জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
জাকেৰি নাহিকে উপাম ৷
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ৷৷
আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি। গুৰুবন্দনা, নাম-কীৰ্তন তথা হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব অসমৰ আকাশ-বতাহ। আজি ৰাজ্যৰ সত্ৰ-নামঘৰত পালন কৰা হ’ব মহাপুৰুষজনাৰ তিৰোভাৱ তিথি।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দীক্ষাৰে অনুপ্ৰাণিত হৈ নৱবৈষ্ণৱ ধাৰাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। নামঘোষা, ভক্তি ৰত্নাৱলী, বৰগীতৰ দৰে অম্লান সৃষ্টিৰাজিৰে তেৰাই সমৃদ্ধ কৰি থৈ গৈছে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ভঁৰাল। গুৰুজনাৰ মহান আদৰ্শ আৰু ভক্তি দৰ্শনে অসমীয়া জাতিক যুগে যুগে উদ্বুদ্ধ কৰি যাব।
ইতিমধ্যে কমলাবাৰী, বৰপেটা আদি সত্ৰসমূহত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে। তাৰোপৰি বৰপেটা সত্ৰত ১০ দিনীয়াকৈ পালন কৰা হ’ব মাধৱদেৱৰ কীৰ্তন মহোৎসৱ।