ডিজিটেল ডেস্ক : অক্টোবৰৰ ভিতৰত ভাৰতে লাভ কৰিব ৫ টা নতুন কভিডৰ ভেকচিন । এই কথা ব্যক্ত কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা: হৰ্ষবৰ্দ্ধনে । লগতে এই নতুনকৈ দেশে লাভ কৰিবলগীয়া ভেকচিন বৰ্তমান সুকীয়া সুকীয়াকৈ পৰীক্ষা চলি থকাৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি
অহা দহ দিনৰ ভিতৰত ৰাছিয়াৰ নতুন কভিড ভেকচিন স্পটনিক-ভিৰ জৰুৰী ব্যৱহাৰ কৰাৰ বাবে আবেদন জনায় আৰু অহা সপ্তাহ বা দহ দিনৰ ভিতৰত এই ভেকচিন ব্যৱহাৰৰ
অনুমতি দিয়াৰ কথাও প্ৰকাশ কৰে।
আনহাতে প্ৰাপ্ত্য তথ্য মতে, বৰ্তমান ভাৰতত ৬ টা ভেকচিনৰ মানুহৰ দেহত পৰীক্ষা চলি আছে তাৰেই ১৪ টা ভেকচিনৰ প্ৰাৰম্ভিক পৰীক্ষাও ইতিমধ্যে চলি থকাৰ উপৰিও ভাৰতত এবছৰৰ ভিতৰত নতুন দুটা ভেকচিন প্ৰস্তুতৰ কামো চলিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা: হৰ্ষবৰ্দ্ধনে উল্লেখ কৰে ।