দেশৰ ৰেলপথত বৃদ্ধি পাইছে জিহাদী কাৰ্যকলাপ !
কূটাঘাটৰ নিয়মিত চেষ্টা এচাম জিহাদী মনোবৃত্তিৰ পাষণ্ডৰ ।
দৈৱক্ৰমে ৰক্ষা পৰি আছে দেশৰ ৰেলযাত্ৰী সকল।
শেহতীয়া কিছুমান অভাবনীয় ঘটনাই দেশৰ ৰেল যাতায়ত বিপদসংকুল কৰি তুলিছে । দেশত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে মোডী চৰকাৰ গঠন হোৱাৰে পৰা কেবাটাও অনাকাংখিত ঘটনা ঘটিল ৰেল যাতায়তক লৈ ।
১৭ জুন’২০২৪ তাৰিখে পশ্চিম বংগৰ ৰঙাপানীত দুৰ্ঘনাগ্ৰস্ত কাঞ্চনজংঘা এক্সপ্ৰেছ
মৃত্যু ১০, আহত ৬০ জন লোক।
পুনৰ ১৮ জুলাই’২০২৪ তাৰিখে উত্তৰ প্ৰদেশৰ জিলাহীত বাগৰিল ডিব্ৰুগড় – ছত্তীছগঢ় এক্সপ্ৰেছ
মৃত্যু ৪ জন যাত্ৰী আহত ৩২ গৰাকী।
আকৌ ,৩০ জুলাই’২০২৪ , ঝাৰখণ্ডৰ জামচেদপুৰত লাইনচ্যুত হাওৰা-মুম্বাই মেইল
মৃত্যু ২, আহত ২০ গৰাকী কৈ যাত্ৰী।
১৭ আগষ্ট’২০২৪ ,উত্তৰ প্ৰদেশৰ কানপুৰত লাইনচ্যুত সবৰমতী এক্সপ্ৰেছৰ ।
মাথো দুমাহৰ ভিতৰত দেশত ৰেল দুৰ্ঘটনাত মৃত্যু ১৬ জনৰ । আহত শতাধিকজন । অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত পীড়াদায়ক । যদিহে এনেবোৰ দুৰ্ঘটনাৰ আঁৰত ৰেল কৰ্তৃপক্ষৰ গাফিলতি আছে, তেন্তে তেনে গাফিলতিৰ কৰা কৰ্তৃত্বশীল ৰেল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰতম শাস্তি সকলোৰে কাম্য । কিন্তু , সঘনাই ঘটিবলৈ ধৰা কিছুমান ঘটনাই সন্দীহান কৰি তুলিছে ৰে’ল দুৰ্ঘটনাৰ আঁৰত কোনো অপশক্তিৰ হাত আছে নেকি ?
কূটাঘাতৰ পৰিকল্পনাৰে
ৰে’ল পথত গেছ চিলিণ্ডাৰ, পেট্ৰ’ল, দিয়াচলাই ৰখা হৈছিল।
কানপুৰত কথমপি নঘটিল হৃদয়-বিদাৰক ঘটনা ।
কৰ্ণাটকত কিশোৰৰ দ্বাৰা ৰে’ল পথত শিল পাতি ৰে’ল বগৰোৱাৰ চেষ্টা ।
এটা-দুটা নহয়, সঘনে ঘটিছে এনে দুষ্কাৰ্য । আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ভাৰতীয় ৰে’ল।
উত্তৰ প্ৰদেশৰ ফাৰুকাবাদত ৩০ কিলো ওজনৰ কাঠৰ কুণ্ডা ৰে’ল পথত থৈ ৰে’ল বগৰোৱাৰ চেষ্টা কৰা হৈছিল । এই ঘটনাত গ্ৰেপ্তাৰ হৈছে এজন আন্দোলনকাৰী, চৰকাৰ বিৰোধী কৃষক নেতাৰ পুত্ৰ আৰু তেওঁৰ সহযোগী । ৰে’ল পথত কূটাঘাতৰ আঁৰত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা অথবা অভিযুক্ত হোৱা সকলো এটা বিশেষ সম্প্ৰদায়ৰ হে লোক । বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৯৯ খন আসন লাভ কৰাৰ পিছৰে পৰা ধ্বংসাত্মক ভাবে সক্ৰিয় হৈ পৰিছে এই বিশেষ সম্প্ৰদায়টোৰ এচাম । উত্তৰ প্ৰদেশৰ শ্বেইখ নামৰ এজন ইউটিউবাৰকো আটক কৰিছে আৰক্ষীয়ে । ৰে’ল পথত, চলন্ত ৰে’লৰ সন্মুখত চাইকেল, লোহা তথা অন্যান্য সামগ্ৰী স্থাপন কৰি ৰে’লৰ চলাচল বিপজ্জনক কৰি তুলিছিল এই ইউটিউবাৰজনে । প্ৰশ্ন হয় কাৰ দুৰভিসন্ধি এইবোৰ? কোনে ৰচিছে ৰে’ল বগৰোৱাৰ এনে ভয়ংকৰ ষড়যন্ত্ৰ?
ঘটনাক্ৰমৰ পৰা স্পষ্ট হৈ পৰিছে দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত কৰাৰ চক্ৰান্ত চলি আছে । এনে চক্ৰান্ত উফৰাবলৈ চৰকাৰৰ প্ৰচেষ্টা চলিবই । কিন্তু, সজাগ হ’ব লাগিব দেশৰ জনসাধাৰণো । দেশৰ শত্ৰু আমাৰ মাজতে লুকাই আছে । যিয়ে প্ৰতিনিয়ত চেষ্টা চলাই আছে ভাৰত খন জ্বলাবলৈ । ৰে’ল জিহাদ এই চক্ৰান্তৰ অংশ মাথোন । আৰু চক্ৰান্ত তেতিয়াহে ব্যৰ্থ হ’ব, যেতিয়া চৰকাৰ আৰু সচেতন নাগৰিকে সমিল মিলেৰে এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে ঠিয় দিব ।