ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ পণ্ডিত দীন দয়াল উপাধ্যায় আৰু মহাত্মা গান্ধীৰ দৰ্শনৰ আধাৰত গঠিত
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০, পণ্ডিত দীন দয়াল উপাধ্যায় আৰু মহাত্মা গান্ধীৰ ভাৰত কেন্দ্ৰীক শিক্ষা ব্যবস্থাৰ এক দৰ্শন, যাৰ জৰিয়তে বৈজ্ঞানিক পদ্ধতিৰে শিক্ষাৰ ভাৰতীয় কৰণৰ দ্বাৰা আমাৰ দেশ ২১ শতিকাক নেতৃত্ব দিবলৈ সক্ষম হব। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ স্থানীয় ভাষাৰ প্ৰসাৰৰ লগতে শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
বিদ্যা ভাৰতীৰ উদ্যোগত আয়োজন কৰা “MyNEP” প্ৰতিযোগিতা সমাজত সচেতনতা সৃষ্টি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উদেশ্য যুব সমাজ আৰু সচেতন মহলৰ মাজত ২৫ ছেপ্টেম্বৰ পণ্ডিত দীন দয়াল উপাধ্যায় ডাঙৰীয়াৰ জন্ম জয়ন্তীৰ পৰা ২ অক্টোবৰ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী লৈকে দাঙি ধৰাৰ এক প্ৰয়াস মাথোঁ।
বিদ্যা ভাৰতীৰ উদ্যোগত আয়োজিত “MyNEP” প্ৰতিযোগিতাৰ এই সাত দিনত তিনিটা স্তৰত বিভক্ত হোৱাৰ লগতে ১৩ টা ভাষাত অনলাইন (www.mynep.in) সেৱাৰ জৰিয়তে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো নাগৰিকৰ বাবে আয়োজিত কৰা হৈছে।
উল্লেখযোগ্য যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ক সাধাৰণ নাগৰিক আৰু শৈক্ষিক জগতৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ বিস্তৃত আলোচনা-বিলোচনা আৰু পৰামৰ্শৰ অন্তত তৈয়াৰ কৰা হৈছে। প্ৰতিযোগিতা আৰু কাৰ্যক্ৰমসমূহৰ জৰিয়তে বিদ্যা ভাৰতীয়ে এই শিক্ষা নীতিৰ বিশেষত্ববিলাকক জন সাধাৰণৰ মাজলৈ সজাগতাৰ বাবে আগবঢ়াই নিব বিচাৰিছে।
বৰ্তমানলৈ সমগ্ৰ দেশতে তিনিওটা শাখাত বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ বাবে ৭ লাখতকৈ অধিক প্ৰতিযোগীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে। যোৱা ১১ চেপ্তেম্বৰ তাৰিখে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ দ্বাৰা এই প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্ঘাটনৰ পাছত কেইবালানিও কৰ্মশালা আৰু অনলাইন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বিভিন্ন ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা NAAC আৰু AICTE সঞ্চালককে আদি কৰি সন্মানীয় শিক্ষাবিদ সকেল অংশ গ্ৰহণ কৰি মত বিনিময় কৰিছে। আগন্তুক দিনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীও শৈক্ষিক সমাজৰ লগত নিজৰ মত বিনিময় কৰিব।
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সাধাৰণ সম্পাদক শ্ৰীৰাম আৰাওকাৰে কয় – বিস্তৃত আলোচনা-বিলোচনাৰ শেষত গৃহীত কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰতৰ আত্মা স্বৰূপ আৰু ইয়াক ভাৰতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতক পুনৰ বিশ্বগুৰুৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ যি সপোন পণ্ডিত দীন দয়াল উপাধ্যায় আৰু মহাত্মা গান্ধীয়ে দেখিছিল, সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ দৃষ্টিৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিযোগিতাৰ দ্বাৰা বিদ্যা ভাৰতীয়ে এই শিক্ষা নীতিৰ মূল বিশেষত্বসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে।
অহা ২ অক্টোবৰলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত নৱম শ্ৰেণী আৰু তাৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰী আৰু যিকোনো ব্যক্তিয়ে নিজৰ নাম www.mynep.in পৰ্টেলত অনলাইন পঞ্জীয়ন কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ লগতে আনকো ইয়াত অন্তৰ্ভুক্ত কৰাত সহযোগ কৰিবলৈ “MyNEP” ৰ প্ৰান্তীয় সংযোজক লালজী সোণাৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে আহ্বান জনাইছে।