পবিত্ৰ ভাদ মাহত কংসৰ কাৰাগাৰত দৈবকীৰ গৰ্ভত জন্ম লৈছিল ভগৱান শ্ৰীকৃষ্ণ৷ শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ-মালহেৰে পালন কৰি আহিছে৷ মথুৰাত জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ৷
প্ৰাচীন কামৰূপ (প্ৰাগজ্যোতিষপুৰ)ৰ সৈতেও শ্ৰীকৃষ্ণৰ আছিল বিশেষ সংযোগ।
বিভিন্ন প্ৰাচীন হিন্দু ধৰ্ম গ্ৰন্থত উল্লেখ আছে এই সংযোগৰ বিষয়ে ।
বিশেষ উল্লেখ আছে মহাভাৰতৰ সভা পৰ্ব আৰু ভীষ্ম পৰ্বত ।
প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তৰে শ্ৰীকৃষ্ণৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ সবিশেষ বৰ্ণনা।
কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজিছিল ৰজা ভগদত্তই।
পৰাক্ৰমী হস্তী বাহিনীৰে পাণ্ডৱ সেনা ছেদেলি-ভেদেলি কৰিছিল ৰজা ভগদত্তই ।
ভগদত্তক ৰুধিবলৈ শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথ লৈ আহিছিল ভগদত্তৰ সন্মুখলৈ ।
তয়াময়া যুদ্ধ হৈছিল ভগদত্ত আৰু অৰ্জুনৰ মাজত।
অৰ্জুনক বধিবলৈ ভগদত্তই প্ৰয়োগ কৰিছিল বৈষ্ণৱাস্ত্ৰ ।
শ্ৰীকৃষ্ণই বৈষ্ণৱাস্ত্ৰ গাত পাতি লৈ অৰ্জুনৰ জীৱন ৰক্ষা কৰে।
ভাগৱত পুৰাণ আৰু হৰিবংশটো উল্লেখ আছে শ্ৰীকৃষ্ণৰ প্ৰাচীন কামৰূপৰে সংযোগৰ আখ্যান
অসুৰ ৰাজ নৰকাসুৰৰ নিধন হৈছিল শ্ৰীকৃষ্ণৰ হাততে ।
হৰি-হৰৰ যুদ্ধও প্ৰমাণ শ্ৰীকৃষ্ণৰ প্ৰাচীন কামৰূপৰে থকা সংযোগৰ।
বানৰজাৰে শ্ৰীকৃষ্ণৰ যুদ্ধৰ এই আখ্যান অতি জনপ্ৰিয়।
আজি ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাবে ৰাজ্যৰ সত্ৰ–নামঘৰ সমূহত ভক্তৰ ভিৰ আৰম্ভ হৈছে। ভক্তি ৰসৰ অমিয়া সুৰেৰে জীপাল হৈ পৰিছে উজনি–নামনি। ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে ধৰ্মীয় কাৰ্যসূচীৰ।