
দেশৰ স্বাধীনতা সংগ্ৰামত নেতাজী সুভাষ চন্দ্ৰ বসুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এনে এক সেনাবাহিনী স্থাপন কৰিছিল যি ইতিহাসৰ পৃষ্ঠাত অমৰ হৈ ৰ’ল । ১৯৪৩ চনৰ ২১ অক্টোবৰ, ভাৰতৰ স্বাধীনতাৰ পূৰ্বে, সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত অস্থায়ী ভাৰত চৰকাৰ প্ৰতিষ্ঠা কৰে। এই চৰকাৰখনক ‘আজাদ হিন্দ চৰকাৰ’ বুলি জনা যায়। নেতাজী নিজেই এই চৰকাৰৰ মুৰব্বী আছিল। নেতাজীৰ এই চৰকাৰখনক জাৰ্মানী, জাপান, ফিলিপাইনছ, কোৰিয়া, চীন, ইটালীকে ধৰি বহু দেশে স্বীকৃতি দিছিল। আজাদ হিন্দ চৰকাৰ গঠনৰ বৰ্ষপূৰ্তি উপলক্ষে কিছু অশুনা দিশৰ বিষয়ে জানো আহক।
আচলতে ‘আজাদ হিন্দ ফৌজ’ প্ৰথমবাৰৰ বাবে ১৯৪২ চনত গঠন হৈছিল। এই সময়ছোৱাত আজাদ হিন্দ ফৌজে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। কোৱা হয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আহ্বানত ভাৰত মুক্ত কৰিবলৈ প্ৰায় ৪০ হাজাৰ ভাৰতীয় পুৰুষ-মহিলাই ‘সেনাবাহিনী’ত যোগদান কৰিছিল। এই সেনাবাহিনীয়েই পিছত ‘আজাদ হিন্দ ফৌজ’ নাম পালে।
বসুৱে ১৯৪৩ চনৰ ২১ অক্টোবৰত ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী ‘আজাদ হিন্দ চৰকাৰ’ প্ৰতিষ্ঠা কৰে। এই চৰকাৰৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, সেনা প্ৰধানকে ধৰি বহু পদত তেওঁ এককভাৱে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও এছ চি চেটাৰ্জীক বিত্ত বিভাগৰ দায়িত্ব দিয়া হৈছিল, লক্ষ্মী স্বামীনাথনক মহিলা সংগঠনৰ দায়িত্ব দিয়া হৈছিল। তদুপৰি এই চৰকাৰৰ নিজা বেংক প্ৰতিষ্ঠা কৰি মুদ্ৰা আৰু ডাক টিকটো জাৰি কৰিছিল। ‘আজাদ হিন্দ চৰকাৰ’-এ বহু দেশৰ পৰা স্বীকৃতি পোৱাৰ পাছত জাপানে তেওঁলোকক আন্দামান আৰু নিকোবৰ দ্বীপ প্ৰদান কৰে। এই সময়ছোৱাত নেতাজীয়ে আন্দামানক ‘শ্বহীদ দ্বীপ’ আৰু নিকোবৰক ‘স্বৰাজ্য দ্বীপ’ নামেৰে নতুন নাম দিছিল। ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত এই দ্বীপসমূহতো স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰা হয়। এই সময়ছোৱাত নেতাজীয়ে ছিংগাপুৰ আৰু ৰেংগুনত ‘আজাদ হিন্দ ফৌজ’ৰ মুখ্য কাৰ্যালয় স্থাপন কৰে।
১৯৪৪ চনৰ ২১ মাৰ্চত আজাদ হিন্দ ফৌজে ‘দিল্লী চালো’ শ্লোগানেৰে ভাৰতৰ মাটিত অৱতৰণ কৰে। কিন্তু হিৰোছিমা আৰু নাগাছাকিত পাৰমাণৱিক আক্ৰমণৰ পিছত জাপানৰ অৱস্থা শোচনীয় হৈ পৰে। পিছত জাপানী সেনাই আত্মসমৰ্পণ কৰে। ইয়াৰ পিছতে আজাদ হিন্দ ফৌজ দুৰ্বল হ’বলৈ ধৰিলে। ইফালে আজাদ হিন্দ ফৌজৰ জোৱান আৰু বিষয়াক ১৯৪৫ চনত ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰে। আজাদ হিন্দ ফৌজৰ ধৃত জোৱান আৰু বিষয়াৰ বিৰুদ্ধে দিল্লীৰ লালকিল্লাত বিচাৰ চলিছিল। কৰ্ণেল চেহগাল, কৰ্ণেল ধিলন আৰু মেজৰ শ্বাহৱাজ খানৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছিল। পিছত তিনিওজনকে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।