সমতাৰ ছন্দেৰে জীৱনৰ জয়গান চাফাই কৰ্মী বস্তিৰ ১২০০ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত, দশাৱতাৰ আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন
গুৱাহাটী, ৮ ডিচেম্বৰ – দুজন “ডাক্তৰে” সমগ্ৰ দেশৰ সমস্যাসমূহ গভীৰভাৱে অনুধাৱন কৰি সেইবোৰৰ প্ৰতিকাৰৰ উপায় দেশবাসীক প্ৰদান কৰি গ’ল- সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডা° কেশৱ বলিৰাম হেডগেৱাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেওবাৰে গুৱাহাটীত দুয়োগৰাকী মহান ব্যক্তিক কাৰ্যতঃ এইদৰেই সোঁৱৰে ৰাষ্ট্ৰীয় স্বয়ংসৱক সংঘৰ সহ সৰকাৰ্যবাহ ড° কৃষ্ণগোপাল শৰ্মাই। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ড° বি আৰ আম্বেদকাৰৰ পূণ্য তিথি উপলক্ষে ডা° হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা আয়োজিত “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” শীৰ্ষক এক আটকধুনীয়া কাৰ্যসূচীত অংশ লৈ দুয়োগৰাকী “ডাক্তৰ”ক শ্ৰদ্ধাৰে সোঁৱৰে সহ সৰকাৰ্যবাহ গৰাকীয়ে । “এজনে সমগ্ৰ হিন্দু সমাজ সংগঠিত কৰি এক যোঁট কৰিলে, আৰু আনজনে সমাজৰ পৰা বিষমতা দূৰ কৰিবলৈ ব্যাপক সংঘৰ্ষ কৰিলে”- দুয়োগৰাকী চিৰ-নমস্য ব্যক্তিক এইদৰে স্মৰণ কৰে সহ সৰকাৰ্যবাহ ড° কৃষ্ণগোপাল শৰ্মাই।