প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে হিন্দীয়ে সমগ্ৰ বিশ্বতে ভাৰতলৈ এক অনন্য সন্মান কঢ়িয়াই আনিছে।
প্ৰধানমন্ত্ৰীয়ে এক টুইট বাৰ্তাত কয়-“হিন্দীয়ে সমগ্ৰ বিশ্বতে ভাৰতলৈ এক অনন্য সন্মান কঢ়িয়াই আনিছে। ইয়াৰ সৰলতা, স্বতঃস্ফূৰ্ততা আৰু সংবেদনশীলতাই সদায় আকৰ্ষিত কৰে। হিন্দী দিৱসত, যিসকলে ইয়াক সমৃদ্ধ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত অক্লান্ত অৱদান আগবঢ়াইছে তেওঁলোকক মই হৃদয়েৰে অভিনন্দন জনাইছো।”
উল্লেখ্যে যে ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দীক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত, এই দিনটো হিন্দী দিৱস হিচাপে পালন কৰা হয়।