নৰেন্দ্ৰ মোডী
বসুধৈৱ কুটুম্বকমৰ জীৱন্ত নিদর্শন মোহন ভাগৱত ৷
১১ ছেপ্টেম্বৰৰ দিনটোৱে দুটা ভিন্ন স্মৃতি মানসপটত উজলাই তোলে। প্রথমটো হৈছে ১৮৯৩ চনৰ কথা, যেতিয়া স্বামী বিবেকানন্দই তেওঁৰ চিকাগোৰ ঐতিহাসিক ভাষণ দিছিল। ‘আমেৰিকাৰ ভাতৃসকল বুলি আৰম্ভ কৰা ভাষণেৰে স্বামী বিবেকানন্দই সেই সময়ত থিয়েটাৰত হাজাৰ হাজাৰ লোকৰ হৃদয় জয় কৰিছিল। তেওঁ ভাৰতৰ কালজয়ী কিংবদন্তি ঐতিহ্য আৰু সাৰ্বজনীন ভাতৃত্ববোধক বিশ্ব মঞ্চত প্ৰচাৰ কৰিছিল। দ্বিতীয়টো হ’ল ৯/১১ ৰ আক্ৰমণৰ সময়, যেতিয়া সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ ভাবুকিয়ে এই নীতিক আক্ৰমণ কৰিছিল।
এই দিনটোৰ আন এটা কথা মন কৰিবলগীয়া। বসুধৈৱ কুটুম্বকমৰ নীতিৰে অনুপ্ৰাণিত হৈ সমাজৰ পৰিৱৰ্তন আৰু সমন্বয় আৰু ভাতৃত্ববোধক শক্তিশালী কৰাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা এজন ব্যক্তিৰ আজি জন্মদিন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত লাখ লাখ লোকে তেওঁক অতি পূজনীয় সৰসংঘচালক বুলি শ্ৰদ্ধাৰে অভিহিত কৰিছে। হয়, মই মোহন ভাগৱতজীৰ কথা কৈছোঁ, যাৰ আজি ৭৫ সংখ্যক জন্মদিন। কাকতলীয়াভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী ভাগৱতজীৰ জন্মদিনৰ লগত সংগতি আহিছে। এই সময়তে ভাগৱতজী ৰ সুদীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো।
মোহনজীৰ পৰিয়ালৰ লগত মোৰ বহুত গভীৰ সম্পৰ্ক আছে। মোহনজীৰ পিতৃ প্ৰয়াত মধুকৰৰাও ভাগৱতজীৰ লগতো ঘনিষ্ঠভাৱে কাম কৰাৰ সৌভাগ্য হৈছে। তেওঁৰ বিষয়ে মোৰ ‘জ্যোতিপুঞ্জ’ নামৰ গ্ৰন্থখনত বিস্তৃতভাৱে লিখিছো ৷ তেওঁ আইনী ক্ষেত্ৰখনৰ লগত জড়িত আছিল আৰু দেশ নিৰ্মাণৰ কামতো নিজকে নিয়োজিত কৰিছিল। সমগ্ৰ গুজৰাটতে আৰ,এছ,এছ ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মধুকৰ ৰাওজীৰ জাতি গঠনৰ প্ৰতি থকা আকৰ্ষণ ইমানেই প্ৰবল আছিল যে ই তেওঁৰ পুত্ৰ মোহনৰাওক ভাৰতৰ পুনৰুজ্জীৱনৰ দিশত কাম কৰিবলৈ প্ৰস্তুত কৰি তুলিছিল। অৰ্থাৎ পৰশমণি মধুকৰৱে মোহনৰাওক আন এজন পৰশমণি হিচাপে প্ৰস্তুত কৰিছিল।
মোহনজী সত্তৰ দশকৰ মাজভাগত মোহনজী সংঘৰ প্ৰচাৰক হৈ পৰিল। মানুহে ‘প্ৰচাৰক’ শব্দটো শুনিলে বহুতে ভাবে যে ইয়াৰ অৰ্থ এনেকুৱা এজন ব্যক্তি যিয়ে কেৱল প্ৰচাৰ কৰে বা কোনো বিষয়ত প্ৰচাৰ কৰি থাকে। এইটো এটা ধাৰণা বহুতৰে মনত উদয় হ’ব পাৰে। কিন্তু আৰ এছ এছৰ কামৰ সৈতে পৰিচিত সকলে বুজি পায় যে প্ৰচাৰক সকলৰ কাম-কাজ কেৱল প্ৰচাৰতে সীমাবদ্ধ নহয়, আচলতে প্ৰচাৰকসকলৰ এই পৰম্পৰা ৷ যোৱা এশ বছৰত দেশপ্ৰেমৰ উদ্দীপনাৰে অনুপ্ৰাণিত হাজাৰ হাজাৰ যুৱকে নিজৰ ঘৰ-বাৰী এৰি ভাৰত প্ৰথম মিছন বাস্তৱায়িত কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে।
মোহনজীয়ে আৰ এছ এছত যোগদান কৰাৰ প্ৰথম বছৰবোৰ আছিল ভাৰতীয় ইতিহাসৰ এক অতি অন্ধকাৰ সময়। এই সময়তে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন অৱস্থা জাপি দিছিল। গণতান্ত্ৰিক নীতি অনুসৰণ কৰা আৰু ভাৰতক সমৃদ্ধিশালী কৰিব বিচৰা প্ৰতিজন ব্যক্তিয়ে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাটো স্বাভাৱিক আছিল। মোহনজী আৰু আৰ এছ এছৰ অগণন স্বয়ংসেৱকে ঠিক একে কামেই কৰিলে। তেও মহাৰাষ্ট্ৰৰ গ্ৰাম্য আৰু পিছপৰা অঞ্চল বিশেষকৈ বিদৰ্ভত নিজকে কামত নিয়োজিত কৰিছিল। দুখীয়া আৰু নিপীড়িত লোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ বিষয়ে তেও অনুধাৱন কৰিছিল ৷ আৰু সেইবোৰ সমস্যাৰ বিষয়ে বুজি উঠিছিল ।
বছৰ বছৰ ধৰি ভাগৱতজীয়ে আৰ এছ এছত বিভিন্ন পদবীত অধিষ্ঠিত হৈছিল। তেওঁৰ ওপৰত ন্যস্ত কৰা প্ৰতিটো কৰ্তব্য তেওঁ অতি নিপুণতাৰে পালন কৰিছিল। নব্বৈৰ দশকৰ সময়ছোৱাত অখিল ভাৰতীয় শাৰীৰিক প্ৰমুখৰ মুৰব্বী হিচাপে মোহনজীয়ে পাৰ কৰা বছৰবোৰ আজিও বহু স্বয়ংসেৱকে শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। এই সময়ছোৱাত তেওঁ বিহাৰৰ গাঁওবোৰত অক্লান্তভাৱে কাম কৰিছিল। এই অভিজ্ঞতাবোৰে তৃণমূল পৰ্যায়ৰ বিষয়ৰ সৈতে তেওঁৰ সংযোগ আৰু অধিক গভীৰ কৰি তুলিছিল। ২০০০ চনত তেওঁ সৰকাৰ্যবাহ হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল । এনে সময়তো তেওঁ নিজৰ অনন্য কৰ্মৰ জৰিয়তে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ নিজৰ ব্যক্তিত্ব আৰু দক্ষতাৰে জটিল পৰিস্থিতিবোৰকো সৰল কৰি তুলিছিল আৰু নিখুঁতভাৱে চম্ভালিছিল। ২০০৯ চনত তেওঁ সৰসংঘচালক হিচাপে দায়িত্ব গ্ৰহণ কৰি সক্ৰিয়ভাৱে কাম কৰে।
সৰসংঘচালকৰ কাম সাংগঠনিক দায়িত্বতকৈ বহু বেছি। এজন অসাধাৰণ ব্যক্তি মোহনজীয়ে ত্যাগ, উদ্দেশ্যৰ স্পষ্টতা আৰু ভাৰত মাতৃৰ প্ৰতি অটল দায়বদ্ধতাৰ জৰিয়তে এই দায়িত্বক নতুন ৰূপত পুনৰ সংজ্ঞায়িত কৰে। মোহনজীয়ে দায়িত্বৰ বিশালতাৰ সৈতে সম্পূৰ্ণ ন্যায়ৰ সংমিশ্ৰণেৰে নিজৰ শক্তি, বৌদ্ধিক গভীৰতা আৰু সহানুভূতিশীল নেতৃত্বৰ প্ৰমাণ দিয়ে। তেওঁৰ এনে সকলো কৰ্ম আৰু কথাই দেশ প্ৰথম নীতিৰ দ্বাৰা অনুপ্ৰাণিত হয় ৷
যদি মই মোহনজীৰ বিষয়ে লক্ষ্য কৰিবলগীয়া বিশেষ কথাৰ বিষয়ে কওঁ, তেন্তে মোহনজীয়ে নিজৰ হৃদয়ত সাঁচি ৰখা আৰু নিজৰ কর্মশৈলীত প্রদর্শন কৰা দুটা বৈশিষ্টাৰ কথা ক’বই লাগিব৷ সেয়া হৈছে ধাৰাবাহিকতা আৰু অভিযোজন। তেওঁ সদায় সংগঠনটোক অতি জটিল ঘটনাক্ৰমৰ মাজতো সুন্দৰভাৱে পৰিচালিত কৰি আহিছে। এইক্ষেত্রত তেওঁ আমি সকলোৱে গৌৰৱ কৰা সংগঠনৰ মূল মতাদৰ্শৰ সৈতে কেতিয়াও আপোচ কৰা নাই আৰু একে সময়তে সমাজৰ নিত্য নতুন প্রয়োজনীয়তাসমূহো পূৰণ কৰি আহিছে। যুৱক-যুৱতীসকলৰ সৈতে তেওঁৰ সংযোগ-অতি মধুৰ। সেইবাবেই তেওঁ সদায় সংঘ পৰিয়ালৰ সৈতে অধিকসংখ্যক যুৱক-যুৱতীক একত্রিত কৰাৰ বিষয়ত মনোনিবেশ কৰি আহিছে। তেওঁক প্রায়ে ৰাজহুৱা স্থানত বক্তৃতা দিয়া আৰু মানুহৰ সৈতে মত বিনিময় কৰা দেখা যায়, যিটো আজিৰ গতিশীল আৰু ডিজিটেল জগতখনত অতি প্রয়োজনীয় কথা হৈ পৰিছে।
বিস্তৃতভাবে ক’বলৈ গ’লে ভাগৱতজীৰ কাৰ্যকাল আৰ এছ এছৰ এশ বছৰীয়া যাত্ৰাৰ আটাইতকৈ পৰিবৰ্তনশীল সময় বুলি বিবেচনা কৰিব পাৰি। ঐক্য পোছাকৰ পৰিবৰ্তনৰ পৰা আৰম্ভ কৰি শিক্ষা বর্গ (প্রশিক্ষণ শিবিৰ) ৰ পৰিবৰ্তনলৈকে তেওঁৰ নেতৃত্বত কেইবাটাও উল্লেখযোগ্য পৰিবর্তন ঘটোৱা হৈছে। নি বিশেষকৈ ক’ভিড কালত মোহনজীৰ প্ৰচেষ্টাৰ কথা সকলোৰে মনত আছে, যেতিয়া মানৱতাই মহামাৰীৰ সৈতে যুঁজিছিল , সেই সময়ত আৰ এছ এছৰ পৰম্পৰাগত কাম-কাজ অব্যাহত ৰখাটো প্রত্যাহ্বানজনক হৈ পৰিছিল। মোহনজীয়ে সেই সময়ত প্রযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছিল। বিশ্বজনীন প্রত্যাহ্বানৰ মাজতো তেওঁ প্রতিষ্ঠানিক কাঠামো গঢ়ি তোলাৰ লগতে বিশ্বৰ দৃষ্টিভংগীৰ সৈতে সংযুক্ত হৈ সকলো কাম নিয়াৰিকৈ অব্যাহত ৰাখিলে।
সেই সময়ত সকলো স্বয়ংসেৱকে আৰ্তজনৰ কাষ চাপিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ একে সময়তে নিজৰ আৰু আনৰ সুৰক্ষাও নিশ্চিত কৰিছিল। বহু স্থানত চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল। সেই সংকটৰ সময়ত আমিও আমাৰ বহু কঠোৰ পৰিশ্ৰমী স্বয়ংসেৱক হেৰুৱালো ৷ কিন্তু মোহনজীৰ প্ৰেৰণা এনে আছিল যে ইমানৰ পিচতো স্বয়ংসেৱকৰ দৃঢ়তা কোনোগুণে হ্রাস পোৱা নাছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে নাগপুৰত মাধৱ নেত্র চিকিৎসালয় উদ্বোধনী অনুষ্ঠানত মই কৈছিলো যে, আৰ এছ এছ অক্ষয় বটৰ দৰে, ই আমাৰ দেশৰ জাতীয় সংস্কৃতি আৰু সামুহিক চেতনাক শক্তিশালী কৰা চিৰন্তন বট গছ। এই অক্ষয় বটৰ শিপাবোৰ মূল্যবোধত গভীৰ আৰু শক্তিশালীভারে শিপাই আছে। মোহন ভাগবতজীয়ে যি সমর্পণেৰে এই মূল্যবোধক লালন-পালন কৰি সেইবোৰক আগুৱাই নিয়াৰ প্রতিশ্রুতি বহন কৰিছে, সেয়া সঁচা অৰ্থত প্ৰেৰণাদায়ক কথা।
মোহনজীৰ ব্যক্তিত্বৰ আন এটা প্রশংসনীয় গুণ হ’ল তেওঁৰ মৃদুভাষী স্বভাব। মানুহৰ কথা আন্তৰিকতাৰে শুনাটো তেওঁৰ’ এক ব্যতিক্রমী গুণ। এই বৈশিষ্ট্যই তেওঁৰ গভীৰ দৃষ্টিভংগীৰ কথাই প্রতিফলিত কৰে। লগতে ই মোহনজীৰ ব্যক্তিত্ব তথা নেতৃত্বত সংবেদনশীলতা আৰু মৰ্যাদাৰ অনুভূতিক অধিক মাত্রাত প্রতিফলিত কৰি আহিছে।
মই তেওঁৰ আন এক গুণৰ বিষয়েও লিখিব বিচাৰিছো। সেয়া হৈছে তেওঁ সদায় বিভিন্ন গণ আন্দোলনৰ প্রতি তীব্র আগ্রহ দেখুৱাই আহিছে। স্বচ্ছ ভাৰত মিছনৰ পৰা আৰম্ভ কৰি বেটী বচাও বেটী পঢ়াওলৈকে, এই আন্দোলনসমূহত আৰ এছ এছ পৰিয়ালক জড়িত কৰাই এনে আন্দোলনৰ শক্তি বৃদ্ধি কৰিবলৈ তেওঁ সদায় আহ্বান জনাই আহিছে। সামাজিক কল্যাণক অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে মোহনজীয়ে ‘পঞ্চ পৰিবৰ্তন’ৰ কথা কৈ আহিছে, য’ত সামাজিক সম্প্রীতি, পাৰিবাৰিক মূল্যবোধ, পৰিবেশ সচেতনতা, জাতীয় স্বার্থ আৰু নাগৰিক কর্তব্য আদি অন্তর্ভুক্ত হৈ আছে। এনেবোৰ কথাই সকলো স্তৰৰ ভাৰতীয়ক অনুপ্রাণিত কৰিব পাৰে। প্ৰতিগৰাকী স্বয়ংসেৱকে এখন শক্তিশালী সমৃদ্ধিশালী দেশৰ সপোন দেখি আহিছে। এই সপোন বাস্তৱায়িত কৰিবলৈ স্পষ্ট দৃষ্টি আৰু নিৰ্ণায়ক কার্য উভয়ৰে প্রয়োজন। মোহনজীয়ে এই দুয়োটা বিষয়কে লক্ষণীয় ৰূপত মূৰ্ত কৰি তুলিছে। ভাগৱতজীয়ে সদায় ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ প্ৰবল সমর্থক, ভাৰতৰ বৈচিত্র্য আৰু আমাৰ ভূমিৰ অংগ হিচাপে পৰিগণিত হোৱা ভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰ উদযাপনৰ বিষয়ত তেওঁ দৃঢ় বিশ্বাসী।
ব্যস্ততাৰ মাজতো মোহনজীয়ে সংগীত আৰু গীতৰ বাবে সদায় সময় উলিয়াই আহিছে। ভাৰতীয় বিভিন্ন বাদ্যযন্ত্র সংগত কৰাত তেওঁ যে অতি নিপুণ, সেই কথা কমসংখ্যক লোকেহে জানে। তেওঁৰ পঢ়াৰ প্ৰতি থকা আকর্ষণ তেওঁৰ ভাষণ-পাৰস্পৰিক মত বিনিময়ত পৰিস্ফুট হয়।
চলিত বৰ্ষত, কেইদিনমানৰ পিচতে আৰ এছ এছৰ এশ বছৰ পূৰ্ণ হ’ব। এইবাৰ বিজয়া দশমী, গান্ধী জয়ন্তী, লাল বাহাদুৰ শাস্ত্রী জয়ন্তী আৰু আৰ এছ এছৰ শতবার্ষিকী উদযাপন একেদিনাই হোৱাটোও এক সুখকৰ কাকতালীয় কথা। আৰ এছ এছৰ সৈতে জড়িত ভাৰত আৰু বিশ্বৰ লাখ লাখ লোকৰ বাবে ই এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। লগতে সুখৰ কথাটো এয়াই যে মোহনজীৰ দৰে এগৰাকী অতি জ্ঞানী আৰু কঠোৰ পৰিশ্ৰমী সৰসংঘচালকে এই সময়ত সংগঠনটোক পৰিচালনা কৰি আছে। সামৰণিত কওঁ যে মোহনজী বসুধৈব কুটুম্বকমৰ জীৱন্ত নিদর্শন। আমি যেতিয়া সীমাৰ ঊর্ধ্বলৈ গৈ সকলোকে নিজৰ বুলি গণ্য কৰো, তেতিয়া ই সমাজত বিশ্বাস, ভাতৃত্ববোধ আৰু সমতা শক্তিশালী কৰি তোলে। মা ভাৰতীৰ সেৱাত নিয়োজিত হৈ থাকিবলৈ মোহনজীৰ সুদীর্ঘ আৰু সুস্থ জীৱন পুনৰ কামনা কৰিলো।
নৰেন্দ্ৰ মোডী
