বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – ‘‘সংঘই জনপ্ৰিয়তা নিবিচাৰে। সমাজৰহে উন্নতি বা বিকাশ বিচাৰে। সমাজৰ ভাল কামৰ বাবে সংঘৰ যদি জনপ্ৰিয়তা আৱশ্যক হয় তেতিয়াহ’লে সংঘই ইয়াক অস্বীকাৰ নকৰে। কিন্তু সমাজৰ হিতকাৰ্য সাধাৰণ লোকৰ দ্বাৰা সম্পন্ন হওক, এয়াই হ’ল সংঘৰ লক্ষ্য।’’ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঁ. মোহন ভাগৱত ডাঙৰীয়াই দিল্লীৰ বিঞ্জান ভৱনত আযোজিত তিনিদিনীয়া ‘ভৱিষ্যতৰ ভাৰতবৰ্ষ’ শীৰ্ষক আলোচনাচক্ৰৰ প্ৰথম দিনৰ বৈঠকত সম্বোধন কৰি এনে ব্যক্তব্য উপস্থাপন কৰে।
সংঘৰ সংস্থাপক আৰু প্ৰথম সৰসংঘচালক ডাঁ. কেশৱ বলিৰাম হেডগেৱাৰ দেৱৰ সংঘ স্থাপন কালৰ পৰাই ব্যক্তি নিৰ্মাণৰ জৰিয়তে সমাজ নিৰ্মাণ কৰা বিচাৰধাৰাৰ লগত আজিও সংঘ অটল- এই কথা ডাঁ. ভাগৱত ডাঙৰীয়াই স্পষ্ট কৰি দিয়ে। যেতিয়া সামৰ্থবান সংস্কাৰিক আৰু সমাজৰ প্ৰতি একাত্মতা থকা ব্যক্তিৰে সমাজ গঠন হ’ব তেতিয়া সেই সমাজে নিজৰ হিতৰ বাবে সকলো কাৰ্য কৰিবলৈ সক্ষম হ’ব পৰিব। সংঘৰ স্বভাৱ আৰু প্ৰবৃতি সম্বন্ধীয় বিষয়ত ডাঁ. ভাগৱত ডাঙৰীয়াই উল্লেখ কৰিছিল যে- সংঘৰ কাৰ্যপ্ৰণালী পৃথিবীৰ ভিতৰতে উল্লেখনীয়। ইয়াক তুলনা কৰিব নোৱাৰি। সংঘই কেতিয়াও প্ৰচাৰ হোৱাটো নিবিচাৰে। সকলো বিচাৰধাৰাৰ লোকৰ সৈতে সংঘই বন্ধুত্বতা স্থাপন কৰা সম্পৰ্কত কয় যে সমাজৰ সকলো লোকৰ সৈতে বন্ধুত্ব স্থাপন কৰি সম্পৰ্ক ৰক্ষা কৰাটো সংঘৰ বৈশিষ্ট্য। সংঘই সকলোকে বন্ধুত্ব সুলভ ঞ্জান কৰে। সমাজক গুণবত্তা কৰাৰ প্ৰয়াসেৰে দেশক বৈভৱপূৰ্ণ কৰি ৰাখিব পাৰিব বুলি সংঘই বিশ্বাস কৰে। ব্যৱস্থা-পদ্ধতি সমূহ পৰিস্কাৰ কৰিবলৈ হ’লে সমাজ পৰিস্কাৰ হ’ব লাগিব আৰু সমাজ পৰিস্কাৰ ব্যক্তিৰ দ্বাৰাহে সম্ভৱ। সেয়ে সমাজত ব্যক্তি নিৰ্মাণেই হ’ল ইয়াৰ একমাত্ৰ উপায়। সংঘৰ উদ্দেশ্য হ’ল প্ৰতিখন গাওঁ, প্ৰতিটো অঞ্চলৰ পৰা একোজন ব্যক্তি (নায়ক) বিচাৰি উলিওৱা, যাৰদ্বাৰা সমাজে অনুপ্ৰেৰণা পাব পাৰে। ‘ভেদা-ভেদভাবহীন এখন সুস্থ সমাজ নিৰ্মাণ’- সংঘৰ দ্বিতীয় লক্ষ্য হিচাপে আগত ৰাখি ডাঁ. ভাগৱত ডাঙৰীয়াই কয় যে- বিবিধতাৰ মাজত একাত্মতা নিহিত হৈ আছে। বিবিধতাৰ প্ৰতি কৰা সন্মানেই হ’ল ভাৰতৰ শক্তি।
পূৰ্ব ৰাষ্ট্ৰপতি ডা. এপিজে আব্দুল কালাম, এম এন ৰায়, ডা. ৰৱীন্দ্ৰ নাথ ঠাকুৰ, ডা. বৰ্গীয় কুৰিয়ান আদি অনেক মহাপুৰুষৰ উদাহৰণ দাঙি ধৰি কয় যে এই দেশৰ সমাজে নিজৰ প্ৰতি বিশ্বাস উৎপন্ন কৰাৰ আৱশ্যকতা আহি পৰিছে আৰু এই বিশ্বাস প্ৰাচীন সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰাহে সম্ভৱ। ভাৰতৰ মুলতত্ত্বৰ উপেক্ষা কৰিবলৈ কৰা প্ৰয়াসত বিফলতা স্পষ্ট। তেখেতে উল্লেখ কৰিছিল যে সংঘ আৰু ইয়াৰ কাৰ্যক্ৰমৰ বিকাশ কাৰ্যকৰ্তা সকলৰ নিজস্ব গুণ আৰু প্ৰেৰণাৰ আধাৰ। ইয়াত সংঘৰ কোনো অৰিহণা নাই। বিপদ আৰু সংকট কালত সংঘৰ প্ৰতিজন স্বয়ংসেৱকে দেশৰ প্ৰতিজন নাগৰিকক সহায়ৰ হাত আগবঢ়াবলৈ সদায় প্ৰস্তুত। ই সংঘৰ স্বভাৱ সুলভ ব্যৱহাৰ।’’