বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – শ্ৰীলংকাত হোৱা আত্মঘাতী বোমা বিষ্ফোৰণৰ পিছত কট্টৰপন্থী সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে। চৰকাৰে গোৰ্খাৰ ওপৰত প্ৰতিবন্ধকতা লগায় আৰু বৰ্তমান সময়ত ৬০০ বিদেশী আৰু ২০০ মৌলবীক দেশৰ পৰা নিষ্কাষণ কৰা হয়।
শ্ৰীলংকা গৃহমন্ত্ৰী বাজিৰা আবেৱাৰদেনাই কয় যে নিষ্কাষিত মৌলবীসকল আইনী প্ৰক্ৰিয়াৰ মাজেৰে দেশত প্ৰৱেশ কৰিছিল। আক্ৰমণ সংঘটিত হোৱাৰ পিছত পোহৰলৈ অহা তথ্য অনুসৰি এওঁলোকৰ ভীজাৰ সময় সমাপ্ত হোৱাৰ পিছতো এইদেশতে বস-বাস কৰি আহিছিল। সেয়ে সুৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি এওঁলোকক দেশৰ পৰা নিষ্কাষিত কৰা হৈছে।
দেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভীজা প্ৰণালী বিষয়টোৰ ওপৰত সমীক্ষা চলোৱা হৈছিল। য’ত ধাৰ্মিক উপদেশকাৰী তথা মৌলবী সকলৰ ভীজাৰ ওপৰত প্ৰতিবন্ধকতাৰ দৰে কঠোৰ সিদ্ধান্ত লোৱা হয়। তেখেতৰ মতে কিছু বছৰৰ পৰা ধাৰ্মিক সংস্থা সমূহে বিদেশী উপদেশকাৰী সকলক গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়ে কিছুদিন আগলৈকে ধাৰ্মিক সংস্থান সমূহ এই ক্ষেত্ৰত অধিক সংখ্যাত বৃদ্ধি পাই আহিছে। সেয়েহে চৰকাৰে এই ভীজা নীতি নাইকিয়া কৰিব বিচাৰিছে, কাৰণ বিদেশী মৌলবী সকলে আত্মঘাতী বোমাৰু হিচাপে স্থানীয় লোকক কট্টৰপন্থী ৰূপত গঢ়ি তুলিব পাৰে।
গৃহমন্ত্ৰী গৰাকীয়ে নিষ্কাষিত কৰা লোক সকলৰ ৰাষ্ট্ৰীয়তা সম্পৰ্কীয় কোনো তথ্য ৰাজহুৱা কৰা নাই যদিও পুলিচৰ এক বিশেষ সুত্ৰ অনুসৰি প্ৰকাশ পাইছে যে দেশত বোমা বিষ্ফোৰণৰ পিছত কৰা অনুসন্ধানত স্পষ্ট হৈছে যে বাংলাদেশ, ভাৰত, মালদ্বীপ আৰু পাকিস্তানৰ পৰা অহা বহু বিদেশী লোকৰ ভীজাৰ সময় সীমা শেষ হোৱাৰ পিছতো তাতেই বাস কৰি আছিল।