![](https://www.vskassam.org/vskassam/wp-content/uploads/2024/07/WhatsApp-Image-2024-07-09-at-7.04.46-PM-1-scaled.jpeg)
মানুহৰ ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা শীৰ্ষক বক্তৃতা অনুষ্ঠান ৷
কম বয়সত গীতা পঢ়িলে মানুহৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মে বুলি মানুহৰ মাজত যি ভুল ধাৰণা আছে ৷ দৰাচলতে সেয়া সত্য আৰু শুদ্ধ ধাৰণা নহয় ৷ এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ ৷ যোগ গুৰুকুল অসমৰ উদ্যোগত কালি বিয়লি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মানুহৰ ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা শীৰ্ষক বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বুজৰবৰুৱাই পুনৰ কয় যে, শ্রীমদ্ভগৱদগীতা মানৱ সভ্যতালৈ ভাৰতবৰ্ষৰ এক অনবদ্য অৱদান। ই যেন সমগ্র মানৱ জাতিৰ জীৱনী শক্তি প্রদায়িনী, এক অমৃত সুধা। বিশ্বৰ মনিষীসকলে যিটো সময়ত শ্রীমদ্ভগৱদগীতা অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেনে এটা সময়তো আমাৰ দেশৰ ভাৰতীয় সমাজ এই ক্ষেত্রত যেন এতিয়াও সজাগ হৈ উঠা নাই। যিটো ভাৰতবৰ্ষৰ বাবেই অতি দুর্ভাগ্যজনক কথা ৷ বশিষ্ঠ বুজৰবৰুৱাই ভাষণ প্ৰঙ্গত কয় যে মানুহৰ মুখে মুখে প্ৰচলিত গীতা যুৱক সকলে পঢ়িবলৈ নাপায় বুলি এটা বিভ্ৰান্ত আমাৰ সমাজত প্ৰচলিত ধাৰণা এটা আছে ৷ প্ৰকৃততে আমি গল্প, উপন্যাস পঢ়াৰ দৰেই গীতা পঢ়িব লাগে বুলি কয় । গীতাৰ জ্ঞান গভীৰ সাৰমৰ্ম উপলদ্ধি কৰি প্ৰতিজন মানুহেই গীতাৰ জ্ঞানেৰে জ্ঞানী হৈ কৰ্মত অগ্ৰসৰ হ’ব লাগে বুলিও তেখেতে মন্তব্য কৰে। গীতা বুলিয়েই নহয় আন আন ধৰ্মগ্ৰন্থ বোৰো কম বয়সৰ পৰা পঢ়ি তাৰ তত্ব সমূহক সমাজ, দেশ আৰু দহৰ বাবে উলিয়াই অনা উচিত বুলি তেখেতে মন্তব্য কৰে। আনহাতে, পৃথিৱীৰ ১৮০খন দেশৰ ভিন্ন ভাষাত গীতা অনুবাদ হৈ প্ৰচাৰ লাভ কৰিছে বুলি তেখেতে মন্তব্য কৰি গীতাৰ যি চাৰিটা মূল চৰিত্ৰ কৃষ্ণ,অৰ্জুন, ধৃতৰাষ্ট্র,সঞ্জয় এই চাৰিজনৰ মাজেৰে সমাজৰ ভিন্ন দিশ সমূহৰ প্ৰতিফলন বুলি প্ৰকাশ কৰে । সমগ্ৰ বিশ্বৰ মানুহে গীতা অধ্যনয় কৰিব লাগে বুলি তেখেতে আহ্বান জনায় কয় যে,গীতাৰ প্ৰাসঙ্গিকতা যুগ যুগান্তৰলৈ মানুহৰ জীবনৰ পথ প্ৰদশক হৈ থাকিব। ধৰ্ম অবিহনে জীৱন শূন্য বুলি সদৰি কৰি ধৰ্মৰ প্রকৃত অৰ্থ সন্দৰ্ভত কয় যে, কেৱল পুজা পাতল কৰা, নাম কীৰ্তন কৰাই ধৰ্ম নহয় বুলি মন্তব্য কৰি তেখেতে পুনৰ কয়, নৰৰ পৰা নাৰায়ণ, নাৰায়ণৰ পৰা নৰোত্তম হোৱাৰ প্ৰয়াস কৰিব লাগিব বুলি সদৰি কৰি কয়, আত্মা তত্ত্বৰ কথা নজনা বাবেই প্ৰকৃতি ধ্বংস হৈছে । গীতাত এই সকলো প্ৰশ্নৰ উত্তৰ আছে ৷ পশ্চিমীয়া সংকৃতিয়ে কৈছে World is a market কিন্তু আমাৰ ভৰতীয় সংকৃতিয়ে কৈছে World is family. বসু ধৈব কুটুম্বকম্ ৷ তদুপৰি, মনুষ্য জীবনৰ লক্ষ্য সন্দৰ্ভত ডাক্তৰ, ইঞ্জিয়াৰিং হোৱা মনুষ্য জীবনৰ লক্ষ্য পোৱাৰ পৰিৱৰ্তে নৰৰ পৰা নাৰায়ণ হোৱা আমাৰ জীবনৰ লক্ষ্য হোৱা উচিত ৷ মানৱ জীবনৰ লক্ষৰ কথা আমাক গীতাই সুন্দৰ কৈ বাখ্যা কৰি গৈছে বুলি সদৰি কৰি কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা। কিন্তু আমি কৰ্ম নকৰাকৈ কেৱল ফলৰ আশা কৰিবলৈ ধৰিলো বুলি বুজৰবৰুৱাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷