ভাৰত মাতৃক নিজৰ প্ৰতিবাদী কাৰ্য্যকলাপৰ যোগেদি অপমানিত কৰা সদৌ অসম ছাত্ৰ সন্থা আৰু এন. এছ. ইউ .আই. কৰ্মী সকল প্ৰকৃততে ছাত্ৰ হয়নে?নে ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰুদ্ধে সততে ঘৃণা বিয়পোৱা দুধৰ্ষ সন্ত্ৰাসবাদী?
অসম গৌৰৱ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ ফটো জ্বলালে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।তেনেস্থলত আজিও আছু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ আদৰৰ সংগঠন হৈ আছে নে?
ভাৰতবৰ্ষৰ মানচিত্ৰ জ্বলাই ভাৰত বিৰোধী কাৰ্য্যত লিপ্ত সদৌ অসম ছাত্ৰ সন্থা আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন. এছ. ইউ. আই.। ভাৰত মাতৃক অপমান কৰাৰ অধিকাৰ কোনে দিলে এই দুই তথাকথিত ছাত্ৰ সংগঠনক?
সদৌ অসম ছাত্ৰ সন্থা (AASU) আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন.এছ.ইউ.আই. (NSUI) ” কা ” আন্দোলনৰ গইনা লৈ অসম আৰু অসমীয়াৰ গৌৰৱ লাচিত বৰফুকন আৰু মা কামাখ্যা মন্দিৰৰ ফটো যুক্ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বেন্নাৰ আৰু ভাৰতৰ মানচিত্ৰ থকা পতাকা জ্বলাই দিয়ে।এই কাৰ্য্যই উদঙাই দিয়ে তেওঁলোকৰ তথাকথিত ভণ্ড অসম প্ৰীতি সম্পৰ্কে। ইয়াৰ পিছতো অসম আৰু অসমীয়াৰ অবৈধ অভিভাৱকত্বৰ ভুৱা আসন খনৰ পৰা আছুক অপসাৰিত কৰিবনে?
কলাক্ষেত্ৰ ধ্বংসৰ নজীৰ যুক্ত, আৱেগৰ সৈতে খেলা কৰা, আঠুত মগজু যুক্ত, মেৰুদণ্ড বিহীন মানুহৰ নামত কলংক এই প্ৰাণী সমূহক স্বাভিমানী অসমীয়াই সময় থাকোঁতেই চিনাক্ত কৰিবনে?
মা ভাৰতীৰ নুমলী জী অসম মাতৃৰ স্বাভিমানী সন্তান আমি।গতিকে ইমান সহজতে অসম আৰু অসমীয়াৰ স্বাভিমানক লৈ হেতালি খেলিবলৈ দিবলৈ পাৰি জানো?
লাচিতৰ ফটো খন চকুৰ সম্মুখত দাও দাওকৈ জ্বলাই দিয়া হ’ল।ইয়াৰ পিছতো বাৰু লাচিত বৰফুকনক আদৰ্শ হিচাপে লৈ গঠিত সংগঠন সমূহে চকুমুদা কুলিৰ ভাও ধৰাটো উচিত নে?
লাচিতৰ তেজ আমাৰ সিৰাই সিৰাই প্ৰবাহমান।বীৰ লাচিতৰ নেতৃত্বত মোগলক খেদিবলৈ সক্ষম হোৱা বীৰ অসমীয়া সেনাৰ আধুনিক প্ৰজন্ম আমি।গতিকে অসমীয়াৰ যুগদ্ৰস্তা লাচিতৰ এনে অপমান সহ্য কৰি থকাটো বাৰু তোষামোদজনক আচৰণ নহয় নে?
অনুৰোধ নহয়, এইয়া সকীয়নি।
সকীয়নী আমাৰ…।। প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ।
অসমীয়াৰ স্বাভিমান অক্ষুণ্ণ ৰাখোঁ আহক।
boycott অসমীয়াৰ আৱেগক লৈ খেলা কৰা ভুৱা জাতীয়তবাদৰ ভণ্ড ঠিকাদাৰ গোষ্ঠী।