শ্রী ৰাম মন্দিৰৰ ভূমি পূজনকলৈ অসমত ব্যাপক উছাহ।
দীৰ্ঘদিনীয়া আশা আৰু প্ৰত্যাশাৰ অন্তত ৫ আগষ্টত ৰাম জন্মভূমি অযোধ্যাত শ্রী ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনকলৈ অসমতো ব্যাপক উছাহ পৰিলক্ষিত হৈছে। সিদিনা উত্তৰ অসম প্ৰান্তৰ দৰং জিলাৰ মংগলদৈৰ ৰাম জানকী মন্দিৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত নাম-প্ৰসংগৰ লগতে ৩১০০০ বন্তি প্ৰজ্বলন কৰা হয়। উক্ত কাৰ্যসূচীত ১৫০০ লোকৰ সমাগম হয়। আনহাতে, উত্তৰ অসম প্ৰান্তৰ গুৱাহাটী, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, বৰপেটা, নলবাৰী, ধুবুৰী আদি জিলাৰ সদৰ সমূহৰ মূল মূল নামঘৰ সমূহত নাম-প্ৰসংগৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। অসমৰ সত্ৰসমূহৰ পীঠস্থান মাজুলীৰ সকলোবোৰ সত্ৰত শ্রী ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয়। অসমৰ গাঁও অঞ্চলটো শ্রী ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনকলৈ ব্যাপক উছাহ পৰিলক্ষিত হয়। গ্ৰাম্য অঞ্চলৰ ৰাইজে নিজ নিজ নামঘৰত দিনৰ ভাগত পূজা-অৰ্চনাৰ লগতে নাম-প্ৰসংগৰ কৰি সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।