মেৱাৰৰ নুহ হিংসা:
মুছলমান জেহাদিয়ে ধৰ্ম সুধি মাৰপিট কৰিছিল হস্পিতালত ৷
ৰেহাই পোৱা নাছিল ৩ বছৰীয়া কণমানিও ৷
হাৰিয়ানাৰ নুহত ভগৱা যাত্ৰাৰ সময়ত মৌলবাদীয়ে শিলগুটি নিক্ষেপ, অগ্নিসংযোগৰ উপৰি হিংসাত্মক ঘটনাৰ নতুন নতুন ঘটনা পোহৰলৈ আহিছে। হিন্দু ভক্ত সকলৰ ওপৰত ভয়ানক আক্ৰমণ চলাই থকাৰ মাজতো খেৰলা চকৰ পৰা কিছু দূৰৈত অৱস্থিত আলৱাৰ চিকিৎসালয়তো তাণ্ডৱ আৰু আক্ৰমণ কৰে মুছলমান জেহাদিয়ে ।
মুছলমান জেহাদিয়ে হাতত লাঠি আৰু অস্ত্ৰ লৈ এজন যুৱকক খেদি খেদি আক্ৰমণ কৰে । উল্লেখ্য যে যুৱকজনে সেই স্থানৰ পৰা কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ গাড়ীত জেহাদিয়ে অগ্নি সংযোগ কৰে । আনকি, গাড়ীখনত থকা তিনি লাখ টকা জেহাদিয়ে লুটি নিয়ে । আনহাতে, চিকিৎসালয়ৰ বাহিৰত ৰখাই থোৱা চিকিৎসকৰ গাড়ী পৰ্যন্ত ভাঙি লণ্ড ভণ্ড কৰে মুছলমান জেহাদিয়ে । ইয়াৰ পিছতে তেওঁলোকে হস্পিটালৰ চিচিটিভি কেমেৰা ভাঙি পেলায়।
তাৰ পিছতে ৫০ জনতকৈ অধিক মুছলমান জেহাদিয়ে চিকিৎসালয়খনৰ ভিতৰত তাণ্ডৱৰ সৃষ্টি কৰে৷ অতি হিংস্ৰ হৈ থকা জেহাদিবোৰে হস্পিটালত মুছলমান স্বাস্থ্যকৰ্মীসকলক একাষৰীয়া কৰি হিন্দু ৰোগী, স্বাস্থ্যকৰ্মী আৰু চিকিৎসকক আক্ৰমণ কৰে ।
দুস্কৃতিকাৰীয়ে ডাক্তৰৰ তিনি বছৰীয়া কন্যা সন্তানকো ৰেহাই নিদি লাঠিৰে প্ৰহাৰ কৰি আহত কৰে ৷ তদুপৰি, এগৰাকী গৰ্ভৱতী মহিলাৰ হাত-ভৰিত লাঠিৰে আক্ৰমণ কৰাৰ লগতে গতা মাৰি তলত পেলাই দিয়ে । সমান্তৰালভাৱে জেহাদিবোৰে চিকিৎসালয়ৰ চাদত উঠি আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে।