১৬২২ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা লাচিত বৰফুকন অসমৰ হিয়াৰ আমঠু, স্বাভিমান, স্বদেশ প্ৰেমৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন। লাচিতে কৰ্মনিষ্ঠতা আৰু প্ৰশাসনিক দক্ষতাৰ গুণ লাভ কৰিছিল পিতৃ মোমাই তামুলী বৰবৰুৱাৰ পৰা । গড়গাঁওৰ সমীপৰ শুকতি আলি নামে ঠাইত জন্মগ্ৰহণ কৰা লাচিতে সৰুকালৰে পৰা দায়িত্ববোধৰ পৰিচয় দিছিল । যৌৱনত ভৰি দিয়াৰ লগে লগে তেওঁ দেশৰ প্ৰশাসনিক কামত নিয়োজিত হয়। প্ৰথম অৱস্থাত লাচিতে ঘোৰা বৰুৱা ৰূপে নিয়োজিত হৈ সুখ্যাতি লাভ কৰে। ঘোৰা বৰুৱা হৈ থকাৰ সময়ত লাচিতে বহু উদণ্ড ঘোৰা ৰজাৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল । তেওঁৰ এই কাৰ্য্যৰ বাবে ৰজা জয়ধ্বজ্জ সিংহই প্ৰশংসা কৰিছিল । পৰবৰ্তী সময়ত তেওঁক পদোন্নতি কৰি শিমলুগুৰীয়া ফুকন পতা হৈছিল । এই পদবীত থকা সময়চোৱাত দক্ষতা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
১৬৬২ খ্ৰীষ্টাব্দাত অসমৰ ৰাজনীতি সলনি হবলৈ ধৰে । ইয়াৰ কাৰণ আছিল মোগল সেনাপতি মিৰজুমলাৰ অসম আক্ৰমণ । মোগল সম্ৰাট ঔৰংজেৱে অসম বিজয়ৰ সপোন পুৰন কৰিবলৈ মিৰজুমলাক এই অভিযানৰ দায়িত্ব দিয়ে। উত্তৰ ভাৰতৰ হিন্দু ৰজাসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰি হত্যা, হিংসাৰে সন্ত্ৰাস চলোৱা মিৰজুমলাৰ অসম অভিযান কালত লাচিতে বীৰত্বৰে যুজিছিল । শত্ৰুপক্ষক পৰাভুত কৰিব নোৱাৰিলেও আত্মসমৰ্পণ কৰা নাছিল । অৱশেষত মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাও দখল কৰিছিল । ৰজা জয়ধ্বজ সিংহ নামৰূপলৈ ৰাজধানী এৰি গুচি গৈছিল ।
গড়গাও দখল কৰি মুছলমান সৈন্যই ধ্বংসযজ্ঞ আৰম্ভ কৰিবলৈ ধৰে । পৰাজয়ৰ প্ৰতিশোধ লবলৈ লাচিত আৰু তেওঁৰ দৰে দেশপ্ৰেমিক বোৰে মোগলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । তেওঁলোকে মোগল সৈন্যৰ ওপৰত সঘনাই গেৰিলা পদ্ধতিৰে আক্ৰমণ কৰি নিধন কৰিবলৈ ধৰে । বাৰিষাকালত হোৱা গ্ৰহনি আদি নানান ৰোগত আক্ৰান্ত হৈয়ো বহু মোগল আক্ৰমণকাৰীৰ প্ৰাণ নাশ হৈছিল । এনেদৰে মিৰজুমলাৰ লগতে তেওঁৰ বিষয়াসকলৰ মনোবল ভাঙি গৈছিল।
এনে পৰিপ্ৰেক্ষিতত মিৰজুমলাই ১৬৬৩ চনৰ ২২ জানুৱাৰীত ঘিলাজাৰীঘাটৰ সন্ধি কৰি উজনি অসম এৰি যাবলৈ মান্তি হয় । অৱশ্যে এই সন্ধিৰ চৰ্ত অনুসৰি বহু ধন জনৰ লগতে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৫ বছৰীয়া জীয়ৰী নাংচেং গাভৰু উৰফে ৰমনী গাভৰুক ঔৰংজেৱৰ পুত্ৰ আজমতাৰৰ হাৰেমলৈ বুলি লৈ যায় । এই ঘটনাই আহোমৰ গৌৰৱত চৰম আঘাত কৰিছিল । দুখ আৰু পৰাজয়ৰ গ্লানিত ভুগি জয়ধ্বজ সিংহই কিছুদিনৰ পিছতে ইহলীলা সম্বৰণ কৰে । ইয়াৰ পিছত অসমৰ অন্যতম প্ৰতাপী ৰজা চক্ৰধ্বজ সিংহ আহোমৰ ৰাজপাটত বহে আৰু মীৰজুমলাই কৰি থৈ যোৱা অপমানৰ পোতক তুলিবলৈ তথা গুৱাহাটীত বাহৰ পাতি থকা মোগল বাহিনিক অসমৰ পৰা খেদি পঠিয়াবলৈ সংকল্প লয় । এই কামৰ বাবে তেওঁ চুবুৰীয়া ৰাজ্যসমূহৰ লগতে মহান মাৰাঠা বীৰ চট্টপতি শিৱাজী মহাৰাজৰ সৈতে পত্ৰৰ জৰিয়তে সম্পৰ্ক স্থাপন কৰাৰ লগতে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰেৰণা লাভ কৰে । এই কামৰ বাবে চক্ৰধ্বজ সিংহই এজন যোগ্য সেনাপতিৰ প্ৰয়োজন অনুভৱ কৰে । সেইসময়ত দোলাকাষৰীয়া বৰুৱা হিচাপে কৰ্মৰত লাচিতৰ ওপৰত ৰজাৰ চকু পৰে । অতি নিষ্ঠাৰে সকলো সময়তে দেশৰ ভালৰ কথা চিন্তা কৰা তথা মিৰজুমলাৰ আক্ৰমণৰ সময়ত বিক্ৰমেৰে যুজ কৰি শত্ৰু নিধন কৰা লাচিতক আহোমৰ প্ৰধান সেনাপতি ৰূপে নিয়োগ কৰে ।
১৬৬৭ চনত লাচিতে বৰফুকন পদবী পোৱাৰ পাছতে যুদ্ধৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি গুৱাহাটী অভিমুখে অভিযান আৰম্ভ কৰে । গড়গাঁওত স্বৰ্গদেউক সেৱা জনাই কেইবা হাজাৰ নৌ-বাহিনী আৰু পদাতিক সৈন্যৰে সু-সজ্জিত আহোম বাহিনী গুৱাহাটী অভিমুখে যাত্ৰা কৰে । বাটত গোভাৰ তিৱা ৰজাই কাজলী মুখত কেইবা হাজাৰ সৈন্য লাচিতৰ নেতৃত্বত যুজিবলৈ আগবঢ়ায় দিয়ে। একেদৰে ৰানি, লুকি, ডিমৰিয়া, জয়ন্তীয়া, নগা, ডিমাচা, বড়ো, কোঁচ, আদি বহু কৰতলীয়া ৰজাই লাচিতৰ লগত যোগ দিয়ে । লাচিত বৰফুকনৰ সবল ব্যক্তিত্বই ভিন্নভাষী লোকসকলক প্ৰকৃতাৰ্থত এক পৰাক্ৰমি অসমীয়া সেনালৈ ৰূপান্তৰিত কৰে । তেওঁলোকে ১৬৬৭ চনৰ শেষৰফালে ভিষন যুদ্ধৰ পাছত গুৱাহাটী দখল কৰিবলৈ সক্ষম হয় আৰু মোগল বাহিনীক মানাহ নৈ পাৰ কৰি খেদি পঠিয়ায়। এই বিজয়ে অসমক বিদেশী মুক্ত কৰাৰ লগতে ইয়াৰ হেৰুৱা গৌৰৱ পুনৰুদ্ধাৰ কৰে ।
মোগলৰ পৰাজয় আৰু লাচিতৰ পৰাক্ৰমে প্ৰবল প্ৰতাপী মোগল সম্ৰাট ঔৰংজেৱৰ নিদ্ৰা হৰন কৰে । লগে লগে ইয়াৰ পোতক তুলিবলৈ মোগলৰ কৰতলীয়া আম্বেৰৰ ৰজা ৰামসিংহ, বঙ্গৰ নবাব চিয়াষ্টা খানৰ লগতে সেনাপতি মোনাব্বৰ খান আৰু ৰাছিদ খানক বিশাল সৈন্য সামন্ত দি অসম অভিমুখে ৰাওনা হ’বলৈ আদেশ দিয়ে । লাচিতে এই কথা চোৰাংচোৱাৰ জৰিয়তে উমান লৈ শত্ৰুক ৰোধৰ বাবে পৰিকল্পনা কৰে ।
গুৱাহাটীৰ ভৌগোলিক অৱস্থানৰ সম্পুৰ্ণ ব্যৱহাৰ কৰিবলৈ আশেপাশে থকা পাহাৰ সমুহত সামৰিক বেষ্টনী গঢ়ি তুলে । একেদৰে লুইতৰ দুয়োপাৰে নৌ বাহিনীক সষ্টম কৰি ৰাখে । সময় বাগৰিবলৈ আৰম্ভ কৰে । দুবছৰ পাৰ হৈ যোৱাৰ পাছতো লাচিতে শত্ৰুৰ ওপৰত সন্মুখৰ পৰা আক্ৰমণ নকৰা বাবে ৰজা চক্ৰধ্বজ সিংহ সন্দিহান হৈ পৰে । তেওঁৰ ব্যাকুলতাক অধিক ঘনিভুত কৰে লাচিতৰ বিৰোধী কিছু আহোম বিষয়াই প্ৰেৰণ ভুৱা তথ্য সমূহে । ফলস্বৰূপে চক্ৰধ্বজে লাচিতক ধমক দিয়ে আৰু মোগলৰ ওপৰত জপিয়াই পৰিবলৈ আদেশ জাৰি কৰে । উপায় বিহিন হৈ লাচিতে নিশ্চিত পৰাজয়ৰ কথা জানিও ১৬৬৯ চনত কেইবা হাজাৰ সৈন্যক আলাবৈত বাহৰ পাতি থকা মোগল বাহিনীৰ ওপৰত আক্ৰমণ কৰিবলৈ আদেশ দিয়ে । মুকলি পথাৰত হোৱা এই যুদ্ধত প্ৰথম অৱস্থাত অসমীয়া সৈন্যই অগ্ৰগতি লাভ কৰিছিল যদিও অৰণ্যৰ মাজত খাপ পিতি ৰৈ থকা মোগল অশ্বাৰোহী বাহিনীয়ে অতৰ্কিতে আক্ৰমণ কৰাত ১০ হাজাৰ অসমীয়া সৈন্য নিহত হয় । আলাবৈ ৰনৰ বিপজ্জয়ে লাচিতৰ মনোবল ভাঙি পেলায় । ৰজাৰ আদেশ মানিবলৈ গৈ বীৰ যোদ্ধাসকলৰ মৃত্যু মাতি অনাৰ বাবে তেওঁ দুখত ম্য়মান হৈ পৰে । এনেতে লাচিতৰ মনোবল বৃদ্ধি কৰে সেইসময়ৰ অসমৰ সুযোগ্য মন্ত্ৰী আতন বু ঢ়াগোহাঞিয়ে । তেওঁৰ প্ৰেৰণা আৰু বুজনিত লাহে লাহে লাচিতে আত্মবল ঘোৰাই পাবলৈ সক্ষম হয় আৰু পূৰ্ণউদ্যমেৰে আলাবৈ ৰনৰ পোতক তুলিবলৈ প্ৰস্তুতি আৰম্ভ কৰে ।
অৱশেষত উত্তম ৰণকৌশল আৰু সামৰিক অনুশাসনৰ ফলত ১৬৭১ চনৰ মাৰ্চ মাহত শৰাইঘাটত সংঘটিত হোৱা নৌ যুদ্ধত মোগল বাহিনীক সম্পুৰ্ণৰূপে পৰাভুত কৰে । এই ৰনত হাজাৰ হাজাৰ মোগল সৈন্য নিধন হোৱাৰ উপৰিও বিস্তৰ ক্ষয় ক্ষতি হয় ।শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত ভীষণ নৰিয়াত ভুগি আছিল যদিও অসমীয়া সৈন্যৰ মনোবল বৃদ্ধি কৰিবলৈ নিজে নাওঁত উঠি যুজিবলৈ যায় । এই যুদ্ধ সেইসময়ৰ বিশ্বৰ এক অন্যতম মহান নৌ-যুদ্ধ ৰূপে পৰিগণিত হয় । শৰাইঘাটৰ যুদ্ধত যদি লাচিত নাথাকিলে হয় তেতিয়া হয়টো মোগলে অসম অধিকাৰ কৰাই নহয় সমগ্ৰ দক্ষিণ পূব এচিয়া লৈকে সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হʼলহেতেন । সেয়েহে এই জয় ভাৰতীয় সভ্যতাৰ জয়, মোগল সাম্ৰাজ্যবাদৰ ইতি পেলোৱাৰ জয় তথা দক্ষিণ পূব এছিয়াৰ দেশসমূহক মোগল সন্ত্ৰাসবাদৰ পৰা ৰক্ষা কৰাৰ জয় বুলিব পাৰি । দীঘলীয়া সময় জুৰি যুদ্ধ ক্ষেত্ৰত ব্যস্ত হৈ থকাৰ বাবে লাচিতৰ স্বাস্থ্যৰ অধিক অৱনতি হ’বলৈ ধৰে । অৱশেষত স্বদেশ আৰু স্বধৰ্মৰ বাবে যুজি ভগৰি নপৰা মহাবিৰ লাচিত বৰফুকনৰ ১৬৭২ চনত গুৱাহাটী ত মহাপ্ৰয়াণ ঘটে ।তেওঁৰ নশ্বৰ দেহ ৰাজকীয় বিধিৰে যোৰহাট জিলাৰ হোলোঙাপাৰত সমাধিস্থ কৰা হয় । লাচিত আৰু তেওঁৰ সৈন্যৰ পৰাক্ৰমক পৰাজিত মোগল সেনাপতি ৰামসিংহই ভুইসি প্ৰশ্্খা কৰি থৈ যায় । মহবিৰ লাচিতৰ দেশপ্ৰেম আৰু ত্যাগ কেৱল অসমৰ বাবে নহয় সমগ্ৰ ভাৰতৰ বাবে সদায় অনুপ্ৰেৰণা হৈ ৰব