
RSS Sarsanghachalak arrives at Geetashram in Hojai
আজিৰ পৰা তিনিদিনীয়া ভ্ৰমনসূচী লৈ অৰ্থাৎ ২৭ জুলাইৰ পৰা ২৯ জুলাইলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক ডা°মোহন ভাগৱত অসম ক্ষেত্রৰ উত্তৰ অসম প্ৰান্তৰ হোজাইৰ গীতাশ্ৰমত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ সংঘ শিক্ষাবৰ্গৰ দ্বিতীয় বৰ্ষ উপলক্ষে কৰা নিয়মিত প্ৰবাসৰ এয়া অনুৰূপ কাৰ্যসূচী বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। ডা: মোহন ভাগৱতে আজি আবেলি পাঁচ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনে পোনে হোজাইৰ গীতাশ্ৰমত উপস্হিত হয় ৷ উল্লেখ্য, হোজাইৰ গীতাশ্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ১২ জুলাইৰ পৰা ১ আগষ্টলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘ শিক্ষা বৰ্গৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈ আছে ৷ উক্ত শিৱিৰত উপস্হিত থাকি সৰসংঘচালক গৰাকীয়ে স্বয়ংসেৱক সকলক উদ্দেশ্যি বৌদ্ধিক প্ৰদান কৰাৰ লগতে মত বিনিময় কৰিব ৷ হোজাইৰ গীতাশ্ৰমত অনুষ্ঠিত সংঘ শিক্ষা বৰ্গৰ দ্বিতীয় বৰ্ষত অসম ক্ষেত্ৰৰ মুঠ ১৬১ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ৷ অসম ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তৰ ভিতৰত উত্তৰ অসম প্ৰান্তৰ ৯৫ গৰাকী, দক্ষিণ অসম প্ৰান্তৰ ১২ গৰাকী, অৰুণাচল প্ৰান্তৰ ৪ গৰাকী, ত্ৰিপুৰা প্ৰান্তৰ ৪৪ গৰাকী আৰু মণিপুৰ প্ৰান্তৰ ৬ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ৷ আনহাতে, ডা: মোহন ভাগৱতে ২৯ জুলাইৰ আবেলি হোজাইৰ পৰা গুৱাহাটীত উপস্হিত হৈ নিশাটো গুৱাহাটীতে কটাই ৩০ জুলাইৰ পুৱাই ৰাওনা হব।