
ৰাজ্যজুৰি আৰম্ভ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মাজুলীত ৰাসোৎসৱৰ আনন্দ
ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়।
শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়।
ৰাস উৎসৱৰ মূৰ্চ্ছনাত বিলীন
সত্রপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত সত্ৰ নগৰী মাজুলী । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু মঞ্চসমূহ । ১২ খন সত্ৰৰ লগতে অর্ধশতাধিক মঞ্চত অনুষ্ঠিত হ’ব ৰাস।
শ্ৰীকৃষ্ণৰ মাহাত্ম্য আধাৰিত ৰাস উৎসৱ অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। এই উৎসৱ আধ্যাত্মিকতা আৰু ভক্তিৰসৰ মিলনস্থলীৰূপে পৰিগণিত হৈ আহিছে। ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মাহাত্ম্য আৰু গুণ-গৰিমাৰে উদ্ভাসিত এই পৱিত্ৰ উৎসৱৰ অন্তৰালত নিহিত হৈ আছে মানৱপ্ৰেম আৰু আমাৰ চহকী সভ্যতা-সংস্কৃতিৰ গূঢ়াৰ্থ।
ৰাস উৎসৱে আমাৰ মাজত প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰি তোলক, তাৰে কামনাৰে ভগৱান শ্ৰীকৃষ্ণৰ পদযুগলত নতশিৰে সেৱা যাচিলোঁ।