এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব ৷ কেন্দ্ৰীয় চৰকাৰে আঁতৰালে ৫৮ বছৰ ধৰি জাৰি হৈ থকা নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰে বাতিল কৰি স্বয়ংসেৱক সকলক সকাহ দিলে ৷
কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীয়ে আৰ এছ এছৰ কাম-কাজত অংশগ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে। পূৰ্বতে চৰকাৰী কৰ্মচাৰীয়ে আৰ এছ এছৰ কাম-কাজত জড়িত হ’লে কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা আছিল।
কিন্তু এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে RSS যিকোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব ।
সংঘৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰী নিষেধাজ্ঞা থকাৰ বাবে সংঘৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ কিন্তু এতিয়া এই নিষেধাজ্ঞা আঁতৰোৱাৰ বাবেই নিশ্চিতভাৱে স্বয়ংসেৱক সকলৰ মনত আনন্দ বিৰাজ কৰিছে । উল্লেখ্য, ১৯৬৬ চনত কংগ্ৰেছ চৰকাৰে চৰকাৰী কৰ্মচাৰীক আৰ এছ এছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰি শাস্তিৰ ব্যৱস্থাও কৰিছিল। অৱসৰৰ পাছত একাংশ কৰ্মচাৰীয়ে পেঞ্চনৰ কথা মনত ৰাখি আৰ এছ এছত যোগদান কৰাৰ পৰা বিৰত আছিল।
কিন্তু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক ডাঙৰ সিদ্ধান্তই বহুলোকক সকাহ দিলে। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে যোগদান কৰিব পাৰিব আৰ এছ এছত। ডিপাৰ্টমেন্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং বিভাগে এক নিৰ্দেশনা জাৰি কৰি আৰ এচ এচ ৰ সকলো কাম-কাজত চৰকাৰী কৰ্মচাৰীৰ অংশগ্ৰহণৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। জানিব পৰা মতে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰী আদেশ অনুযায়ী চৰকাৰী কৰ্মচাৰীসকলক আৰ এছ এছৰ শাখা আৰু অন্যান্য কাম-কাজত জড়িত থকাৰ বাবে কঠোৰ শাস্তিমূলক বিধান আৰোপ কৰিছিল। পূৰ্বৰ এই আদেশ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰে ৷
পূৰ্বৰ চৰকাৰৰ আদেশৰ বাবে বহু চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পাছতো আৰ এছ এছত যোগদান কৰাৰ পৰা আঁতৰি আছিল। ইয়াৰ মাজতে মধ্য প্ৰদেশৰ লগতে বহু ৰাজ্যৰ চৰকাৰে এই নিৰ্দেশ বাতিল কৰিছিল যদিও কেন্দ্ৰৰ সিদ্ধান্ত সলনি হোৱা নাছিল। অৱশেষত কেন্দ্ৰইও এই নিষেধাজ্ঞা আঁতৰ কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশৰ জৰিয়তে ৫৮ বছৰীয়া আৰ এছ এছৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।