আজি ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ উদ্দোগত প্ৰাদেশিক কাৰ্য্যকাৰী সমিতি, ক্ৰীড়া ভাৰতীৰ অসমৰ বিভিন্ন জিলাৰ বিষয়ববীয়া আৰু অসমৰ ক্ৰীড়াবিদ সকলৰ মাজত অসম ক্ষেত্ৰৰ মাননীয় সহ ক্ষেত্ৰ প্ৰচাৰক শ্ৰী যুত বশিষ্ঠ বুজৰবৰুৱা দেৱে অনলাইন বৌদ্ধিক প্ৰদান কৰে ।
সাম্প্ৰতিক সময়ৰ পৰ্যালোচনাৰ লগতে এই জটিল সময়ত আমাৰ সকলোৰে দেশৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ প্ৰতি আমাৰ কৰ্তব্য, গ্ৰামীণ অৰ্থনীতি আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত আমাৰ সকলোৰে কৰ্তব্যৰ বিষয়ে তেখেতে অৱলোকন কৰে ।
গীতা ভাগৱতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমতে উপলব্ধ বিভিন্ন জীৱন জীৱিকাৰ পথ যিবোৰ প্ৰায় ৫০ লাখ সন্দেহজনক বাংলাদেশীয়ে দখল কৰি আছে, বহিঃৰাজ্যৰ পৰা ঘুৰি অহা আৰু আহিব লগা প্ৰায় ২০-৩০ যুৱক যুৱতীয়ে যদি অৱলম্বন কৰে তেতিয়া তেওলোক আমাৰ মাজত নিৱনুৱা হোৱাৰ পৰিৱৰ্তে নিজক কৰ্ম সংস্কৃতিৰে প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতে আহ্বান জনায় ।