অসম আৰু নাগালেণ্ডৰ বনবাসী কল্যাণ আশ্ৰমৰ প্ৰতিনিধিসকলে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি মানালীলৈ গৈ মাতা হিড়িম্বা ৰ মন্দিৰ দৰ্শন কৰে। হিড়িম্বা মাতা ৰ দৰ্শন কৰি নাগালেণ্ড তথা অসমৰ প্ৰতিনিধি সকল ভাবুক হৈ যায় । তেওঁলোকে কয় যে , তেওঁলোক হিড়িম্বাৰ বংশধৰ । উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ ডিমাপুৰত ও আছে হিড়িম্বাৰ মন্দিৰ । উল্লেখযোগ্য যে হিড়িম্বা, ভীমৰ পত্নী হিচাপে জনাজাত । এই সম্পৰ্ক ই প্ৰমান কৰে যে তাহানিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰ লগত ভাৰতৰ সু-সম্পৰ্ক বিৰাজমান ।
দুয়োখন ৰাজ্যৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া নাগালেণ্ডৰ বিনীতা জগডুঙে জনাইছে যে তেওঁৰ সৈতে তেওঁৰ সতীৰ্থ সদস্য ক্ৰমে নাগালেণ্ডৰ অজয়ধৰ আৰু চিদলী লগতে অসমৰ হৰিনময় বথাৰী , মুক্তেশ্বৰ কেম্পৰে, হিমাংশু ভাতৰীয়া, সুখেন ফাগৱা তথা অজয় ফাগৱা ৰ লগত বনবাসী কল্যাণ আশ্ৰম আৰু হিমগিৰি কল্যাণ আশ্ৰমৰ সহয়োগত হিমাচললৈ আহিছিল ।তেখেতে কয় যে, তেওঁলোক ডিমাছা সম্প্ৰদায়ৰ লোক যিসকলে অসম আৰু নাগালেণ্ডত বাস কৰে ।
হিমাচল প্ৰদেশ ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰি তেওঁ কয় যে মাতা হিড়িম্বা দৰ্শনৰ সুয়োগ লাভ কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা আৰু হিমাচলৰ জনজাতীয় লোকসকলৰ কথাবোৰ বিতং কৈ জানিব পৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ অনুভৱ।