
আইমী বৰুৱা আৰু পাৰ্থসাৰথি মহন্তই গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজ্বলিত অসমৰ কেইবাগৰাকীও সন্তান। এইবেলি বিৰল বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত অসমীয়া ছবিয়ে নিজৰ নাম অক্ষুণ্ণ ৰাখে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকে কেইবাখনো অসমীয়া চলচ্চিত্ৰ ।
আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-ৰ বাবে তথ্যচিত্ৰ নিৰ্মাতা অভিনেত্ৰী আইমী বৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মু্ৰ্মু হাতৰ পৰা বঁটা গ্ৰহণ কৰে।সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই কিদৰে চেষ্টা চলাইছিল বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে সেই বিষয়ে উল্লেখ কৰে। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা, কঠিন পৰিস্থিতিতো পীড়িতসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত উল্লেখ কৰে।
আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমীয়া তথ্যচিত্র ‘হাড়গিলা : দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক’। তথ্যচিত্ৰখনৰ পৰিচালক IGP পাৰ্থসাৰথি মহন্তৰ আৰু প্ৰযোজনা পাৰ্থসাৰথি মহন্তৰ মাতৃ মীনা মহন্তৰ। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্রদান অনুষ্ঠানত জুৰীৰ বিশেষ বঁটা লাভ কৰিলে তথ্যচিত্ৰখনে। দেশৰ ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰে মাতৃ-পুত্ৰই।