বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – অলপতে উৰিষ্যাত হৈ যোৱা সাগৰীয় ধুমুহাই সাগৰৰ উপকূল অঞ্চলসমূহৰ যথেষ্ট অনিষ্ট সাধন কৰে। ধুমুহাৰ দ্বাৰা নগৰীয়া অঞ্চল সমূহৰ ভিতৰত পুৰী, ভূৱনেশ্বৰ, কটক তথা গ্ৰামাঞ্চল সমূহৰ সোৰধা, পুৰী, কেন্দ্ৰপাড়া, জগতসিংপুৰ, জাজপুৰ আদি জিলা অধিক ক্ষতিগ্ৰস্ত হয়। মানুহৰ মাজত খাদ্য আৰু পানীৰ নাটনিয়ে দেখা দিয়ে। কিছু-কিছু ঠাইত মানুহে মুকলি আকাশৰ তলতে সময় অতিবাহিত কৰিবলগীয়া হয়।
ফনি প্ৰভাৱিত এনে অঞ্চল সমূহত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে সাহাৰ্য্য প্ৰদান কৰা দেখা গৈছে যদিও এনে কাৰ্য সমাজৰ সহযোগ অবিহনে সম্পূৰ্ণ কৰাটো সম্ভব নহয়। সেইবাবে উৎকল বিপন্ন সহায়ক সমিতি আৰু স্বয়ংসেৱক সকল যৌথভাবে প্ৰভাৱিত ক্ষেত্ৰ সমূহলৈ ৰাওনা হৈছে আৰু প্ৰভাৱিত এলেকা সমূহত সাহাৰ্য্য সামগ্ৰী প্ৰাপ্ত কৰোৱাৰ উদ্দেশ্যে বন্ধ যাতায়ত পথসমূহ চাফাই কৰা দেখা গৈছে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহকাৰ্যবাহ তথা উৰিষ্যাৰ পূৰ্ব প্ৰান্ত সংঘচালক ডাঙৰীয়াই বাবে অৰ্থিক সাহাৰ্য্যত সহযোগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।
সমিতিৰ দ্বাৰা সাহাৰ্য্য
ধুমুহা অহাৰ আগজাননী দিয়াৰ পিছত অৰ্থাৎ ৩ মে তাৰিখে ওচৰৰ মলিন বস্তি এলেকাৰ ৪০০ ৰো অধিক লোকক একেটা স্থানতে ৰখা হৈছিল। তেওঁলোকক সময়ে সময়ে বনোৱা , খাদ্য যোগান ধৰা হৈছিল। সমিতিয়ে অতি আগ্ৰহেৰে সাহাৰ্য্যকাৰ্যত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰৰ সাতখন স্থান যেনে ঘোড়াবজাৰ, শিশু মন্দিৰ পুৰী, সৰস্বতী শিশু মন্দিৰ ব্ৰহ্মাগিৰী, দণ্ডমুলুকুণ্ডাপুৰ, চান্দপুৰ, নিমাপাডা আৰু ইউনিট-৩ সৰস্বতী শিশু মন্দিৰ ভুৱনেশ্বৰ আদি ঠাইত সাহাৰ্য্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰে। ইয়াৰ উপৰিও জগৎসিংপুৰ আৰু কটক আদি ঠাইতো বিতৰণ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি প্ৰকাশ কৰে। প্ৰথম দিনটোৰ পৰাই সমিতিয়ে ১০ কুইণ্টলৰো অধিক চিৰা, পাঁচ কুইণ্টল গুৰ, পলিথিন, মমবাতি আৰু দিয়াচলাইৰ লগতে ১০ লাখৰো অধিক পানীৰ বটল যোগানৰ ব্যৱস্থা কৰে।