৯ আৰু দহ ছেপ্টেম্বৰত চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৷
মধ্যপ্ৰদেশৰ মন্দলা জিলাৰ বাৰবাচপুৰ গাঁৱৰ জনজাতীয় শিল্পী দুর্গা বাই ভ্যাম এগৰাকী গোন্ড চিত্ৰকলাৰ শিল্পী ৷ ভিতৰুৱা অঞ্চলত বাস কৰিও পৰম্পৰাগত শিল্পবিধলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ৷ এই শিল্পী গৰাকীক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে প্ৰখ্যাত চিত্ৰগ্ৰাহক আৰু চলচ্চিত্ৰ পৰিচালক ৰাজেন্দ্ৰ জাংগলেই ৷ কেমেৰাৰে দৃশ্যক সৌন্দৰ্যময় ৰূপ দিয়াৰ বাবে জনাজাত শিল্পী ৰাজেন্দ্ৰ জাংগলেই চিত্ৰকলা আৰু শিল্পীগৰাকীৰ বিষয়ে নিৰ্মাণ কৰা এই ছবিখনে দেশ বিদেশৰ চিত্ৰ ৰসিকৰ মাজত ইতিমধ্যেই কৌতুহলৰ সৃষ্টি কৰিছে ৷ তেওঁৰ প্ৰতিখন তথ্যচিত্ৰই সাধাৰণ দর্শকৰ বাবে অবিস্মৰণীয় দৰ্শন অভিজ্ঞতা, সমালোচকৰ বাবে অধ্যয়ণৰ সামগ্ৰী আৰু চিত্ৰ নিৰ্মাতাৰ বাবে মাষ্টাৰক্লাছ’- এনেদৰে মন্তব্য কৰে মহোৎসৱৰ পৰিচালক উৎপল দত্তই ৷ “ চলচ্ছিত্ৰম উৎসৱৰ মূলমন্ত্ৰ হৈছে আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ বুলিও তেখেতে মন্তব্য কৰে ৷ উল্লেখ্য, অহা ন আৰু দহ চেপ্টেম্বৰত জ্যোতি চিত্ৰবনত দুদিনীয়াকৈ চলচ্ছিত্ৰমৰ চুটি ছবি প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ মনকৰিবলগীয়া কথা যে, চি এন এফ এফ-ৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ ৷’ মহোৎসৱৰ ছবিৰ উপ-বিষয়বস্তুবোৰ হৈছে- ভূমি আৰু জনগোষ্ঠী, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰশিল্প, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰকলা, চিত্ৰকলা আৰু কাঠ খোদাই, সংগীত আৰু সংগীতজ্ঞ, উৎসৱ, কীৰ্তিচিহ্ন আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক, চাহ আৰু তেল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, পৰিৱেশ, গঠনমূলক কাম আৰু নাৰী ৷
মহোৎসৱৰ প্ৰতিযোগিতাত পাঁচটা শাখাত বঁটা প্ৰদান কৰা হ’ব, শ্ৰেষ্ঠ ছবি, উত্তৰ-পূবৰ শ্ৰেষ্ঠ ছবি , শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰ, আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ ৷ বিজয়ীসকলে ট্ৰফী, প্ৰমাণপত্ৰ, আৰু নগদ ধনৰ পুৰস্কাৰ হিচাপে লাভ কৰিব ৷ উল্লেখ্য, চিএনএফএফ-ৰ পূৰ্বৰ সংস্কৰণৰ ভালেকেইগৰাকী বিজয়ীয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত সন্মানিত হ’বলৈ সক্ষম হৈছে ৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা চলচ্ছিত্ৰমৰ ছুটি ছবি প্ৰতিযোগিতাৰ কৌতুহল উদ্দীপক কথাটো হ’ল অপ্ৰতিযোগিতা শাখাত ভাৰতৰ কেইবাগৰাকীও প্ৰখ্যাত চিত্ৰপৰিচালকে যোগদান কৰিব বুলি চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্ত আৰু সম্পাদক ভগৱৎ প্ৰীতমে জানিবলৈ দিছে ৷