“মে-ডাম্-মে-ফী” উপলক্ষে সমূহ অসমবাসীক আন্তৰিক শুভেচ্ছা যাচিলোঁ। এই পৱিত্ৰ ক্ষণত টাই-আহোম জনগোষ্ঠীৰ পুলিন পুথাও তথা মহান স্বৰ্গদেউসকললৈ ভক্তিভৰা সেৱা নিবেদিছোঁ। “মে-ডাম্-মে-ফী”ৰ জৰিয়তে সমাজৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় হোৱাৰ লগতে সকলোৰে জীৱনত সঞ্চাৰ হওক অনাবিল সুখ-সমৃদ্ধি আৰু মংগল বতৰা, তাৰেই কামনা কৰিলোঁ।