প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস । স্পেইনত অনুষ্ঠিত হোৱা এখন সভাৰ সিদ্ধান্তমৰ্মে ১৯৮০ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল বিশ্ব পৰ্যটন দিৱস । এই তাৰিখটো বিশ্ব পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছিল ।
১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে সংস্থাটোৰ বাৰ্ষিক সন্মিলনত ইয়াৰ নাম, লক্ষ্য, উদ্দেশ্য পুণঃমূল্যায়ণ আৰু নিৰ্ধাৰণ কৰা হয়। তেতিয়াৰ পৰা এই সংস্থাৰ নাম “বিশ্ব পৰ্যটন সংস্থা” হিচাপে সদস্যসকলে ঐকমতেৰে প্ৰতিষ্ঠিত কৰে। ইয়াৰ কাৰ্যকাল ১৯৭৪ চনৰ পৰা আৰম্ভ কৰা হয়। ১৯৮০ চনৰ বাৰ্ষিক অধিৱেশনত, এই সংস্থা গঠনৰ দিন অৰ্থাৎ ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পৰ্যটন দিৱস পালনৰ বিষয়ে ঐকমত প্ৰতিষ্ঠিত হয়।
এইবাৰ পৰ্যটন দিৱসৰ বিষয়বস্তু ‘পৰ্যটন আৰু শান্তি’ । অসমত আছে পৰ্যটনৰ মেটমৰা ভঁৰাল । আনহাতে, সাংস্কৃতিক পৰ্যটন, চাহ পৰ্যটন, প্ৰাকৃতিক পৰ্যটনৰ আকৰ হৈছে কলিয়াবৰ । অৱশ্যে চৰকাৰী পৃষ্ঠপোষকতাতহে ঠন ধৰি উঠিব অসমৰ পৰ্যটন উদ্যোগ ।
বিশ্বৰ পৰ্যটন মানচিত্ৰত অসমৰ এক সুকীয়া মৰ্যাদা আছে । ইয়াৰ মূলতে এশিঙীয়া গঁড়ৰ লগতে প্ৰাকৃতিক আৰু ঐতিহাসিক সমলসমূহ । প্ৰাকৃতিক বুলি কওঁতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভ্যয়াৰণ্যকেইখনকে বিশেষ গুৰুত্ব দি অহা হৈছে ।
পৰ্যটন হৈছে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খণ্ড যি অৰ্থনৈতিক বিকাশত সহায় কৰে । বৃহৎ সংখ্যক নিযুক্তিৰ সৃষ্টি কৰে আৰু লাখ লাখ লোকক জীৱিকা প্ৰদান কৰে ।এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্ট’নিঅ’ গুটেৰেছে তেওঁৰ এক বাৰ্তাত কয়, “পৰ্যটনে মানুহক একত্ৰিত কৰে । এই বিশ্ব পৰ্যটন দিৱসত আমি পৰ্যটন আৰু শান্তিৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে চিন্তা কৰিছো । বহনক্ষম পৰ্যটনে সম্প্ৰদায় সলনি কৰি নতুন নিযুক্তি সৃষ্টি কৰিব পাৰে, অন্তৰ্ভুক্তি বৃদ্ধি কৰিব পাৰে আৰু স্থানীয় অৰ্থনীতি শক্তিশালী কৰিব পাৰে । সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যক মূল্য দি আৰু সংৰক্ষণ কৰি, ই দুঃচিন্তা আঁতৰাই শান্তিপূৰ্ণ সহাবস্থান কৰাত সহায় কৰিব পাৰে ।”
গুটেৰেছে কয়, “প্ৰতিজন ভ্ৰমণকাৰী এজন ৰাষ্ট্ৰদূত হ’ব পাৰে, স্থানীয় জনসাধাৰণৰ সৈতে সন্মানসহকাৰে জড়িত হ’ব পাৰে, আমাৰ বৈচিত্ৰ্য আৰু অংশীদাৰী মানৱতাক স্বীকৃতি দিব পাৰো আৰু মূল্যবোধে আমাক সকলোকে একত্ৰিত কৰিব পাৰে ।”