভাত অংশগ্ৰহনকাৰী প্ৰশিক্ষাৰ্থীসকলে নিজ নিজ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে আৰু এনেকুৱা এটা ফলাফলমুখী কৰ্মশালাৰ বাবে আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ জ্যোতিচিত্ৰবনৰ সচিব নয়না বৰাই অংশগ্ৰহনকাৰীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে নিজৰ ভাষণেৰে প্ৰশিক্ষাৰ্থীসকলক আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰে ৷ আজিৰ সামৰণি অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র পৰিচালক মঞ্জু বৰাই উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যি চমু বক্তব্য প্ৰকাশ কৰে। সামৰণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ,
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্র প্ৰচাৰ প্ৰমুখ সুনীল মহান্তি, উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱম, চলচ্চিত্রমৰ সম্পাদক তথা বিশিষ্ট অভিনেতা আৰু সংগীত পৰিচালক ভগবৎ প্ৰীতমকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।
কৰ্মশালাটি পৰিচালনা কৰে অসম ডাউন টাউন বিশ্ববিদালয়ৰ ডীন তথা চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্তই ৷ এই কৰ্মশালাৰ দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে অহা ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া পোন্ধৰদিনীয়া কৰ্মশালাত অংশগ্ৰহন কৰাৰ সুবিধা লাভ কৰিব পাৰিব বুলি চলচ্চিত্রমৰ সভাপতি উৎপল দত্ত আৰু সম্পাদক ভগবৎ প্ৰীতমে জানিবলৈ দিছে ৷