হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয় শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ
চমকপ্ৰদ সফলতা এই বৰ্ষ বিদ্যা ভাৰতীৰ ৯ শিক্ষার্থীয়ে ১০ টা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু-বিদ্যা নিকেতন সমূহৰ ফলাফলে অসমৰ জনসাধাৰণৰ মাজত বিদ্যা ভাৰতীৰ আদর্শ তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ গুৰুত্ব বহুগুণে বৃদ্ধি কৰিছে। এইবেলি সমিতিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ৫৪৪ খন নিকেতনৰ ভিতৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ ৩৩৬ খন নিকেতনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবত্তীর্ণ হৈছিল। এই পৰীক্ষাত অৱৰ্ত্তীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯৯৫৬ জন। ইয়াৰে ১৬০ খন নিকেতনৰ ছাত্ৰ-ছাত্ৰী পূৰ্ণ শতাংশ (১০০%) উত্তীর্ণ হয়।
প্রাপ্ত ফলাফল অনুসৰি শীৰ্ষ দহটা স্থানৰ ভিতৰত প্ৰথম স্থানত হৃদম ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন ঢেকিয়াজুলি; তৃতীয় স্থানত মৃগাংক ভট্টাচার্য, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট; চতুর্থ স্থানত ৰিতুপন দাস, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন, সৰ্থেবাৰী; পঞ্চম স্থানত নীলোৎপল মণ্ডল, শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টী নগাঁও, ষষ্ঠ স্থানত চন্দিতা দাস, শংকৰদেৱ শিশু নিকেতন, বোকা; সপ্তম স্থানত ক্ৰমে শ্ৰী প্লাৱিতা দাস আৰু পিযুষ নাথ, শংকৰদেৱ শিশু নিকেতন, বাঘমাৰা আৰু শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰ; অষ্টম স্থানত অর্ণরজ্যোতি দাস শংকৰদেৱ শিশু নিকেতন ৰামদিয়া আৰু নৱম স্থানত বৰষ বৰষা চেতিয়া শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰি, শিৱসাগৰৰ এই সকলে স্থান অধিকাৰ কৰে। তাৰোপৰি ডিষ্টিংছন ১১২২ জন, ষ্টাৰ নম্বৰ লাভ কৰে ১৫৭৫ জনে। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ৫৯৮১ জন, দ্বিতীয় বিভাগত ২৯৯৯ আৰু তৃতীয় বিভাগত ৫০৬ জন সর্বমুঠ ৯৪৮৬ জন ছাত্র-ছাত্রী উত্তীর্ণ হয়।
পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে শিশু শিক্ষা সমিতি, অসমৰ সকলো বিষয়ববীয়া, পূর্ণকালীন কাৰ্যকৰ্তা আৰু সমূহ কার্যকৰ্ত্তাই ছাত্র-ছাত্রী সকলে দেখুওৱা সাফল্যৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁলোকৰ জীৱনৰ উত্তৰোত্তৰ প্ৰগতি কামনা কৰে। নিকেতনসমূহৰ সাফল্যৰ আঁৰত থকা পৰিচালনা সমিতিৰ কার্যকৰ্ত্তা আৰু প্ৰত্যক্ষ ভাৱে সেৱাৰ মনোভাৱেৰে কঠোৰ পৰিশ্ৰম কৰি নিষ্ঠা সহকাৰে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা আৰু সংস্কাৰ প্ৰদান কৰা প্ৰধানাচার্য প্ৰমুখ্যে আচার্য-আচাৰ্যা সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়।