সামাজিক সাংস্কৃতিক সংগঠন ‘সীমান্ত চেতনা মঞ্চ’ পূৰ্বোত্তৰৰ উদ্যোগত মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল ‘ভাৰতদৰ্শন যাত্ৰা ২০১৯’। সংগঠনটোৱে সীমান্ত এলেকাৰসীমামূৰীয়া জিলা সমূহৰ লোকক লগত লৈ এই নতুন যাত্ৰাআৰম্ভ কৰিছিল। এই যাত্ৰাৰ কাৰ্যসূচী তিনিদিনীয়া আছিল।নাগালেণ্ডৰ চাৰিখন সীমামূৰীয়া জিলাৰ ৪৯ জন আৰুম্যানমাৰ সীমান্তৰ ১৩জন প্ৰতিনিধি বাচনি কৰি গুৱাহাটীৰ ঐতিহাসিক স্থান সমূহ দৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে এইভ্ৰমণৰ সময়চোৱাত।
সীমান্ত চেতনা মঞ্চৰ উত্তৰ-পূৰ্বাঞ্চল সমিতিৰ কাৰ্যবাহী সদস্যইন্দ্ৰ চাপাগাই এক সংবাদমেলত কয় যে অনাগত দিনতোসংগঠনটোৱে এনে কাৰ্যসূচী অব্যাহত ৰাখিব। আন্তৰ্জাতিকসীমান্ত অঞ্চলবোৰৰ প্ৰতি চৰকাৰ বোৰে গ্ৰহণ কৰা আওকণীয়ামনোভাবে দেশৰ সুৰক্ষালৈ ভাবুকি কঢ়িয়াই আনিছে।শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে যদিওপৰিস্থিতি উদ্বেগজনক হৈয়ে আছে। সীমান্ত অঞ্চলবোৰৰউন্নতি সাধিব পাৰিলেহে দেশৰ উন্নতি হ’ব।সীমান্তঅঞ্চলবোৰৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে জনসাধাৰণৰো দায়িত্ব আছে। সীমান্ত অঞ্চলত নাগৰিকৰ সুৰক্ষা নাই যাৰবাবে অধিকাংশ লোক চহৰমুখী হ’বলগীয়া হৈছে। সেয়ে এইযাত্ৰাৰ জৰিয়তে সীমান্তৱৰ্তী সমাজৰ মাজত এক জাগৰণঅনাৰ প্ৰয়াস কৰা হৈছে। একেদৰে সীমান্তৰক্ষী বাহিনী আৰুসেই ঠাইৰ সমাজৰ মাজত এক সৱল আৰু আত্মীয়তাৰসাকোঁ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ কৰা বুলি তেখেতে সংবাদমেল খনত সাদৰি কৰে।