শ্ৰীৰাম জন্মভূমিত শ্ৰীৰাম মন্দিৰ সামাজিক সমন্বয়ৰ এক অনুপম কেন্দ্ৰ হিচাপে বিবেচিত হব। -মিলিণ্ড পৰাণ্ডে ।
নতুন দিল্লী, বিশ্ব হিন্দু পৰিষদ (VHP)ৰ কেন্দ্ৰীয় মহামন্ত্ৰী শ্ৰী মিলিণ্ড পৰাণ্ডে ডাঙৰীয়াই ব্যক্ত কৰে যে, মৰ্যদা পুৰুষোত্তম শ্ৰীৰাম জন্মভূমি সম্পৰ্কে আজিৰ এই প্ৰেছ বার্তাখন এনে এক পৱিত্ৰ স্থানৰ পৰা সম্বোধন কৰিবলৈ ওলাইছোঁ, য'ৰ পৰা ডাঃ হেডগেৱাৰ জীৰ দ্বাৰা সংঘ গংগা তথা ডাঃ বাবাসাহেব আম্বেদকাৰ জীৰ দীক্ষাভূমিৰ পৰা সমতা- গংগাৰ ফল্গুধাৰ প্ৰবাহিত হৈছিল । মৰ্যদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰই সামাজিক সমন্বয় আৰু স্বশক্তিকৰণৰ বাৰ্তা তেখেতৰ জীৱনৰ মাধ্যমেৰে সমাজত প্ৰতিষ্ঠা কৰি থৈ গৈছে । প্ৰভূ শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণৰ অৰ্থে সমগ্র দেশৰ হাজাৰ হাজাৰ নদীৰ পৱিত্ৰ জল আৰু পৱিত্ৰ তীৰ্থ সমূহৰ পৱিত্ৰ ভূমিৰ সমাহাৰে সম্পূৰ্ণ ভাৰতবৰ্ষকে একাকাৰ কৰি ৰাষ্ট্ৰীয় একাত্মতাবাদৰ এক সুন্দৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হব। বিশ্ব হিন্দু পৰিষদৰ কেন্দ্রীয় মহামন্ত্রে গৰাকীয়ে পুনৰ কয় যে ভগৱান শ্ৰীৰামচন্দ্ৰৰ দ্বাৰা অহল্যা উদ্ধাৰ, শবৰীৰ ভক্তিপ্ৰেম আৰু নিৰাদৰাজৰ সৈতে হোৱা মিত্ৰতাৰ ঘটনা সমূহ সামাজিক সম্প্ৰীতিৰ অনুপম উদাহৰণ । শ্ৰীৰাম জন্মভূমিৰ শিলান্যাস কাৰ্য্যসূচী ১৯৮৯ চনতেই অনেক পূজ্য সন্তৰ উপস্থিতিত অনুসূচীত জাতিৰ শ্ৰী কামেশ্বৰ চৌপাল ডাঙৰীয়াৰ দ্বাৰা সম্পন্ন কৰা হৈছে । শ্ৰী চৌপাল ডাঙৰীয়া বৰ্তমানেও শ্রীৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ এজন সন্মানীয় সদস্য। তেখেতে ইয়াকো উল্লেখ কৰে যে, সমগ্র দেশৰ বিভিন্ন প্ৰান্তত থকা পৱিত্ৰ মন্দিৰৰ ভূমি আৰু পৱিত্ৰ নদী সমূহৰ জল শ্ৰীৰামজন্মভূমিলৈ ভূমি পূজনৰ নিমিত্তে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্থাপন স্থলী নাগপুৰেই হওঁক বা সন্ত ৰবিদাস জীৰ কাশীস্থিত জন্ম স্থানেই হওঁক ; উত্তৰ প্ৰদেশৰ সীতামৰী বাল্মীকি আশ্ৰমেই হওঁক বা বিদৰ্ভ (মহাৰাষ্ট্ৰ)ৰ গোন্তিয়া জিলাৰ অন্তৰ্গত কচাৰগডৰেই হওঁক, ঝাৰখণ্ডৰ ৰামৰেখা ধামৰেই হওঁক বা মধ্যপ্ৰদেশৰ টচ্যা ভীলৰ পুণ্যভূমিয়েই হওঁক, অমৃতসৰ পঞ্জাৱৰ শ্ৰীহৰি মন্দিৰ সাহিবৰেই হওঁক বা ডাঃ বাবাসাহেব আম্বেদকাৰৰ জন্মস্থলী মহৰেই হওঁক দিল্লীৰ জৈন লাল মন্দিৰেই হওঁক বা সেই বাল্মিকী মন্দিৰেই হওঁক, যত মহাত্মা গান্ধীয়ে ৭২ দিন ধৰি আছিল এই সকলো মাত্ৰ কিছুমান উদাহৰণ । য’ৰ পৰা ৰাম মন্দিৰৰ ভূমিপূজনৰ নিমিত্তে জল আৰু ভূমি অনা হৈছে ।
বিশ্ব হিন্দু পৰিষদৰ মাননীয় মহামন্ত্ৰী গৰাকীয়ে সকলো ৰামভক্তলৈ আহ্বান জনাই কয় যে, যাতে ৫ আগষ্টৰ দিনাখন পুৱা ১০:৩০ বজাত আটাইয়ে নিজ নিজ গৃহত প্ৰতিষ্ঠানত মঠ-মন্দিৰত আশ্ৰম ইত্যাদিত একত্ৰিত হৈ নিজ নিজ আৰাধ্য দেৱতাৰ উপাসনাৰে নিমিজ্জিত থাকি ভজন পূজন কীৰ্তন স্মৰণ কৰে আৰতি কৰে তথা প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰে । অযোধ্যাৰ কাৰ্য্যক্ৰমৰ যথাসম্ভৱ লাইভ কৰি সকলোকে দেখুওৱাৰো তেখেতে পোষকতা কৰে । সকলোকে নিজ নিজ ঘৰ মোহল্লা গাঁও, বজাৰ, মঠ- মন্দিৰ, গুৰুদ্বাৰত আৰু আশ্ৰম ইত্যাদিক সুমজ্জিত কৰি সন্ধ্যা বন্তি প্ৰজ্জলন কৰাৰ বাবে তেখেতে আহ্বান জনাইছে ।
মন্দিৰ নিৰ্মাণৰ নিমিত্তে যথাসম্ভৱ দান বৰঙণি আগবঢ়োৱাৰ বাবে সংকল্প গ্রহণৰ কথাটোও তেখেতে দোহাৰে । প্ৰচাৰৰ সকলো মাধ্যমৰ নিৰন্তৰ প্ৰয়োগৰ দ্বাৰা সমাজৰ অধিকতম ব্যক্তিলৈ এই বিশাল কাৰ্য্যক্ৰম বাৰ্তা প্ৰেৰণ বাবেও মিলিণ্ড পৰাণ্ডে আহ্বান জনাইছে । লগতে তেখেতে পুনৰ আহ্বান জনাই সদৰি কৰিছে যে, এই সমস্ত কাৰ্যাৱলী পালন তথা উদযাপন কালত চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা কৰোণা মহামাৰীৰ সচেতনতা সম্বন্ধীয় সকলো নীতি নিৰ্দেশনা ৰাইজে মানি চলে ।