শুকুৰবাৰৰ পৰা ফ্ৰান্সৰ ঐতিহাসিক চহৰ পেৰিছত অনুষ্ঠিত হ’ব অলিম্পিক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ মঙ্গলবাৰে পেৰিছ অলিম্পিকস্থলীত গৈ উপস্থিত হয় অসম কন্যা লাভলীনা বৰগঁহোই।
তেওঁৰ লগত আছে ভাৰতীয় বক্সিং দলটোৰ প্ৰশিক্ষক মণ্ডলীৰ অন্যতম সদস্য তথা আন এগৰাকী অসম কন্যা প্ৰণামিকা বৰা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাৰ এইবাৰ সোণৰ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে অলিম্পিকস্থলীত উপস্থিত হৈছে। ৩১ জুলাইত তেওঁ অলিম্পিকৰ ৰিঙত নামিব।
টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই অৱশ্যে এইবাৰ ৭৫ কেজি শখাতহে প্ৰতিদ্বন্দিতা কৰিব। অলিম্পিকৰ পৰা ৬৯ কেজি শাখা বাদ দিয়াৰ বাবে লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখালৈ নিজকে সাজু কৰিছে।২০২২ ত চীনৰ হাংজৌ প্ৰদেশত অনুষ্ঠিত হোৱা এছিয়ান গেমছতো লাভলীনাই ৭৫ কেজি শাখাতেই প্ৰতিদ্বন্দিতা কৰি লাভ কৰিছিল ৰূপৰ পদক। একেবছৰে তেওঁ এছিয়ান চেম্পিয়নশ্বিপত অৰ্জন কৰিছে সোণৰ পদক। সেয়ে স্বাভাৱিকতে লাভলীনাক লৈ এতিয়া অধিক আশা সজীৱ হৈ পৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনৰ।৭৫ কেজি শাখাত বিশ্ব ক্ৰমত লাভলীনা বৰ্তমান চতুৰ্থস্থানৰ খেলুৱৈ। ৰাষ্ট্ৰীয় চেম্পিয়ন লাভলীনাই টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ আগলৈকে দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। যোৱা জুনত চেক গণৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰেণ্ড প্ৰীক্সত লাভলীনাই জয় কৰিছে ৰূপৰ পদক। লাভলীনাক লৈ কেৱল অসমবাসীয়েই নহয়, দেশবাসীও যথেষ্ট আশাবাদী।