প্ৰতিবছৰে ২০ জুনৰ দিনটো অসমবাসীয়ে বিষ্ণু প্রসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। বিষ্ণুপ্রসাদ ৰাভাৰ প্ৰতি সন্মান জনাই এই দিনটোত ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োই থৈ যোৱা এইগৰাকী মহান ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্রদর্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল ।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্রবন্ধ পুথি ৰচনা কৰিছিল। তেখেতে লিখা কালজয়ী গীতসমূহ প্ৰতিজন অসমীয়াৰ বুকুত শিপাই আছে।
অসমৰ সাংস্কৃতিক তথা সমাজ জীৱনলৈ প্রভূত অৱদান আগবঢ়োৱা কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাদেৱ এগৰাকী চিৰনমস্য ব্যক্তিসত্তা। তেখেতৰ সৃষ্টিৰ আভাৰে মহীয়ান প্রতিগৰাকী অসমীয়া। আজি এইগৰাকী মহান মনীষীৰ মৃত্যু দিৱসত কলাগুৰুক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো। অসমক বিশ্বৰ বুকুত উজলাই তুলিবলৈ ৰাভাদেউৰ ছন্দত ছন্দ মিলাই আমি সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব। ৰাভাদেউৰ আভা আমাৰ বাবে প্ৰেৰণাৰ উৎস।