অসমৰ ভূমি ব্যৱস্থা পৰিচালিত আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট-১৮৮৬ত গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ সময়ত চেপ্টাৰ ১০ আহিছিল আৰু তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল৷কেবিনেটে আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেচন আইন-১৮৮৬ত নতুনকৈ অধ্যায় ১২ৰ সংযোজন ঘটায়।
ইয়াত ৰাজ্যৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যক সামৰি লোৱা হৈছে । আইকনিক গাঁথনিৰ ভেটিত ‘হেৰিটেজ ব্লক’ নিৰ্মাণ কৰি সংৰক্ষণ কৰা হ’ব । আঢ়ৈশ বছৰ পুৰণি ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক হেৰিটেজ ব্লক হিচাপে ঘোষণা কৰা হ’ব । এই ব্লকৰ ৫ কিলোমিটাৰ পৰ্যন্ত এলেকা সংৰক্ষিত কৰা হ’ব । এই সংৰক্ষিত এলেকাৰ মাটি ক্ৰয়-বিক্ৰয় সেই স্থানত তিনিটা প্ৰজন্ম বাস কৰা লোকহে কৰিব পাৰিব । বৰ্তমান বৰপেটা সত্র, বটদ্ৰৱা সূত্র আৰু মাজুলীকলৈ আৰম্ভ কৰা হৈছে । আবেদনৰ ভিত্তিত আঢ়ৈশ বছৰ পুৰণি ঐতিহ্যসমূহ সংৰক্ষিত কৰা হ’ব । এই এলেকাত ৫ কিলোমিটাৰ পৰ্যন্ত তিনিটা প্ৰজন্ম বাস কৰা মানুহেহে মাটি কিনা-বেচা কৰিব পাৰিব । মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনতেই এই ব্যৱস্থা প্ৰযোজ্য হ’ব । তিনিটা প্ৰজন্ম বাস নকৰা লোকে মাজুলীত মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব ।