অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত মুছলমানৰ বিবাহ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বিধেয়ক অনা হ’ব । ‘দা আসাম কম্পালচৰি ৰেজিষ্ট্ৰেচন অফ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ বিল-২০২৪’ বিধানসভাত উত্থাপন কৰাৰ বাবে কেবিনেটত অনুমোদন দিয়া হয় । দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে।কেবিনেটে ‘দা আসাম কম্পালচৰি ৰেজিষ্ট্ৰেচন অফ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ বিল-২০২৪’ বিধানসভাত উত্থাপনৰ বাবে মঞ্জুৰী দিয়ে । এই বিধেয়ক অনুসৰি এতিয়াৰে পৰা কাজিসকলে মুছলমান বিবাহৰ পঞ্জীয়ন কৰিব নোৱাৰিব । মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ ১৯৩৫ চনৰ আইন অনুসৰি কাজিয়ে ১৮ বছৰৰ তলৰ বিবাহ পঞ্জীয়ন কৰাৰ অধিকাৰ লাভ কৰিছিল । কিন্তু এতিয়াৰে পৰা সেই ব্যৱস্থাৰ অৱসান ঘটিব । কাজিৰ সলনি উপ-পঞ্জীয়কে বিবাহ পঞ্জীয়ন কৰিব আৰু ১৮ বছৰ বয়সৰ তলৰ বিবাহ পঞ্জীয়ন নহ’ব । অৱশ্যে বিবাহ সম্পন্ন কৰাৰ ধৰ্মীয় প্ৰক্ৰিয়া পূৰ্বৰ দৰেই থাকিব ।