ৰাজ্য়জুৰি অবৈধ নাগৰিকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে দেওবাৰে পুনৰ মঙলদৈ মাছ বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অভিযোগ অনুসৰি নৰেন্দ্ৰ হাজৰিকা নামৰ এজন অসমীয়া যুৱকে মাছ ক্ৰয় কৰিবলৈ বজাৰখনলৈ যোৱাৰ সময়তেই এজন মাছ বেপাৰীৰ সৈতে মাছৰ দৰ-দাম লৈ কিছু তৰ্ক-বিতৰ্ক হোৱাত বেপাৰীজনে খিলঞ্জীয়া যুৱকজনক প্ৰহাৰ কৰে । এই ঘটনাটোৰ পিচতেই উত্তপ্ত হৈ পৰে মঙলদৈ বজাৰ । পিচত আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষী উপস্থিত হয় ঘটনাস্থলীত।
ঘটনাটোৰ পিছতে বন্ধ হৈ পৰে সমগ্র মঙলদৈ চহৰ । ঘটনাৰ বিৱৰণি অনুসৰি, মঙলদৈ মেধিপাৰাৰ যুৱক নৰেন্দ্ৰ হাজৰিকাই পুৱাৰ ভাগত মঙলদৈ মাছৰ বজাৰত সম্পৰ্কীয়ৰ লগত মাছ কিনিবলৈ আহিছিল । মাছ ব্যৱসায়ী আছাদ আলীৰ লগত দৰ-দামকলৈ তৰ্ক-বিতৰ্ক হয় । পিছত ব্যৱসায়ীজনে কেইবাজনো সহযোগীৰ সৈতে আক্ৰমণ কৰে নৰেন্দ্ৰ হাজৰিকাক । আনকি দলটোৱা যুৱকজনক মাছ কটা দাৰেও আক্ৰমণ কৰাৰ চেষ্টা চলায় । অৱশেষত নৰেন্দ্ৰ হাজৰিকাই সমগ্র বিষয়টো বিশ্ব হিন্দু পৰিষদক অৱগত কৰে । ঘটনাৰ বিষয়ে মঙলদৈৰ দল-সংগঠনে খবৰ পাই মাছৰ বজাৰত উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে সমগ্র বজাৰ বন্ধ কৰিবলৈ আহ্বান জনায় ।
ইতিমধ্যে, মঙলদৈ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত বাঘপৰিৰ আছাদ আলী নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে ।
এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতা এজনে কয়, “মঙলদৈত সঘনাই খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে । খিলঞ্জীয়া লোকৰ ওপৰত কৰা আক্ৰমণ কোনো কাৰণতেই সহ্য় কৰা নহ’ব ।”