ৰেলেৰে অহা যাত্ৰীয়ে সংঘটিত কৰিলে ভয়ানক কাণ্ড ।
যি সময়ত মহামাৰী কৰ’ণাক ৰোধিবলৈ দেশৰ চৰকাৰ তথা প্ৰশাসনে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে সেইয়া প্ৰশংসনীয় ।
কিন্তু এচাম কাণ্ড জ্ঞানহীন লোকৰ বাবে বৰ্তমানে দেশত ভয়ানক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ।
উজনি অসম অভিমুখি এখন ৰেলৰ চেইন টানি নামিল ৫৬ জন যাত্ৰী ।
খবৰ মতে উজনি অসম অভিমুখি এখন ৰেলৰ ষ্টপেজ নাছিল হোজাই ষ্টেচনত আৰু সেইবাবেই ৰেল খন হোজাই ষ্টেছন পোৱাৰ পূৰ্বেই ৰেলৰ চেইন টানি নামিল ৫৬ জনকৈ যাত্ৰী । আৰু এই কাৰ্য্য সংঘটিত কৰাৰ লগে লগেই হোজাই ৰেল আৰক্ষী আৰু জি আৰ পিৰ লোকে ধৃত যাত্ৰী কেউগৰাকীক ৰেল ষ্টেচনতে আবদ্ধ কৰি ৰাখে । আৰু ইতিমধ্যে প্ৰশাসনে ৫৬ জন যাত্রীকে কোৱাৰেণ্টাইনলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।