
আৰম্ভ হৈছে পবিত্ৰ শাওণ মাহৰ।
অসমীয়া সমাজত হাল ধৰাৰ সময়। শাওণ মাহত খেতিৰ ভৰ-পক। পথাৰখন শ্যামলী হোৱাৰ সময়তে এই
শাওণ মাহ যথেষ্ট পবিত্ৰ। হিন্দু ধৰ্মত ভগৱান শিৱক পূজা তথা উপবাসৰ বাবে শাওন মাহটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়।এইবেলি শাওন মাহ ২২ জুলাইত আৰম্ভ হৈ ১৯ আগষ্টত শেষ হ’ব৷
এই মাহত শিৱৰ ভক্তগণে গোটেই মাহ শিৱক আৰাধনা কৰাৰ লগতে প্ৰতি সোমবাৰে পালন কৰে ব্ৰত। শাওণত শিৱ মন্দিৰ, দৌল-দেৱালয়ত দেখা যায় অগণন ভক্তৰ ভিৰ। আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে ভক্তগণে শিৱক তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে।
শিৱ পূজা: এই মাহত ভগৱান শিৱৰ বিশেষ উপাসনা কৰা হয়। ভক্তসকলে শিৱলিংগক পানী, গাখীৰ, বেলপাত, ধতুৰা ফুল আৰু ভাং আগবঢ়ায়।
উপবাস: শাওন মাহৰ সোমবাৰে উপবাস ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। বহু লোকে মহাদেৱৰ আৰ্শীবাদ লাভ কৰিবলৈ এই মাহৰ প্ৰতি সোমবাৰে উপবাস ৰাখে।
শাওন মাহৰ ব্ৰতৰ নিয়ম
উপবাস ৰখাসকলে দেহ-মনৰ বিশুদ্ধতা অনুসৰণ কৰাটো খুবেই প্ৰয়োজন। সদায় গা ধুই আৰু পৰিস্কাৰ কাপোৰ পিন্ধিহে দিনটো আৰম্ভ কৰিব।
ৰাতিপুৱা আৰু সন্ধিয়া শিৱলিংগৰ উপাসনা কৰিব। শিৱলিংগত পানী, গাখীৰ, বেলপাত, চন্দন আৰু ফুল আগবঢ়াব।
এই মাহত ব্ৰত ৰাখিলে ফল বা গাখীৰ খাব পাৰি। শস্য আৰু নিমখ ভুলতো নাখাব।
‘ওম নমাহ শিৱায়া’ মন্ত্ৰ জপ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰিলে ভগৱান শিৱই মানসিক শান্তি আৰু আশীৰ্বাদ দিব।
এই মাহত দাতব্য কাম কৰাৰ বিশেষ গুৰুত্ব আছে। দৰিদ্ৰ লোকসকলক দান কৰিব।
উল্লেখ্য যে, হিন্দু ধৰ্মালম্বীসকলে অতি পবিত্ৰ বুলি গণ্য কৰা এই মাহত কৰা পূজা, উপবাস আৰু ধৰ্মীয় কামবোৰৰ বিশেষ গুৰুত্ব আছে। এই মাহত বিশুদ্ধ মনৰে তথা নিয়ম-নীতিৰে মহাদেৱৰ সাধনা কৰিলে ভক্তই জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰে।