এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় সেনা বাহন। ৩ জন জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। মঙ্গলবাৰে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰী জিলাত ভাৰত-চীন সীমান্তৰ টাপিত সংঘটিত হৈছে এই ঘটনা।
তথ্য অনুসৰি ,সেনা জোৱান কঢ়িওৱা এখন বাহন পাহাৰীয়া পথৰ পৰা দ-খাৱৈত বাগৰি পৰাৰ ফলতে এই ঘটনা সংঘটিত হয়। এই ঘটনাত নিহত জোৱান কেইজনৰ নাম ক্ৰমে হাবিলদাৰ নখাত সিং, নায়ক মুকেশ কুমাৰ আৰু গ্ৰেণেডিয়াৰ আশীষ। এই আটাই কেইজন সেনা জোৱান ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ অধীনৰ।
এই ঘটনাত শোক প্ৰকাশ কৰিছে সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডে। সামাজিক মাধ্যমত ইষ্টাৰ্ণ কামাণ্ডৰ ফালৰ পৰা লিখিছে লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীসহ তিনি জোৱানৰ মৃত্যুত গভীৰ শোক। ভাৰতীয় সেনা নিহত জোৱানসকলৰ শোক সন্তপ্ত পৰিয়ালৰ কাষত আছে।