বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ শ্ৰী অৰুণ কুমাৰ ডাঙৰীয়াই অংশগ্ৰহণ কৰি কয় যে সমাজে আত্মবিস্মৃতিৰ সৈতে যুঁজি আছে সেয়ে বৰ্তমান সময়ত আদৰ্শগত সাংবাদিকতাৰ পথত আগুৱাই যোৱাৰ আৱশ্যকতা আহি পৰিছে। যাৰ দ্বাৰা লোককল্যাণ তথা সত্যৰ অনুসন্ধান কৰিব পৰা যায়। আত্মবিস্মৃতিৰ ফলত আত্মহীনতা আৰু আত্মনিন্দাৰ ভাব জাগৃত হয়, যিটো সকলোতকৈ ডাঙৰ পাপ।
ভাৰতবৰ্ষৰ মূল বিচাৰ ‘বসুন্ধৈৱ কুতুম্বকম’ৰ ওপৰত আধাৰিত। ভাৰতবৰ্ষৰ বিচাৰধাৰা বাধ্যতামূলক ভাবে কোনো সংস্কৃতিৰ ওপৰত জাপি দিয়া হোৱা নাই , বৰং সকলোৰে কল্যাণ সাধন কৰাই হ’ল ইয়াৰ মূল উদ্দেশ্য। ভাৰতবৰ্ষক সমগ্ৰ পৃথিৱীৰ পথপ্ৰদৰ্শক হিচাবে থিয় কৰাব লাগিব। নাৰদ হ’ল সাংবাদিকতাৰ আদৰ্শ স্বৰূপ। সত্যৰ লগত থাকি কাম কৰা তথা সত্যৰ অনুসন্ধান কৰা লোকৰ আজিও আৱশ্যকতা আছে। কাৰ্যক্ৰমটোত সভাপতিত্ব কৰি পূৰ্ব আই এছ অধিকাৰী কে বি জংডিয়াল ডাঙৰীয়াই কয় যে দেশহিতৰ বাবে মিডিয়া অধ্যয়নৰ লগতে সত্যৰ ওপৰত আধাৰিত সাংবাদিকতা কৰা উচিত। আজিৰ কিছুমান সাংবাদিকে দেশক সৎপথৰ পৰিৱৰ্তে বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰা দেখা যায়। সেয়ে মিডিয়াৰ দায়িত্ব হ’ল সত্যৰ লগত থাকি দেশ কল্যাণৰ বাবে সাংবাদিকতা কৰা।
ত্ৰিকূটা সংবাদ কেন্দ্ৰৰ দ্বাৰা আয়োজিত এই সন্মান সমাৰোহত জ্যেষ্ঠ সাংবাদিক অশ্বনী কুমাৰ, সুৰেন্দ্ৰ শৰ্মা, ৰাজ বিলোৰিয়া, সাংবাদিক নিৰ্মল বিক্ৰম, যুৱ সাংবাদিক নিধি শৰ্মা তথা ছায়াকাৰ ৰাকেশ বক্সী আদি লোকক সন্মানিত কৰা হয়।
কাৰ্যক্ৰমত গণ্যমান্য নাগৰিক সকলক ত্ৰিকূটা সংবাদ কেন্দ্ৰ জম্মু-কাশ্মীৰৰ অধ্যক্ষ ডাঁ. সত্যদেৱ ডাঙৰীয়াই আদৰণি জনায় আৰু সংবাদিক উদয় ভাস্কৰ ডাঙৰীয়াই শলাগৰ শৰাই আগবঢ়াই।