চাফাই কৰ্মী বস্তিৰ ১২০০ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত, দশাৱতাৰ আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন ।
গুৱাহাটী, ৫ ডিচেম্বৰ – গুৱাহাটী মহানগৰস্থিত ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মিকী সংগীত বিদ্যালয়ে চাফাই কর্মীসকলৰ প্ৰায় ২১ টা বস্তিলৈ গৈ প্রতিটো বস্তিৰ ল’ৰা-ছোৱালীসকলক সত্ৰীয়া নৃত্য, বৰগীত ভোৰতাল নৃত্য, দেশভক্তিমূলক গীত, লোকনৃত্য, অসম সংগীত আদিৰ প্রশিক্ষণ দি আছে। দেশৰ সংবিধান প্রণেতা পৰমপুজ্য ড° ভীমৰাও আম্বেদকাৰৰ পৱিত্ৰ পুণ্য তিথিত একাঁজলি শ্রদ্ধার্ঘ্য অর্পণ কৰি সংবিধানত উল্লেখিত নাগৰিকৰ দিশ নির্দেশনাৰ লগতে নাগৰিকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াৰ মানসেৰে এই বিদালয়ে গুৱাহাটী মহানগৰৰ বিভিন্ন চাফাই কর্মীসকলৰ কণ কণ ল’ৰা- ছোৱালীসকলক বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকৰ সাংস্কৃতিক বিকাশৰ এক প্রচেষ্টা নিয়মিতভাৱে কৰি আহিছে। ড° আম্বেদকাৰৰ পুণ্য তিথি উপলক্ষে বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগত “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” শীর্ষক অনুষ্ঠান গুৱাহাটীত যোৱা কেইবা বছৰৰ পৰা আয়োজিত হৈ আহিছে আৰু এই বছৰো অহা ৮ ডিচেম্বৰ, দেওবাৰে আবেলি ৪ বজাত, গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্রিকেট সন্থা ক্রীড়াঙ্গনত এই বিশেষ অনুষ্ঠান অনুস্থিত হ’ব। বাল্মিকী সংগীত বিদ্যালয়ৰ ১১০০ ছাত্ৰ-ছাত্ৰীৰ লগতে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১০০ ল’ৰা-ছোৱালীয়ে এই অনুষ্ঠানত বৰগীত, দশাৱতাৰ নৃত্য আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰিব।
উক্ত অনুষ্ঠানৰ মূখ্য অতিথিৰ হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া, নির্দিষ্ট বক্তা হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰণীয় সহ-সৰকাৰ্যবাহ ড° কৃষ্ণ গোপাল শৰ্মা মহোদয়ৰ লগতে সন্মানীয় অতিথি হিচাপে বিভিন্ন পন্থৰ ধৰ্মগুৰুসকল, সত্ৰাধিকাৰ প্ৰভু লগতে বিশিষ্ট সাহিত্যক, শিল্পী, শিক্ষাবিদ, গুৱাহাটীৰ চাফাই কর্মীসকলৰ উপৰিও সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত নাগৰিকসকল উপস্থিত থাকিব বুলি ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ সভাপতি ডাঃ ভূপেশ চন্দ্র শর্মা আৰু উদযাপন সমিতিৰ সভাপতি শ্রী ৰাম সিঙে অবগত কৰে আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ দ্বাৰাই আম্বেদকাৰ দেৱক শ্ৰদ্ধা জ্ঞাপন কৰাৰ এই অনুষ্ঠানত আপোনাসৱৰ উপস্থিত কামনা কৰে।