গুৱাহাটী , ৯ আগষ্ট =বিশ্ব সংবাদ কেন্দ্র, অসমৰ চলচ্চিত্রমে বিগত বর্ষ সমূহৰ দৰে এইবাৰাে আয়ােজন কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱ । কাইলৈ অৰ্থাৎ ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অনলাইন পদ্ধতিত পঞ্চম সংখ্যক চলচ্চিত্রম ৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱ অনুষ্ঠিত হব বুলি বিশ্ব সংবাদ কেন্দ্র,অসমৰ সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিছে। কভিভ কেন্দ্রিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনলাইনযােগে অনুষ্ঠিত কৰিব বিচৰা মহোৎসৱনৰ বিশেষ আকর্ষণ হ’ব মণিপুৰৰ চলচ্চিত্ৰৰ স্বর্ণজয়ন্তী উপলক্ষে আয়োজন কৰা বিশেষ কার্যসূচী । এই কার্যসূচীত প্রদর্শন কৰা হ’ব অৰিবাম শ্যাম শৰ্মাৰ প্রখ্যাত চলচ্চিত্র ইমাগি নিংগথেম ’ আৰু হওবাম পৱল কুমাৰে প্রথম মণিপুৰী চিনেমাক লৈ নিৰ্মাণ কৰা তথ্যচিত্র ‘ ফাষ্ট লিপ । লগতে থাকিব অন্য তথ্যচিত্র আৰু গীতৰ ভিডিঅ ’ । ইফালে ১৩ আগষ্টত ড ° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু – দিৱস উপলক্ষে পােহৰ মিডিয়া’ৰ সহযােগত প্রদর্শন কৰা হ’ব ‘ কোলাহল । লগতে থাকিব ড ° শইকীয়াৰ বিষয়ে এখন তথ্যচিত্র আৰু অন্য ভিডিঅ ’ । মহােৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা চলচ্চিত্র প্রতিযােগিতাৰ নির্বাচিত ছবিসমূহাে প্রদর্শন কৰা হ’ব । সেই ছবিসমূহ হ’ল মাৰাঠী ছবি ‘ ভেট ‘ , অসমীয়া ছবি দা ডেজ অব ছামাৰ ’ , ‘ মাগুৰ ’ , ‘ শগুন ’ আৰু ‘ দা ৱৰ্কিং মেন ’ , ইংৰাজী ছবি ‘ ডেলিভাৰেন্স ’ , মণিপুৰী ছবি ‘ পান্থাউগি লিকলাম ’ আৰু ‘ দা টিনটেড মিৰৰ ,তামিল ছবি চেনাই আৰু হিন্দী ছবি টাইম । প্রদর্শন হ’বলগীয়া আন কেইখনমান , ছবি হ’ল মলয় দাসগুপ্তৰ ‘ ডান্সিং উইথ নেচাৰ ’ , ‘ ড ° সুৰভি বিপ্লৱৰ সৰ্বোদয় কে লিয়ে মাতৃশক্তি ’ , য়াদু বিজয়কৃষ্ণনৰ ‘ দা চেচ প্লেয়াৰ ’ , মনােজ নাইকচাটামৰ ভৰসা ’ আৰু চিৰঞ্জীৰ ডিমৰিৰ ‘ দা দিডজ ক্রাফটাৰ । জুৰি ফিল্ম শিতানত থাকিব উর্বশী ইৰাণীৰ ‘ অনাহিতাজ ল ’ আৰু ‘ মামাজী ’ , অদ্বৈতা কালাৰ চিত্রনাট্যৰ অনজানা অনজানী ’ আৰু কাহানী , অসীম সিনহা সম্পাদিত ৰুই কা বাজ ’ , বিজয়া জেনা পৰিচালিত তাৰা আৰু ত্রিবেনী ৰায় পৰিচালিত যথাত্ব । লগতে এইবাৰ আৰম্ভ কৰা এটি নতুন বিভাগত জুৰি সদস্যসকলৰ বিভিন্ন ৰচনাও প্রদর্শন কৰা হ’ব । আগ্রহীসকলে‘ চলচ্চিএম ভট ইন লগ ইন কৰি এই মহোৎসৱৰ ছবিসমূহ বিনামূলীয়াকৈ উপভােগ কৰিব পাৰিব । ছবি প্রতিযােগিতাৰ ফলাফল পােন্ধৰ আগষ্টত ঘােষণা কৰা হ’ব বুলি জনাইছে চলচ্চিত্ৰমৰ উদ্যোক্তা তথা বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশােৰ শিৱমে । মহােৎসৱ উদ্বোধন দিনা সন্ধিয়া আঠ বজাত অনলাইন প্লেটফর্ম ক্লাবহাউছত এখন আলােচনাৰ আয়ােজন কৰা হৈছে । মহােৎসৱৰ পূৰ্বৰ জুৰি , অংশগ্রহণকাৰী ছবিসমূহৰ কলা – কুশলীয়ে অংশগ্রহণ কৰিবলগীয়া এই অসমীয়া আৰও ইংৰাজী দ্বিভাষিক আলােচনাত সকলাে চিত্রানুৰাগীয়ে অংশগ্রহণ কৰিব পাৰিব । এই আলােচনা পৰিচালনা কৰিব ডেল্টন খ্রিস্টোফাৰ জিউ লুইচ আৰ চলচিত্র পৰিচালক কৃপাল কলিতাই ।